এপ্রিলত মুকলি হ’ব বিশ্বনাথ মেডিকেল কলেজঃ স্বাস্থ্যমন্ত্ৰী

এপ্রিলত মুকলি হ’ব বিশ্বনাথ মেডিকেল কলেজঃ স্বাস্থ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৭ চনৰ এপ্ৰিল মাহত ৰাইজৰ বাবে মুকলি কৰা হ’ব নতুনকৈ নিৰ্মাণ কৰা বিশ্বনাথ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল।স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে নির্মীয়মাণ বিশ্বনাথ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখন  পৰিদৰ্শন কৰি এই কথা ঘোষণা কৰে। প্রতিষ্ঠানখনৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনৰ সামগ্রিক পৰিচালনা ব্যৱস্থাৰো পৰ্যালোচনা কৰে। এয়া হ’ব অসম চৰকাৰৰ অধীনত নিৰ্মাণ হোৱা ৰাজ্যৰ ১৬ সংখ্যক চিকিৎসা মহাবিদ্যালয়।

উল্লেখ্য যে চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য ইতিমধ্যে প্রায় ৯৯ শতাংশ সম্পূর্ণ হৈছে। নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰি সাংবাদিকৰ আগত মন্ত্রী সিংহলে কয়, বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়খন এখন অতি সুন্দৰ প্ৰকল্প হ’ব। ইয়াৰ নিৰ্মাণকাৰ্য প্রায় সম্পূৰ্ণ হোৱাৰ পথত। অহা এপ্ৰিলত ৰাইজৰ সেৱাৰ বাবে ইয়াক মুকলি কৰিবলৈ আমি লক্ষ্য লৈছোঁ। আজি মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগ পৰিদৰ্শন কৰি সন্তুষ্টি প্রকাশ কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীৰ এইপৰিদৰ্শনৰ সময়ত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক পল্লৱলোচন দাস, বিশ্বনাথৰ জিলা আযুক্ত কৰৱী শইকীয়া কৰণ, অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) অমৃত প্রভা দাস, গহপুৰ সম-জিলা আযুক্ত ৰামানুজ হাজৰিকা, অতিৰিক্ত জিলা আযুক্ত অসীম বৰগোহাঁই, চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ হিৰণ্য বৰা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ যোগেন চন্দ্র বে’ উপস্থিত থাকে।