বন বিভাগৰ কৰ্মচাৰীৰ বাবে অনলাইন বদলি প’র্টেল মুকলি মুমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- লোকসেৱা ভৱনৰ সংবাদ সন্মিলন কক্ষত আয়োজিত এক অনুষ্ঠানত অসম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ কৰ্মচাৰীসকলৰ বাবে প্রস্তুত কৰা এটা অনলাইন বদলি প’র্টেল আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। উল্লেখ্য যে কৰ্মচাৰীৰ বদলি প্রক্রিয়াক স্বচ্ছ ন্যায়সংগত আৰু সুশৃংখল কৰি তোলাৰ উদ্দেশ্যে প’ৰ্টেলটো প্ৰস্তুত কৰা হৈছে। এই প’ৰ্টেলটোৰ জৰিয়তে কৰা হৈছে প্রথম পৰ্যায়ত ডেপুটি ৰেঞ্জাৰ, ফৰেষ্টাৰ গ্রেড-১, ফৰেষ্টাৰ গ্রেড-২, ফৰেষ্ট গার্ড, নির্দিষ্ট বেতনৰ কৰ্মচাৰী আৰু গেম ৱাটচাৰসকলৰ বদলিৰ ব্যৱস্থা। বন বিভাগৰ এই পদসমূহত মুঠ ৪,৫০০ কৰ্মচাৰী আছে যদিও বৰ্তমানৰ কৰ্মস্থলীত তিনিবছৰ সম্পূৰ্ণ হোৱা ২,১৩৭জন কৰ্মচাৰীক বদলিৰ বাবে যোগ্য বিবেচিত হৈছে। প’র্টেলটো মুকলি হোৱাৰ লগে লগে এদিনতে তেওঁলোকৰ বদলিৰ নিৰ্দেশ জাৰি হয়। প’ৰ্টেল মুকলি উপলক্ষে লোকসেৱা ভৱনৰ সংবাদ সম্মিলন কক্ষত আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ৰাজ্য চৰকাৰে নিযুক্তিৰ পিছত বদলিৰ ক্ষেত্ৰত স্বচ্ছতা অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। বিগত দুটা বছৰত ‘স্বাগত সতীর্থ’ প’ৰ্টেলৰ জৰিয়তে বদলি কৰা হৈছে পাৰস্পৰিক বদলি বিচৰা কেইবাহাজাৰ কৰ্মচাৰীক। বন বিভাগে অনলাইন ৰেণ্ডমাইজেচনৰ জৰিয়তে বদলিৰ ব্যৱস্থা কৰিছে। চৰকাৰৰ প্ৰতিটো বিভাগে বদলি প্ৰক্ৰিয়া বছৰৰ এটা নির্দিষ্ট দিনত সম্পন্ন কৰিলে বদলিৰ ক্ষেত্ৰত স্বচ্ছতা বাঢ়িব। লগতে কৰ্মচাৰীসকলৰ কাৰ্যদক্ষতাও বৃদ্ধি পাব। এই প্রসংগত আন বিভাগসমূহকো অনুৰূপ বদলি প্রক্রিয়া গ্রহণ কৰিবলৈ তেওঁ আহ্বান জনায়। অসমৰ বনাঞ্চলত হোৱা বেদখল হ্রাস কৰাত ৰাজ্য চৰকাৰ সফল হোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শৰ্মাই পুনৰ কয় যে ৰাজ্য চৰকাৰে উচ্ছেদ প্রক্রিয়া অব্যাহত ৰাখিছে। শেহতীয়াকৈ বেদখলমুক্ত কৰা হৈছে ৬০০ হেক্টৰতকৈও অধিক বনভূমি। বর্তমানেও বেদখলৰ কবলত থকা বনভূমিৰ এটা তথ্য ভাণ্ডাৰ প্ৰস্তুতৰ তেওঁ পোষকতা কৰে। মুখ্যমন্ত্রী ড° শৰ্মাৰ মতে বেদখলমুক্ত হোৱা বনভূমিত লগে লগে বনানিকৰণ কৰিব লাগে, যাতে অসমত সেউজ আৱৰণ বৃদ্ধি পায়। কাজিৰঙাত গঁড় হত্যা নোহোৱা হৈছে যদিও আন বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰতো বন বিভাগক গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায়। অনুষ্ঠানত পৰিৱেশ-বন-জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ দেৱাশিস শৰ্মা, ভাৰপ্ৰাপ্ত মুখ্য সচিব অজয় তিৱাৰী, পৰিৱেশ-বন-জলবায়ু পৰিৱৰ্তন বিভাগৰ বিশেষ মুখ্য সচিব এমকে যাদৱ প্ৰমুখ্যে বিভাগটোৰ কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে। তদুপৰি ৰাজ্যৰ বিভিন্ন স্থানত কৰ্মৰত বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলে আভাষীয়ভাৱে কাৰ্যসূচীত ভাগ লয়।
