আজিৰ যুৱ সমাজৰ পথত গান্ধীৰ আদৰ্শৰ পোহৰ – শংকৰ দেৱ

Pc Indian National Congress

এক আলোকপাত

আজিৰ যুৱ সমাজৰ পথত গান্ধীৰ আদৰ্শৰ পোহৰ

 শংকৰ দেৱ, দেৰগাঁও

এখন দেশৰ ভৱিষ্যৎ কেৱল ৰাজপথ, অট্টালিকা বা বিজ্ঞান-প্ৰযুক্তিৰ উন্নতিৰ ওপৰতেই নিৰ্ভৰ নকৰে,  দেশৰ প্ৰকৃত ভৱিষ্যৎ নিৰ্ভৰ কৰে নতুন প্ৰজন্মৰ যুৱ সমাজৰ চিন্তা, চৰিত্ৰ আৰু কৰ্মৰ ওপৰত। আজিৰ যুৱ প্ৰজন্ম তথ্য-প্ৰযুক্তিৰ দ্ৰুতগতিৰ যুগত আগবাঢ়িছে তথা হাতৰ মুঠিতেই পৃথিৱীখনক লৈ ফুৰিছে। কিন্তু এই আধুনিকতাৰ মাজতো সত্য, নৈতিকতা, সহিষ্ণুতা আৰু মানৱীয় মূল্যবোধক জীয়াই ৰখাটোও এক ডাঙৰ প্ৰত্যাহ্বান। এইখিনিতে মহাত্মা গান্ধীৰ আদৰ্শৰ প্ৰাসংগিকতা অনুভৱ কৰা হয়।

১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত জন্মগ্ৰহণ কৰা মোহনদাস কৰমচান্দ গান্ধীয়ে সত্য আৰু অহিংসাক অস্ত্ৰ হিচাপে লৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামক এক নতুন দিশ দিছিল। দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি ভাৰতত অসহযোগ আন্দোলন, লৱণ সত্যাগ্ৰহ আৰু ভাৰত ত্যাগ আন্দোলনলৈকে তেওঁৰ নেতৃত্বই স্বাধীনতা আন্দোলনত ব্যাপক জনসম্পৃক্ততা সৃষ্টি কৰিছিল। ১৯৪৮ চনৰ ৩০ জানুৱাৰীত তেওঁৰ জীৱনৰ অন্ত পৰিলেও তেওঁৰ চিন্তা আৰু আদৰ্শৰ প্ৰভাৱ আজিও অব্যাহত আছে।

গান্ধীজীৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষাটোৱেই আছিল যে সত্যৰ সৈতে আপোচ নকৰা। আজিৰ সামাজিক মাধ্যমৰ যুগত এই শিক্ষাৰ মূল্য অধিক। এটা ভুৱা খবৰ মুহূৰ্ততে হাজাৰ হাজাৰ মানুহৰ মাজলৈ বিয়পি পৰিব পাৰে। সেইয়ে কোনো তথ্য বিশ্বাস বা প্ৰচাৰ কৰাৰ আগতে সত্যতা পৰীক্ষা কৰা, অপপ্ৰচাৰ আৰু উৰাবাতৰিৰ পৰা আঁতৰি থকা—এয়াও গান্ধীৰ সত্যৰ আদৰ্শক আধুনিক ৰূপত অনুসৰণ কৰা।

গান্ধীজীৰ অহিংসাও আজিৰ সমাজৰ বাবে এক গভীৰ শিক্ষা। মতৰ অমিল থাকিব পাৰে, কিন্তু মতৰ অমিল শত্ৰুতালৈ পৰিণত হ’ব নালাগে। যুক্তিৰে মত প্ৰকাশ কৰা, আনৰ মতক সন্মান কৰা আৰু ঘৃণাৰ পৰিৱৰ্তে সহিষ্ণুতাক বাছি লোৱাই অহিংসাৰ প্ৰকৃত অৰ্থ। তেওঁৰ সৰলতা, আত্মসংযম আৰু স্বাৱলম্বনৰ আদৰ্শও আজিৰ যুৱ সমাজৰ বাবে যথেষ্ট তাৎপৰ্যপূৰ্ণ। ভোগবাদী মানসিকতাৰ পৰিৱৰ্তে প্ৰয়োজন আৰু অপ্ৰয়োজনৰ পাৰ্থক্য বুজি চলা, পৰিশ্ৰমক সন্মান কৰা আৰু নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰখা আদি মূল্যবোধসমূহে এজন যুৱকক কেৱল সফলতাৰ দিশে আগুৱাই নিয়ে এনে নহয়, এজন দায়িত্বশীল নাগৰিক হিচাপেও গঢ়ি তুলিব পাৰে। গান্ধীজীয়ে স্বাধীনতাক কেৱল বিদেশী শাসনৰ পৰা মুক্তি বুলি ভবা নাছিল। তেওঁ গ্ৰামোন্নয়ন, খাদী, স্বাৱলম্বন, পৰিষ্কাৰ-পৰিচ্ছন্নতা, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ উন্নয়নৰ ওপৰতো গুৰুত্ব দিছিল। সেয়েহে আজিৰ যুৱ সমাজে গছপুলি ৰোপণ, পৰিৱেশ সংৰক্ষণ, ৰক্তদান, দুৰ্যোগৰ সময়ত সহায়, দৰিদ্ৰ শিশুক শিক্ষা প্ৰদান আদি গঠনমূলক কামৰ জৰিয়তে দেশসেৱাৰ আদৰ্শৰে আগুৱাই যাব লাগিব।

আজিৰ যুগ যদিও গান্ধীৰ যুগ নহয়। আজি সময় সলনি হৈছে, জীৱনধাৰা সলনি হৈছে, প্ৰযুক্তিয়ে মানুহৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে। তথাপিও সত্য, অহিংসা, মানৱীয়তা, আত্মসংযম আৰু সমাজৰ প্ৰতি দায়বদ্ধতা আদি মূল্যবোধসমূহৰ প্ৰয়োজন এতিয়াও শেষ হোৱা নাই। তেওঁৰ আদৰ্শ অনুসৰণ মানে তেওঁৰ দৰে পোছাক পিন্ধা বা কেৱল তেওঁৰ জন্মদিন পালন কৰাই নহয় । তেওঁৰ আদৰ্শৰ প্ৰকৃত সন্মান তেতিয়াহে হ’ব, যেতিয়া সেই আদৰ্শ আমাৰ আচৰণত প্ৰতিফলিত হ’ব।

আজিৰ যুৱ সমাজে যদি প্ৰযুক্তিৰ শক্তিৰ সৈতে গান্ধীজীৰ নৈতিক শক্তিক মিলাই ল’ব পাৰে, তেন্তে নতুন ভাৰতৰ নিৰ্মাণ অধিক অৰ্থপূৰ্ণ হ’ব। কাৰণ দেশ সলনি কৰাৰ শক্তি কেৱল অস্ত্ৰ বা ক্ষমতাতেই নহয়—সৎ চিন্তা, সৎ কৰ্ম আৰু সৎ চৰিত্ৰৰ মাজতো নিহিত হৈ থাকে। সেয়েহে গান্ধীজী আজিৰ যুৱ সমাজৰ বাবে কেৱল ইতিহাসৰ এজন মহানায়ক বুলি ক’লেই নহব, তেওঁ আজিৰ পৰিৱেশত সত্যনিষ্ঠ জীৱন, দায়িত্বশীল নাগৰিকত্ব আৰু মানৱীয় সমাজ নিৰ্মাণৰ এক চিৰন্তন প্ৰেৰণা।