তিব্বতত প্রবল ভূঁইকঁপত ১৮ জনকৈ লোকৰ মৃত্যু

Pc kathmandupost.com

তিব্বতত প্রবল ভূঁইকঁপত ১৮ জনকৈ লোকৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ প্রবল ভূঁইকঁপে জোকাৰিলে তিব্বতক। বৃহস্পতিবাৰে ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৮.০৩ বজা (স্থানীয় সময় ১০.৩৩ বজা)ত তিব্বত আৰু চীনৰ সংলগ্ন অঞ্চলত এই ভূঁইকঁপৰ জোকাৰণি অনুভূত হয়। বেইজিঙৰ আৰ্থৱেক নেটৱৰ্ক চেণ্টাৰে জনোৱা মতে ৰিখটাৰ স্কেলত ভূঁইকপৰ প্রাবল্য আছিল ৭। ইয়াৰ প্ৰায় ৪০ মিনিট পিছত আন এটা ভূঁইকঁপৰ জোকাৰণি অনুভূত হয। এই ঘটনাত এতিয়ালৈকে ১৮জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আহতৰ সংখ্যা ৫৬জন। তাৰ ভিতৰত ১১জনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। এই প্রবল ভূঁইকপৰ ফলত তিনি শতাধিক ঘৰ-দুৱাৰ বিধ্বস্ত হৈ পৰে। মৃত্যু হয় বহু গবাদি পশু। পাহাৰীয়া এলেকাত ভূঁইকপৰ ফলত ভূমিস্খলন হোৱাত বহু ৰাস্তা-ঘাট বন্ধ হৈ পৰে। বিদ্যুৎ সংযোগ আৰু যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে। আটাইতকৈ বেছি ক্ষতিগ্রস্ত হয় উত্তৰ তিব্বতৰ বাকেন কাউণ্টীৰ মাৰু টাউনশ্বিপ এলেকাত। ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্র (নেচনেল চেণ্টাৰ ফ’ৰ ছিচমলজী বা এনচিএছ)ৰ তথ্য অনুসৰি অৰুণাচল প্ৰদেশৰ পাণ্ডিন এলেকাৰ পৰা প্ৰায় ৪৮৯ কিলোমিটাৰ উত্তৰ-পশ্চিমে ভূ-পৃষ্ঠৰ পৰা প্ৰায় ১০ কিলোমিটাৰ গভীৰত আছিল এই ভূঁইকপটোৰ অভিকেন্দ্ৰ। তিব্বতৰ নাগকুৰ পৰা ১৯০ কিলোমিটাৰ উত্তৰ-পূবৰ এই দুর্গম পার্বত্য এলেকাৰ দূৰত্ব ৰাজধানী লাছাৰ পৰা ৩৯০ কিলোমিটাৰ। প্ৰথমটো ভূঁইকঁ পৰ কিছুসময়ৰ পিছতে নিশা ৮.৪৫ বজাত (ভাৰতীয় সময়) ৰিখটাৰ স্কেলত ৫ প্ৰাৱল্যৰ আন এটা ভূঁইকঁপত কঁপি উঠে অঞ্চলটো। অৰুণাচল প্ৰদেশৰ বাছাৰ পৰা প্ৰায় ৩২৩ কিলোমিটাৰ উত্তৰ-পশ্চিমত আছিল দ্বিতীয়টো ভূঁইকঁপৰ অভিকেন্দ্ৰ। ভূ-পৃষ্ঠৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ গভীৰত আছিল এই অভিকেন্দ্র। পৰিস্থিতি মোকাবিলাৰ বাবে চীন চৰকাৰে লেভেল-৩ সতর্কতা জাৰি কৰিছে। পৰিস্থিতি মোকাবিলাৰ বাবে পঠিওৱা হৈছে সাহায্য সামগ্ৰী আৰু বিশেষ উদ্ধাৰকাৰী দল। অহা ২৪ ঘণ্টাত ক্ষতিগ্রস্ত এলেকাটোত প্রবল তুষাৰপাতৰ পূর্বাভাস দিয়া হৈছে। ফলত উদ্ধাৰকাৰ্য দ্রুততাৰে সমাপ্ত কৰিব নোৱাৰিলে মৃতকৰ তালিকা দীঘলীয়া হোৱাৰ আশংকা আছে।