আজিৰ সমাজত গান্ধীৰ প্ৰাসংগিকতা
জোন পৰাশৰ গোস্বামী
ছাত্রী,গুৱাহাটী বিশ্ববিদ্যালয়
নাৰায়ণপুৰ, লখিমপুৰ
মহাত্মা গান্ধীৰ আদৰ্শ কেৱল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসতেই সীমাবদ্ধ নহয়; ই মানৱ জীৱনৰ নৈতিকতা, সততা, অহিংসা আৰু সামাজিক দায়বদ্ধতাক ৰেখাপাত কৰা এক গভীৰ দৰ্শন। আজিৰ পৰিৱৰ্তনশীল সমাজত হিংসা, অসহিষ্ণুতা, স্বাৰ্থপৰতা আৰু মূল্যবোধৰ অৱক্ষয় দিনক দিনে বৃদ্ধি পাইছে, সেয়ে গান্ধীজীৰ চিন্তা নতুনকৈ প্ৰাসংগিক হৈ উঠিছে।
গান্ধীজীৰ সত্য আৰু অহিংসাৰ আদৰ্শ বৰ্তমান সমাজৰ বাবে বিশেষ আৱশ্যকীয়। কিয়নো মতভেদ থাকিলেও হিংসা বা ঘৃণাৰ পথ গ্ৰহণ নকৰি যুক্তি আৰু সহিষ্ণুতাৰ মাধ্যমেৰে সমস্যাৰ সমাধান কৰাটোৱেই তেওঁৰ জীৱনৰ মূলমন্ত্র। দৈনন্দিন জীৱনত সচৰাচৰ দেখিবলৈ পোৱা যুৱ উশৃঙ্খলতা লগতে মানুহে বিচাৰ বিবেচনা হেৰুৱাই দানৱলৈ ৰূপান্তৰিত হৈ বিভিন্ন ধৰণৰ নিকৃষ্ট অমানৱীয় কৰ্ম কাণ্ডত লিপ্ত হোৱা দেখা গৈছে, ই সমাজৰ বাবে অতি দুঃখজনক আৰু লজ্জাজনক কথা ।এইবিলাকৰ আঁৰত মানৱতাৰ দ্ৰুত গতিত অৱনতি ঘটিছে। গতিকে ব্যক্তিগত জীৱনৰ পৰা সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰলৈ সত্যনিষ্ঠা ,অহিংসা আৰু নৈতিক সাহসেহে মানুহক মানুহ হিচাপে গঢ়ি তুলিব পাৰে।
ইয়াৰোপৰি তেওঁ আত্মনিৰ্ভৰশীল সমাজ গঢ়াৰ লগতে সৰল জীৱন যাপনৰ পথ দেখুৱাইছিল। অৰ্থাৎ কেৱল ব্যক্তিগত উন্নতি নহয়, সমাজৰ দুৰ্বল আৰু পিছপৰা মানুহৰ কল্যাণৰ কথাও ভাবিব লাগে—এই মানৱিক দৃষ্টিভংগীৰ বৈষম্যপূৰ্ণ সমাজত বিশেষ প্ৰয়োজনীয়। লগতে গ্ৰামোন্নয়ন, স্থানীয় উৎপাদন আৰু স্বাৱলম্বিতা ওপৰত তেওঁৰ অধিক গুৰুত্ব দিছিল।
গান্ধীজীৰ আদৰ্শ মানৱতা, শান্তি আৰু নৈতিক জীৱনৰ এক স্থায়ী আহ্বান।সেয়ে আধুনিক সমাজৰ সংকটৰ গৰাহত গান্ধীজীৰ আদৰ্শক অনুসৰণ কৰাটো অতি তাৎপৰ্যপূৰ্ণ । তেওঁ দেখুওৱা পথেৰে আগুৱাই যোৱাৰ সময় সমাগত। গান্ধীজীৰ আদৰ্শৰ প্ৰাসংগিকতা সময় থাকোঁতেই প্ৰতিজন ব্যক্তিয়েই উপলব্ধি কৰাটো ভাল।
