কেটলা চাহ বাগিচা আদৰ্শ বিদ্যালয়ত ‘Bright Smiles Bright Futures’ প্ৰকল্পৰ সজাগতা সভা সম্পন্ন
পিজোস বৈষ্ণৱ, বিহমাৰী,ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বনাথ জিলাৰ কেটলা চাহ বাগিচা আদৰ্শ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ‘Bright Smiles Bright Futures (BSBF)’ প্ৰকল্পৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে যোৱা ১৩ অক্টোবৰত এখন সজাগতা সভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত বিদ্যালয়সমূহত ৰূপায়ণ কৰিবলৈ লোৱা এই প্ৰকল্পৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰাৰ লগতে ইয়াৰ উদ্দেশ্য আৰু গুৰুত্বৰ বিষয়ে বুজাই দিয়া হয়। বিশ্বনাথ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অৰুণজ্যোতি দত্তই ২৯ জুলাই, ২০২৬ তাৰিখে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত বিদ্যালয়খনত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নিৰ্দেশনা অনুসৰি, অসমৰ সকলো চৰকাৰী, প্ৰাদেশিকীকৃত আৰু ব্যক্তিগত বিদ্যালয়ত বিনামূলীয়াকৈ এই প্ৰকল্প ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে। সভাত ছাত্ৰ-ছাত্ৰীসকলক প্ৰকল্পটোৰ বিষয়ে সজাগ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত কাৰ্যসূচীসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হয়। বিদ্যালয় কৰ্তৃপক্ষই দৈনন্দিন পাঠদানৰ কোনো ব্যাঘাত নঘটোৱাকৈ এনে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিদ্যালয় কৰ্তৃপক্ষৰ এনে পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ সৰ্বাংগীণ বিকাশত সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হয়। NGOৰ স্বেচ্ছাসেৱক দুজন ক্ৰমে ৰশ্মি তপ্ন আৰু ব্ৰিজিলাল বাগ উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক সজাগ কৰাত বিদ্যালয়ৰ অধ্যক্ষ বিজিত ৰয়ে ধন্যবাদ জ্ঞাপন কৰে।
