বিহমাৰী বনগাঁও পাঁচ আলিত বণিক সন্থা গঠন, লক্ষ্মী পূজা পালনৰ সিদ্ধান্ত
বিহমাৰী, পিজোস বৈষ্ণৱ, ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত বিহমাৰী বনগাঁও পাঁচ আলিত যোৱা ২১ অক্টোবৰত বিয়লি ২ বজাত প্ৰেম বৈষ্ণৱৰ সভাপতিত্বত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। দীপক দাস আৰু পলাশ কটকীয়ে আঁত ধৰা উক্ত সভাত গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰঞ্জিত বনিয়া, লোহিত দাস, প্ৰেমেশ্বৰ দাসকে ধৰি প্ৰায় শতাধিক ব্যৱসায়ী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। সভাত প্ৰেম বৈষ্ণৱে বণিক সন্থাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বক্তব্য ৰাখি কয় যে, ব্যৱসায়ীসকলৰ মাজত ঐক্য আৰু ভাতৃত্ববোধ বজাই ৰখা, বজাৰৰ শৃংখলা, সুৰক্ষা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰাৰ লগতে প্ৰশাসনৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিবলৈ এক শক্তিশালী বণিক সন্থাৰ অত্যন্ত প্ৰয়োজন। বণিক সন্থাই কেৱল ব্যৱসায়িক স্বাৰ্থই নহয়, সামাজিক দায়বদ্ধতা পালন কৰি সুখ-দুখত ইজনে সিজনৰ কাষত থিয় দিব লাগিব বুলিও তেওঁ উল্লেখ কৰে।সভাত সৰ্বসন্মতিক্ৰমে নতুন সমিতিখন গঠন কৰা হয়। সভাপতি হিচাপে কামেশ পোদ্দাৰ, উপ-সভাপতি ৰোহিত তামাং, সম্পাদক পলাশ কটকী, সহ-সম্পাদক গণেশ গুপ্তা, কোষাধ্যক্ষ সঞ্জয় দাস আৰু সাংগঠনিক সম্পাদক হিচাপে সৌৰভ দাস, সহ সাংগঠনিক সম্পাদক ৰোহিত দাসক নিৰ্বাচিত কৰা হয়। উপদেষ্টা মণ্ডলীত প্ৰেম বৈষ্ণৱ, দীপক লাহন আৰু ৰঞ্জিত বনিয়াক অন্তৰ্ভুক্ত কৰা হয়। সভাত উপস্থিত অন্যান্য বিশিষ্ট ব্যৱসায়ীসকল ক্ৰমে কল্যাণ গুপ্তা, দ্বিপেন দাস, ৰুদ্ৰ দাস, দেবেন লিম্বু, শংকৰ দাস, চম্পক বৰুৱা, পুনেশ্বৰ দাস, অতুল দাস, কৃষ্ণ দাস, মনোজ দৰ্জি, তপন তিমুং, ধৰ্মেশ্বৰ বৰুৱা, ঘণ বৰুৱা, প্ৰেমেশ্বৰ দাস, লৱকান্ত বৰুৱা, ভূপেন বৰুৱা, ৰেবিকা লাহন, প্ৰমিলা দাস, মেনকা লিম্বু, সহদেৱ ভূঞা, লক্ষীধৰ বৰুৱা, দিলীপ দাস, গকুল দাস, ৰাম দেও শ্বাহ, দীনেশ বিশ্বকৰ্মা আদিকে ধৰি সমূহ ব্যৱসায়ীকে সাধাৰণ সদস্য হিচাপে লৈ সমিতিখনক অধিক বলিষ্ঠ কৰা হয়। আনহাতে সভাৰ শেষত নৱগঠিত সমিতিৰ তত্বাৱধানত আৰু স্থানীয় ৰাইজৰ সহযোগত আগন্তুক লক্ষ্মী পূজা পাঁচ আলিত উলহ-মালহেৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
