২ অক্টোবৰ ‘ গান্ধী জয়ন্তী উপলক্ষে
গান্ধী জয়ন্তী দিৱসৰ তাৎপৰ্য
নিবেদিতা হাজৰিকা
লখিমপুৰ
অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি(International Day Of Non Violence) এই দিৱসটি পালন কৰা হয়। ২০০৭ চনৰ ১৫ জুনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এক প্ৰস্তাৱ যোগে এই দিৱসটি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।মহাত্মাগান্ধীয়ে কৈছিল -” অহিংসা হৈছে মানৱ জাতিৰ হাতত থকা আটাইতকৈ ডাঙৰ শক্তি।” হিংসাই কেৱল ধ্বংস মাতি আনে,কিন্তু অহিংসাই স্থায়ী শান্তিৰ পথ দেখুৱায়।এই দিনটোৱে আমাক সোঁৱৰাই দিয়ে যে, যিকোনো ডাঙৰ সমস্যা বা মতানৈক্য হিংসাৰ সলনি পাৰস্পৰিক আলোচনা, কূটনীতি আৰু বুজাবুজিৰ মাজেৰে সমাধান কৰিব পাৰি। বৰ্তমানৰ যুদ্ধজৰ্জৰ আৰু সংঘাতময় বিশ্বত এই দিৱসৰ প্ৰাসংগিকতা অত্যন্ত গভীৰ।ই হৈছে এক গোলকীয় আন্দোলন , এক চিৰন্তন দৰ্শন আৰু মানৱতাৰ এক গভীৰ প্ৰতিশ্ৰুতি।বৰ্তমানৰ যুদ্ধ -বিগ্ৰহ , সন্ত্ৰাসবাদ আৰু অসহিষ্ণুতাৰে ভৰা বিশ্বখনত অহিংসাৰ প্ৰাসংগিকতা পূৰ্বতকৈ বহু গুণে বৃদ্ধি পাইছে। ই কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে শান্তি আৰু সম্প্ৰীতিৰ একমাত্ৰ পথ। মহাত্মা গান্ধীৰ এই অহিংসা নীতি কেৱল ভাৰততে সীমাবদ্ধ নাছিল, ই বিশ্বৰ বহু মহান নেতাক অনুপ্ৰাণিত কৰিছিল। নেতাকমাৰ্টিন লুথাৰ, কিং জুনিয়ৰৰ পৰা আৰম্ভ কৰি নেলচন মেণ্ডেলা লৈকে বিশ্বৰ মহান নেতা সকলে অহিংসাৰ পথ অনুসৰণ কৰিয়েই সমাজলৈ ডাঙৰ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল। শিক্ষা আৰু জনসচেতনতাৰ জৰিয়তে বিশ্বত অহিংসাৰ বাৰ্তা প্ৰচাৰ আৰু প্ৰসাৰ কৰা ,শান্তি -সম্প্ৰীতি তথা সহনশীলতাৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে এই অহিংসা দিৱসটি আনুষ্ঠানিক ভাবে পালন আৰু কাৰ্যকৰী হৈ আহিছে।এখন সুস্থ আৰু গণতান্ত্ৰিক সমাজ গঠনৰ বাবে বিভিন্ন জাতি, ধৰ্ম আৰু বৰ্ণৰ লোকৰ মাজত সহনশীলতা আৰু সন্মান থকাটো অত্যন্ত জৰুৰী।অহিংসা দিৱস পালনে সমাজত এই ভাতৃত্ববোধ আৰু একতা বৰ্তাই ৰখাত অনুপ্ৰাণিত কৰে।যুৱ প্ৰজন্মৰ মাজত ক্ৰমান্বয়ে বাঢ়ি অহা ক্ষোভ আৰু হিংসাত্মক প্ৰৱণতা ৰোধ কৰিবলৈ গান্ধীজীৰ আদৰ্শ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয়।
এই দিনটো ভাৰতৰ এক ঐতিহাসিক আৰু পবিত্ৰ দিন। আন্তৰ্জাতিক অহিংসা দিৱস, কেৱল এটা দিনৰ বাবে ভাষণ দিয়া বা পষ্টাৰ লগোৱা দিন নহয়,বৰঞ্চ ই নিজৰ ভিতৰত শান্তি, ক্ষমা আৰু ক্ৰোধ নিয়ন্ত্ৰণৰ অভ্যাস গঢ়ি তুলি এখন সুন্দৰ সমাজ গঢ়াৰ সংকল্প লোৱাৰ দিন। ২ অক্টোবৰ দিনটোৰ প্ৰকৃত তাৎপৰ্য হ’ল এই মনিষী গৰাকীৰ বিচাৰধাৰাবোৰ আধুনিক যুগৰ সৈতে খাপ খুৱাই দেশৰ প্ৰগতিত ব্যৱহাৰ কৰা।উল্লেখ্য যে, ২অক্টোবৰ তাৰিখে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীদেৱৰো জন্মদিন।এই দুয়ো গৰাকী মহান মনিষীৰ আদৰ্শ সমূহ নিজৰ দৈনন্দিন জীৱনত অলপ হ’লেও প্ৰয়োগ কৰিলেহে এই দিনটো উদ্যাপন কৰা সাৰ্থক হ’ব। আধুনিক প্ৰযুক্তিবিদ্যা আৰু প্ৰতিযোগিতাৰ যুগে মানুহক যান্ত্ৰিক কৰি তুলিলেও শান্তি আৰু মানৱতাৰ বাবে অহিংসাৰ আদৰ্শ সদায় অম্লান আৰু প্ৰয়োজনীয় হৈ ৰ’ব।এই দিৱসে আমাক সোঁৱৰাই দিয়ে যে, হিংসাৰে নহয় , বৰং প্ৰেম আৰু অহিংসাৰেহে পৃথিৱীখন সলনি কৰিব পাৰি।
