নাৰী সবলীকৰণত শিক্ষাৰ প্ৰয়োজন
পৰিস্মিতা বৰা হাজৰিকা,মাজুলী
মহিলা সবলীকৰণ – বৰ্তমান সময়ৰ এটি চিনাকি শব্দ । ১৯৮৫ চনত নাইজেৰিয়াত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক মহিলা সন্মিলনে মহিলা সকলৰ সবলীকৰণৰ ধাৰণা প্ৰচলন কৰে । মহিলাসকলক সামাজিক ক্ষমতা পুনৰ বিতৰণ কৰা আৰু তেওঁলোকৰ সপক্ষে সম্পদৰ নিয়ন্ত্ৰণ কৰাই হ’ল মহিলা সবলীকৰণ । গণতান্ত্ৰিক দেশত স্বাধীনতা , সমতা , সামাজিক , ৰাজনৈতিক আদিত পুৰুষ মহিলাই সমানে আদৰ লাভ কৰিব পাৰিলেহে সামাজিক বিকাশ সম্ভৱ হ’ব । মহিলা সবলীকৰণে এই কথাও স্পষ্ট কৰে যে অতীজৰে পৰা পুৰুষে কৰা নেতিবাচক মনোভাব সমাজৰ পৰা দুৰ কৰি পুৰুষৰ সমানে খোজ মিলোৱা সম অধিকাৰ ।
শিক্ষা হৈছে এক শক্তিশালী মাধ্যম যাৰ দ্বাৰা মহিলাসকলে নিজকে সমাজত প্ৰতিষ্ঠা কৰিব পাৰে । শিক্ষাৰ দ্বাৰা মহিলা সকলক এনে জ্ঞান আৰু দক্ষতা প্ৰদান কৰে যাৰ দ্বাৰা মহিলা সকলে অৰ্থনৈতিক , ৰাজনৈতিক , সামাজিক সুযোগ বৃদ্ধি কৰিব পাৰে । শিক্ষাই মহিলা সকলক স্বাৱলম্বী হবলৈ শিকাই । মহিলাৰ শিক্ষাই তেওঁলোকক স্বাস্থ্যৰ সচেতনতা প্ৰদান কৰে । শিক্ষাই মহিলা সকলক সিদ্ধান্ত লোৱাত সহায় কৰে । যাৰ বাবে নাৰীয়ে সমাজনীতি , ৰাজনীতি আদিত সঠিক সিদ্ধান্ত লব পাৰে । শিক্ষাই মহিলাসকলক সমাজৰ কুসংস্কাৰ প্ৰত্যাৱৰ্তন জনাবলৈ শক্তি দিয়ে । শিক্ষিত নাৰীয়ে দেশৰ আইন কানুন , নীতি নিয়ম বুজি নাৰী সবলীকৰণত অৰিহনা যোগাই । দৰিদ্ৰতা দুৰীকৰণ , স্বাস্থ্য , পুষ্টিহীনতা, মহিলা সবলীকৰণ আদিত শিক্ষাই গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে । মহাত্মা গান্ধীয়ে কৈছিল — ” এজন পুৰুষক শিক্ষা দিয়া মানে এজন ব্যক্তিক শিক্ষা দিয়া আৰু এগৰাকী নাৰীক শিক্ষা দিয়া মানে দহগৰাকী ব্যক্তিক শিক্ষা দিয়া । এটা পৰিয়াল শিক্ষিত কৰা মানে এখন সমাজ শিক্ষিত হোৱা । এটি শিশু জন্ম পিছৰ পৰাই মাক বা ঘৰৰ সদস্য সকলৰ মাজতেই যিহেতু ডাঙৰ হয় , জীৱনৰ আদিপাঠ শিকে । গতিকে মাতৃগৰাকী এটি শিশুৰ প্ৰথম গুৰু । সেয়ে মাতৃগৰাকী শিক্ষিত হোৱাতো খুৱেই প্ৰয়োজন । আজি শিশু কালিলৈ দেশৰ ভৱিষ্যত । গতিকে শিশুসকল শিক্ষিত হলে দেশৰ নিৰক্ষতা দুৰ হব । এগৰাকী শিক্ষিত মহিলাৰ চিন্তাধাৰা , কথনভংগী এগৰাকী অশিক্ষিত মহিলাতকৈ বহুত ওপৰত । প্ৰতিগৰাকী শিক্ষিত মহিলাৰ আত্মবিশ্বাসী আৰু আত্মনিৰ্ভশীল হোৱাতো অতি প্ৰয়োজন । যিকোনো বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিজেই লব পৰা হোৱা উচিত । শিক্ষাই নাৰীক ঘৰৰ চাৰিবেৰৰ ভিতৰতে সীমাবদ্ধ নাৰাখি বাহিৰৰ পৃথিৱীখনৰ সৈতে চিনাকি হোৱাৰ সুযোগ দিছে ।
কিন্তু দুখৰ বিষয় আমাৰ সমাজ ব্যৱস্থাত নাৰী শিক্ষিত হলেও সদাই পুৰুষৰ অধিন । যিকোনো ক্ষেত্ৰত পুৰুষৰ সমানে মাতমতাৰ স্বাধীনতা মহিলাৰ নাই । বৰ্তমান অসম চৰকাৰে নাৰী সবলীকৰণৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লৈছে যদিও বিশেষভাৱে সফল হ’ব পৰা নাই । কিয়নো মহিলাসকল শিক্ষিত হলেহে নাৰী সজাগতা আচনীসমুহ শুদ্ধৰূপত সফল হ’ব ।
মহিলা সবলীকৰণ কৰাৰ উদ্দেশ্য হৈছে তেওঁলোকক অৰ্থনৈতিক ভাৱে আত্মনিৰ্ভশীল কৰি তোলা , গতিকে প্ৰতিগৰাকী মহিলাই পৰিয়ালৰ এগৰাকী উৎপাদনশীল আৰু দায়িত্বশীল সদস্যৰূপে অৰ্থনৈতিক দায়বদ্ধতা গ্ৰহণ কৰিব লাগিব । শিক্ষাই নাৰীক সজাগ কৰে আৰু সবলীকৰণৰ দিশত আগবঢ়াই নিয়াত সহায় কৰে । গতিকে শিক্ষাক অগ্ৰাধিকাৰ দিবই লাগিব । নাৰীসকলে তেওঁলোকৰ জীৱনক প্ৰভাৱান্বিত কৰা বিভিন্ন সভা সমিতিত অংশগ্ৰহণ কৰি এইসমুহক নিয়ন্ত্ৰণ কৰা অথবা ক্ষমতা অৰ্জন কৰাটো নৰী সবলীকৰণে নিশ্চিত কৰে।
নাৰী সজাগতা সম্পৰ্কে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি নাৰীক সজাগ আৰু সচেতন কৰিব পাৰিলেহে এখন সুস্থ সমাজৰ সপোন দেখিব পাৰি । নাৰীক আত্মনিৰ্ভৰশীল কৰিবৰ বাবে বিভিন্ন আচনী যুগুত কৰি সেই আচনী সমুহ কাৰ্যক্ষম কৰি তুলিব লাগিব । পুৰুষ তান্ত্ৰিক সমাজত নাৰীয়ে নিজৰ অধিকাৰখিনি নিজেই আজুৰি নানিলে সদাই পুৰুষৰ অধিনত জীয়াই থাকিব লাগিব । শিক্ষাই নাৰীৰ মনত আত্মবিশ্বাস আনে যাৰ ফলত অন্যায়ৰ বিৰুদ্ধে মাত মাতিব পাৰে ।
বৰ্তমান সমাজত প্ৰায়ে মনলৈ অহা এটা প্ৰশ্ন হ’ল — আজি নাৰী কিমান সুৰক্ষিত ? এগৰাকী নাৰীয়ে মুক্তভাবে ঘৰৰ পৰা ওলাই যাব পাৰে নে ?
প্ৰায়ে দেখা পোৱা হত্যা , ধৰশন , বোৱাৰীৰ ওপৰত চলোৱা নিৰ্যাতন , অনমনীয় অত্যাচাৰ আদিৰ বাবে দায়ী কোন ? পুৰুষতান্ত্ৰিক সমাজত যদিও নাৰীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিছে , বা উচ্চ পদত কৰ্মৰত তথাপিও নিজৰ ঘৰখনতে বা সমাজতে মাতমতাৰ অধিকাৰ পাইছেনে ? কিয় আজিও নাৰী অবহেলিত ? পুৰুষৰ সমানে যদিও আগবাঢ়িছো কিয় নাৰীক পিছত ৰখাৰ চেষ্টা কৰা হৈছে । তাৰ বাবে কিন্তু দায়ী নাৰীসকল নিজেই । কিয়নো নিজৰ দুৰ্বলতা খিনি পুৰুষৰ আগত ধৰা দিয়াৰ অজুহাতত আজিও নাৰী থমকি ৰব লগা হৈছে । নাৰী সবলৈকৰণে নাৰী সমাজক সুখময় জীৱন যাপনত অৰিহণা যোগাই । গতিকে বৰ্তমান নাৰী সাবলীকৰণ সমাজত খুৱেই প্ৰয়োজন।
