গোপাল বৰাৰ কাব্য সংকলন ‘হৃদয়ৰ নীলা আকাশ’ উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ ঘাঁহী বিহুচোৱাবৰ গাঁৱৰ নিবাসী, আদৰ্শ শিক্ষক তথা নৱীন কবি-সাহিত্যিক গোপাল বৰাৰ প্ৰথম কাব্য সংকলন ‘হৃদয়ৰ নীলা আকাশ’ মাজুলীৰ ঐতিহাসিক বংশী গোপাল গড়মূৰ সত্ৰৰ নাট্যমন্দিৰত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ‘নৱজাগৰণ সাহিত্য আৰু সংস্কৃতি’ৰ ষষ্ঠ বাৰ্ষিক বৰ্ষপূতি অনুষ্ঠানৰ লগত সংগতি ৰাখি এই উন্মোচনী সভাখনি অনুষ্ঠিত হয়। মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষা, বিশিষ্ট শিক্ষাবিদ জাহ্নবী লহকৰ বৰুৱাই শুভ উন্মোচনী অনুষ্ঠানত গ্ৰন্থ উন্মোচন কৰে। উন্মোচনী ভাষণত তেওঁ গ্ৰন্থখনৰ অন্তৰ্গত “বানপানী” শীৰ্ষক কবিতাটো আবৃত্তি কৰি লেখকৰ সাহিত্যিক যাত্ৰাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ আশা প্ৰকাশ কৰে যে এই কাব্য সংকলনখনে অসমীয়া কাব্য সাহিত্যৰ ভঁৰালত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ’ব। নৱজাগৰণ সাহিত্য আৰু সংস্কৃতিৰ এই ষষ্ঠ বাৰ্ষিক অধিৱেশন উপলক্ষে আয়োজিত বৰ্ণাঢ্য কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশিষ্ট কবি, সাহিত্যিক, শিল্পী, সাংবাদিক আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানৰ জৰিয়তে মাজুলীৰ সাহিত্যপ্ৰেমী সমাজত এক নৱজাগৰণৰ সৃষ্টি হোৱাৰ কথা আয়োজকসকলে উল্লেখ কৰে। অনুষ্ঠানৰ এক আকৰ্ষণ হিচাপে নগাঁও জিলাৰ ঘাঁহী বিহুচোৱাবৰ গাঁৱৰ লেখক তথা শিক্ষক গোপাল বৰাক তেখেতৰ সাহিত্য সাধনাৰ স্বীকৃতি স্বৰূপে ‘নৱজাগৰণ কাব্য সাধনা সন্মান-২০২৬’ প্ৰদান কৰা হয়। গ্ৰন্থখনৰ সফলতা কামনা কৰি আয়োজক সমিতিয়ে উপস্থিত সকলো অতিথি তথা সাহিত্যপ্ৰেমী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰে। ইফালে, গ্ৰন্থখনি প্ৰকাশ আৰু উন্মোচনৰ ক্ষেত্ৰত কামপুৰ, কেকুঁৰিবাৰী গাঁৱৰ মানৱদৰদী সাহিত্যিক দীপ দাস আৰু ফেচবুক গোটৰ সভাপতি প্ৰণৱ দাসে আগবঢ়োৱা নিস্বাৰ্থ সহযোগিতাৰ বাবে লেখক গোপাল বৰাই তেওঁলোকৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে।
