দুৰ্গতি নাশিনীৰ বন্দনা
টোলন তাছা
চিকনি বৰহোলা,নগাঁও
হে দহভূজাধাৰিনী তোমাৰ মহিমা অপাৰ,
বিনাশ কৰি দিয়া সমস্ত পাপ এইখন ধৰাৰ।
তোমাৰ ভক্তিতে পাওঁ আমি নতুন জীৱন,
হে দুৰ্গতি নাশিনী শান্ত কৰা ভক্তগণৰ মন।
অশুভ শক্তিক নিমিষতে কৰি দিয়া ধূলিসাৎ,
অনাথক দিয়া মা তোমাৰ কৰুণাময় হাত।
তোমাৰ জ্যোতিৰে পোহৰাই দিয়া জীৱনৰ পথ,
আগুৱাই যাওঁক আমাৰ সপোনৰ বিজয়ী ৰথ।
হে দুৰ্গা মা তুমিয়েই এই জগতৰ ত্ৰাণকৰ্তা,
সকলোৰে হৃদয়ত জগাই তোলা মানৱতা।
দুখ-কষ্ট আঁতৰাই আনা আনন্দৰ এজাক মলয়া,
তোমাৰ চৰণতেই পাওঁ যাতে আশ্ৰয়ৰ ছাঁয়া।
আশীৰ্বাদৰ পুষ্প বৃষ্টি কৰা মা এইখন ধৰাত,
সুখ-শান্তিৰ লহৰ উঠক সকলোৰে হিয়াত।
তোমাৰ বন্দনাৰে মুখৰিত হওক এইখনি ধৰা,
হে শক্তিদায়িনী মা তুমিয়ে আমাৰ শক্তিৰ নিজৰা।
