চুটিগল্প
কুশলে আছা নে তুমি
মুন শৰ্মা, লখিমপুৰ
কিছু পৰৰ আগতে এজাক বৰষুণে চহৰখন ধুই থৈ গৈছে। ৰাস্তাবোৰ তিতা। খলা-বমাত পানী জমা হৈ আছে।
সেই বৰষুণৰ বাবেই শৰ্মাৰ দোকানৰ বাৰাণ্ডাত কিছুপৰ ৰৈ আছিল অফিচাৰ ৰঞ্জন হাজৰিকা। বৰষুণজাক এৰিলত লাহে লাহে আগলৈ খোজ লৈছিল সি, তিতা ৰাস্তাত অলপ সাৱধানেৰে।
তেনেতে হঠাৎ কাণত পৰিল –
“ঐ ৰঞ্জন, ভালে আছা নে?”
শব্দকেইটাত সি থমকি ৰৈ গ’ল। মাতটো চিনাকি চিনাকি লাগিল। এই চহৰত তাক নামেৰে মতা মানুহ নাই। চাকৰি সূত্ৰে বদলি হৈ আহিছে, অফিচৰ মানুহখিনিৰ বাহিৰে ইয়াত তাৰ কোনো চিনাকি নাই। কলেজত পঢ়ি থাকোঁতে দুই-এবাৰ আহিছিল, তাৰ বাহিৰে এই চহৰৰ লগত তাৰ কোনো সম্পৰ্ক নাছিল।
সেয়ে ব্যস্ত চহৰৰ ব্যস্ত মানুহৰ মাজত নিজৰ নামটো শুনি সি আচৰিত হ’ল। শব্দ অহাৰ ফালে ঘূৰি চালে।
ঘূৰি চাই সি অবাক। সাত বছৰৰ পাছত। সম্পূৰ্ণ সাত বছৰৰ পাছত দেখা-দেখি।
সপোন যেন লাগিল তাৰ। দিবাস্বপ্ন। সন্মুখত থিয় হৈ আছে সেইজনী নাৰী, যি এটা সময়ত আছিল তাৰ হৃদয়ৰ ৰাণী। যাৰ লগত সি হাজাৰ সপোন দেখিছিল, আজীৱন একেলগে থকাৰ। পিছে বিধিৰ বিপাকত সকলো শেষ হৈ গৈছিল। আধৰুৱা হৈ ৰৈ গৈছিল সিহঁত, দুখন বেলেগ দুনিয়াত পাহৰি পেলাইছিল ইজনে সিজনক। কিন্তু কপালৰ লিখন কোনে মুচিব? লগ হ’ব লগা আছিল, হ’ল।
ৰঞ্জনে ক’লে – “অ’ হয়, আছোঁ। তোমাৰ ভাল নে? তুমি নিধি নহয় জানো?”
“হয়, ধৰিব পাৰিছা।”
“হয়, পাৰিছোঁ। ক’ত যোৱা, ইয়াত যে?”
“মই ইয়ালৈ বিয়া হৈ আহিছোঁ।”
“অ’, হয় নেকি? তুমি ক’ত যোৱা এতিয়া?”
“বজাৰ কৰিবলৈ আহিছিলোঁ, পূজা পালেহি যে।”
“ঘৰটো কোনখিনিত তোমাৰ? আৰু তোমাৰ লগত কোন আহিছে, অকলে নেকি?”
নিধিয়ে হাঁহি ক’লে, “ঘৰৰ ঠিকনা কিয় লাগে? আমাৰ ঘৰলৈ যাবৰ ইচ্ছা আছে নেকি? মই অকলে আহিছোঁ, মানুহজন অফিচ গ’ল, ঘৰৰ সকলো চোৱা-চিতা মই নিজেই কৰিব লাগে।”
“নাই, এনেই সুধিলোঁ।”
ঠিয় হৈ হৈ বহুত কথা হ’ল। ভিৰৰ মাজত।
তাতে নিধিয়ে ক’লে, “শুনিছা ৰঞ্জন, তুমি আগৰ সেই ৰঞ্জন হৈয়েই আছা দেখোন, একো পৰিৱৰ্তন নাই।”
ৰঞ্জনে ক’লে, “হয় নে? মোৰ পৰিৱৰ্তন তুমি কোনোদিন দেখিব নোৱাৰা, দেখাৰ আশাও নকৰিবা, কৰিলে বিপদ তোমাৰে হ’ব।”
“মানে? কি বিপদ?”
“হা হা, ধেমালি কৰিছোঁ। তোমাৰ দেৰি হ’ব নেকি?”
“নাই, কোৱা, তোমাৰ দেৰি হৈছে নেকি?”
“নাই, মোৰ কোনো দেৰি নাই।”
“তেন্তে মোক কিয় সুধিলা?”
“ইয়াত ভিৰ বেছি, সৌ কেফেখনলৈ যাওঁ ব’লা, তাতে অলপ বহিম।”
“অ’, সেইটো কথা, ব’লা।”
“Okay, Thank you. ব’লা তেন্তে।”
সিহঁত গুচি গ’ল কেফেখনলৈ। মুখামুখিকৈ বহিল।
“ৱেটাৰ, দুকাপ কফি দিয়া প্লিজ।”
“Okay চাৰ, just two mint, আহি আছোঁ।”
“নিধি, ঘৰৰ খবৰ কোৱা, বহুত দিনৰ মূৰত লগ পালোঁ, বহুত কথা সুধিব আছে। সকলো সুধিহে আজি যাবলৈ দিম।”
“ইছ ৰাম! মানুহজনে কলিজা খাব! বাৰু যি ক’ব লাগে কম, মাত্ৰ সোনকাল কৰিবা, মোৰ বজাৰ কৰিব আছে, ল’ৰাটো স্কুলৰ পৰা অহাৰ আগত ঘৰলৈ যাব লাগিব।”
“ঠিক আছে, সোনকালে কোৱা, ঘৰৰ মা-দেউতাৰ খবৰ কেনে? ভন্টি-ভাইটিৰ?”
“সকলোৰে ভাল। তোমালোকৰ?”
“আমাৰো ভাল।”
“আৰু তোমাৰ?”
এইখিনিতে ৰৈ গ’ল ৰঞ্জন। ইমান পৰে ফৰফৰাই থকা ৰঞ্জন হাজৰিকা নিজৰ খবৰ দিবলৈ গৈ ৰৈ গ’ল।
কি ক’ব তাইক? কিমান বিষাদ, কিমান বেদনা লৈ মৰি মৰি জীয়াই আছে সি, তাইক ক’ব পাৰিবনে? বেয়া খবৰবোৰক ভাল বুলি মিছা প্ৰলেপ সানি তাইক ভাল লগাব পাৰিবনে?
সন্মুখত বহি আছে প্ৰেমৰ নামত প্ৰতাৰণা কৰা নাৰীজনী, যি নিষ্ঠুৰভাৱে তাৰ কলিজাখন ভাঙি থৈ গৈছিল। যি নাৰীৰ বাবে ৰঞ্জনৰ চিন্তাৰ হিচাপ খেলি-মেলি হৈ গৈছিল। তাইক কেনেকৈ ক’ব “মই ভালে আছোঁ” বুলি? নিলাজ হৈ ভাল বুলি ক’বলৈ সাহস নহ’ল তাৰ।
তেতিয়ালৈ কফিখিনিও প্ৰায় শেষ হৈছিল।
নিধিয়ে ক’লে, “অ’ হেল্ল, কি হ’ল, ৰৈ গ’লা যে? তোমাৰ খবৰ কি?”
সি ভাবিলে – ইমানখিনি হৈ যোৱাৰ পাছতো তাই সুধিছে – কি খবৰ তোমাৰ?
“আৰে বাবা, কোৱা আকৌ, মোৰ দেৰি হৈছে।”
“অ’, হয় নেকি? তেন্তে বাদ দিয়া। তুমি যোৱা, তোমাৰ দেৰি হ’ব। আকৌ কেতিয়াবা সময় মিলিলে লগ হ’ম, সেইদিনা ভালকৈ কথা পাতিম।”
সি ভাবিলে, এইজনীয়েই তাৰ ৰাণী আছিল! যত নাই আদৰ, নাই মৰম, নাই ভালপোৱা, সকলো আছিল চলনা। তাৰ জীৱনৰ এছোৱা সময় নষ্ট কৰা থাৰ্ড ক্লাছ প্ৰেমৰ নায়িকা।
সি তাইক কেফেখনলৈ মাতি আনিছিল, ইমান দিনে মনত ঘূৰি ফুৰা কথাবোৰ ক’ম বুলি, যিবোৰ বিচ্ছেদৰ পাছত কোনোদিন ক’ব পৰা নাছিল। আজি সুযোগ পাইছিল, কিন্তু ইচ্ছা নকৰিলে। যত দৰকাৰ নাই, তাত কথা কৈ কি লাভ?
তাই উঠি গ’ল। আৱেগবোৰে হেঁচা মাৰি ধৰিছিল ৰঞ্জনক, কিন্তু নিজকে কন্ট্ৰ’ল কৰি সি মাতিলে, “নিধি, ৰ’বা…”
“উম, কোৱা?”
“কুশলে আছা নে তুমি?”
“আছোঁ দিয়া, ঈশ্বৰৰ কৃপাত।”
“Okay, কুশলে থাকিবা সদায়, কামনা কৰিলোঁ।”
“Okay, Thank you ৰঞ্জন। তুমিও কুশলে থাকিবা দেই।”
সি হাঁহিলে। হাঁহিৰ আঁৰত সি ভাবিলে – চিৰদিনলৈ বেদনাৰ শিকলিৰে বান্ধি কুশলে থাকিবলৈ ক’বলৈ তোৰ লাজ লগা নাই, মিছ নিধি চৌধুৰী?
কিছু পৰৰ পাছতে ব্যস্ত মানুহৰ মাজত নিধি হেৰাই গ’ল। কেফেখনতে বহি থাকিল ৰঞ্জন বহু সময়। ভাবিলে – টকাৰ বাহাদুৰি চলা আজিৰ একাংশ নাৰীয়ে সঁচা ভালপোৱা, নিভাঁজ মৰম বুজি নাপায়। সিহঁতক লাগে টকা, যাৰ দ্বাৰা বিচাৰে বিলাসী জীৱন।
তাই যোৱাৰ পাছতে তাৰ মূৰত এটা কথাই ঘূৰি আছিল, যিটো নিধিয়ে কথাৰ মাজতে কৈছিল – “ভাবি নাচালো কথাবোৰ, তুমি দেখোন আজি বহুত সুখী যেন লাগিছে, টকা, ঘৰ, গাড়ী… তেতিয়াই যদি ভাবিলোঁহেঁতেন! আজি মোৰ সময়বোৰ বৰ বেয়া, ভাবিলোঁ কিবা হ’ব, মদৰ ব্যৱসায়ৰ মানুহজনৰ পৰা ভবা মতে একো নহ’ল পায়।”
সি ভাবিলে – কি যে নিলাজ! কিমান নিলাজ হ’লে এজনী নাৰীয়ে এনেকৈ হাঁহি হাঁহি ক’ব পাৰে!
