অহা ৩০ বছৰলৈও ক্ষমতালৈ নাহে কংগ্রেছঃঅমিত শ্বাহ

Pc The Statesman

অহা ৩০ বছৰলৈও ক্ষমতালৈ নাহে কংগ্রেছঃঅমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ দল আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি মন্তব্য কৰিছে যে অহা ৩০ বছৰলৈও কংগ্ৰেছ ক্ষমতালৈ নাহিব। দিল্লীত যমুনা নদীৰ পুনৰুজ্জীৱনৰ সৈতে জড়িত প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দি তেওঁ এই মন্তব্য কৰে। উল্লেখ্য যে,  বৃহস্পতিবাৰে প্ৰদূষণ কবলিত যমুনা নদীক পৰিষ্কাৰ কৰিবলৈ ৮,৯৪১কোটি টকাৰ প্ৰকল্প এটা উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে। অনুষ্ঠানত বক্তব্য দি ৰাহুল গান্ধীৰ বিদেশ যাত্রাক লৈ তীব্র কটাক্ষ কৰে তেওঁ। সূত্ৰৰ খবৰ মতে, চাৰিদিনীয়া ভ্রমণসূচীৰে ভিয়েটনামলৈ গৈছে কংগ্ৰেছ নেতাগৰাকী। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, ‘আমি জানো যে আপুনি আমাৰ কথা শুনিব নোৱাৰে। আপুনি বিদেশৰ ক’ৰবাত বহি আছে। আপুনি তাৰ কাৰণো ব্যাখ্যা কৰা নাই। এয়া আপোনাৰ ব্যক্তিগত কথা। কিন্তু দিল্লীত ভৰি দিয়াৰ পিছত আপুনি আমাৰ কথা শুনিব- জানি থওক যে অহা ৩০ বছৰলৈও আপোনালোকে ক্ষমতালৈ আহিব নোৱাৰিব। ‘ কংগ্ৰেছে যে যোৱা কেইবাবছৰো ধৰি অধিকাংশ ৰাজ্যত ক্ষমতাৰ বাহিৰত আছে সেই কথাও মনত পেলাই দিয়ে শ্বাহে। তেওঁ কয়, ‘যেতিয়া আমি কওঁ যে বিজেপি ৩০ বছৰলৈ ক্ষমতাত থাকিব, তেতিয়া তেওঁলোকে জনসাধাৰণক বুজায় যে নির্বাচনত কাৰচাজি হৈছে। নহ’লে অমিত শ্বাহে কিদৰে জানিলে?’ তেওঁ লগতে কয়, ‘আমি কাকোৱেই দেখা নাই যে যিয়ে প্রতি ছমাহৰ মূৰে মূৰে বিদেশলৈ ঢাপলি মেলে। আমি ইয়াতে জন্মিছোঁ, ইয়াতেই আছোঁ আৰু ইয়াতেই মৃত্যুবৰণ কৰিম।’ ইণ্ডি মৰ্চা আৰু ক’কৰোচ জনতা পাৰ্টীৰ নেতৃত্বত চলি থকা আন্দোলনৰ সময়তে ৰাহুল গান্ধীৰ বিদেশ ভ্রমণক লৈ পূৰ্বৰ দৰেই কটাক্ষ কৰিছে বিজেপিয়ে। দলটোৱে দাবী কৰে যে দিল্লীত প্ৰতিবাদৰ সময়ত ‘মিছা চিৎকাৰ’ কৰি কৰি ভাগৰি পৰি ৰাহুল গান্ধী গুচি গৈছে।