কেৱল এটি কবিতা নহয় কঁহুৱা: এক শুভ্ৰ অপূৰ্ব পৃথিৱীৰ সন্ধানত
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
শৰৎ আহে নিৰৱে, কিন্তু ধৰালৈ লৈ আহে এক অপূৰ্ব পোহৰ আৰু ৰঙৰ কোলাহল। আকাশৰ নীলা খিনিক চুই যেতিয়া নিয়ৰসিক্ত শেৱালিৰ সুবাসে বতাহজাক আমোলমোল কৰে, ঠিক একে সময়তে নদীৰ পাৰে পাৰে প্ৰকৃতিয়ে মেলি দিয়ে এক শুভ্ৰ দলিচা। সেই দলিচাখনেই হৈছে আমাৰ অতি চিনাকি ‘কঁহুৱা বন’। সাধাৰণ চকুৰে চালে ই নদীৰ পাৰত গজি উঠা এক অপাংক্তেয় বন বা ঘাঁহ, কিন্তু গভীৰভাৱে অনুভৱ কৰিলে ই মানুহৰ আৱেগ, প্ৰকৃতিৰ সুৰক্ষা কৱচ আৰু ঐতিহ্যৰ এক অনবদ্য দলিল।
ভৌগোলিক পৰিধি অতিক্ৰমি: গোলকীয় প্ৰেক্ষাপটত কঁহুৱা
বহুতৰে মনত এটা ধাৰণা থাকে যে কঁহুৱা কেৱল অসমৰ নদীৰ চৰ-চাপৰিতে সীমাবদ্ধ। কিন্তু প্ৰকৃতিৰ এই অনবদ্য সৃষ্টিয়ে কোনো নিৰ্দিষ্ট ভৌগোলিক পৰিসীমা নামানে। বৈজ্ঞানিকভাৱে Saccharum spontaneum নামেৰে জনাজাত এই উদ্ভিদবিধে সমগ্ৰ দক্ষিণ এছিয়াৰ পলসুৱা ভূমিৰ উপৰি আফ্ৰিকা, আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ ক্ৰান্তীয় অঞ্চলবোৰতো নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিছে। আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগত ইয়াক ‘কাশ ফুল’ বুলি এক সুকীয়া মৰ্যাদা দিয়া হয়। আচলতে য’তেই নদীৰ পলসুৱা ধাৰা আছে, তাতেই কঁহুৱাই নিজৰ অস্তিত্বৰ বগা নিচান উৰুৱাই দিয়ে।
আত্মিক চেতনা আৰু লোক-সংস্কৃতিৰ দাপোণ
কঁহুৱা কেৱল চকুৰ প্ৰশান্তি নহয়, ই মানুহৰ আত্মিক চেতনাৰো এক অন্যতম প্ৰতীক। ধৰ্মীয় আৰু আধ্যা্তিক বিশ্বাস অনুসৰি, কঁহুৱাৰ ফুল ফুলাৰ অৰ্থই হৈছে ধৰাত দেৱী দুৰ্গাৰ আগমনৰ জাননী। ইয়াৰ বগা ৰঙে সমাজৰ পৰা মলিনতা দূৰ কৰি পবিত্ৰতা আৰু শান্তিৰ বাৰ্তা কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়।
অসমীয়া সমাজ আৰু সংস্কৃতিৰ সৈতে কঁহুৱাৰ সম্পৰ্ক অতি গভীৰ। ই আমাৰ বুকুৰ উশাহ-নিশাহৰ দৰে। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই যেতিয়া গাইছিল—“কঁহুৱা বন মোৰ অশান্ত মন, ..”, তেতিয়া তেওঁ মানুহৰ চঞ্চল মনটোক এই বতাহত হালি-জালি থকা ফুলজোপাৰ সৈতে একাত্ম কৰি পেলাইছিল। কঁহুৱা আমাৰ সাহিত্যত কেতিয়াবা যদি বিৰহৰ প্ৰতীক, কেতিয়াবা আকৌ মিলনৰো বতৰা। ই অসমীয়া জনকৃষ্টিৰ এনে এক অনন্য উপাদান, যাক বাদ দিলে শৰতৰ সৌন্দৰ্যই আধৰুৱা হৈ ৰয়।
বিজ্ঞানৰ চকুৰে: পৰিৱেশ তন্ত্ৰৰ নীৰৱ সৈনিক
যি কঁহুৱাক আমি অনাদৃত বন বুলি আওকাণ কৰোঁ, সেয়া আচলতে পৰিৱেশ তন্ত্ৰৰ বাবে এক ডাঙৰ আশীৰ্বাদ। বিজ্ঞানৰ দৃষ্টিৰে চালে ইয়াৰ লাভালাভ অপৰিসীম:
খহনীয়াৰ প্ৰাকৃতিক প্ৰতিৰোধক: কঁহুৱা বনৰ শিপা অতি গভীৰ আৰু জটলা। নদীৰ পাৰৰ আলগা মাটিখিনিক ই এনেদৰে খামোচ মাৰি ধৰি ৰাখে যে বাৰিষাৰ প্ৰচণ্ড বানেও সহজে মাটি খহাব নোৱাৰে। নদীপ্ৰধান অঞ্চলৰ বাবে ই এক প্ৰাকৃতিক মথাউৰি।
বন্যপ্ৰাণীৰ সুৰক্ষিত আশ্ৰয়স্থল: কাজিৰঙা বা পবিতৰাৰ বুকুত থকা এশিঙীয়া গঁড়, বন্য হাতী বা বিভিন্ন প্ৰজাতিৰ হৰিণৰ বাবে কঁহুৱা হ’ল প্ৰিয় বাসস্থান আৰু খাদ্যৰ উৎস। ইয়াৰ ঘন অৰণ্যই বন্যপ্ৰাণীক প্ৰকৃতিৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে।
আয়ুৰ্বেদৰ গোপন ভঁৰাল: কঁহুৱাৰ ঔষধি মহত্ত্ব
পৰম্পৰাগত চিকিৎসাত কঁহুৱাক ‘কাশ’ বুলি জনা যায়। ই কেৱল দৃশ্য নহয়, ইয়াৰ মাজত লুকুৱাই আছে বহুতো মহৌষধ:
প্ৰস্ৰাৱজনিত সমস্যাৰ উপশম: ইয়াৰ শিপাৰ ৰস প্ৰস্ৰাৱৰ জ্বলা-পোৰা আৰু পাথৰ (Kidney stones) হোৱা ৰোগৰ চিকিৎসাত ব্যৱহাৰ হয়।
শৰীৰ শীতলীকৰণ: অত্যাধিক গৰমৰ বাবে হোৱা পিয়াহ বা শৰীৰৰ অন্তৰ্দাহ দূৰ কৰিবলৈ আয়ুৰ্বেদত ইয়াৰ প্ৰয়োগ আছে।
মাতৃ স্বাস্থ্যৰ সুৰক্ষা: প্ৰসূতি মাতৃৰ দুগ্ধ উৎপাদন বৃদ্ধি কৰিবলৈ ইয়াৰ পৰা বিশেষ থলুৱা ঔষধি প্ৰস্তুত কৰা হয়।
থলুৱা অৰ্থনীতি আৰু হস্তশিল্পত কঁহুৱাৰ অৱদান
কঁহুৱাক কেৱল শৰতৰ নান্দনিক ফুল হিচাপেই নহয়, গ্ৰাম্য জীৱনৰ বহু ব্যৱহাৰিক সামগ্ৰী নিৰ্মাণতো ব্যৱহাৰ কৰা হয়। বতাহত কঁপি থকা ইয়াৰ দীঘল আৰু নমনীয় ঠাৰি বা নলীসমূহ লোকশিল্পৰ এক অপৰিহাৰ্য উপাদান:
গৃহ নিৰ্মাণ আৰু বেৰা (Thatching): বানপ্ৰৱণ বা চৰ-চাপৰি অঞ্চলৰ মানুহে ঘৰৰ চালিৰ বাবে আৰু বতাহ-ধূলি প্ৰতিৰোধ কৰিব পৰা শক্তিশালী বেৰা তৈয়াৰ কৰিবলৈ পৰম্পৰাগতভাৱে কঁহুৱাৰ শুকান খাগৰি ব্যৱহাৰ কৰে।
হস্তশিল্প আৰু কুটিৰ উদ্যোগ: ইয়াৰ শুকুৱাই লোৱা ঠাৰিবোৰ গুঁথি গ্ৰাম্য মহিলাই অতি সুন্দৰ ধাৰি , ফল-মূল ৰখা সৰু বাস্কেট , আৰু ঘৰ সজোৱা নান্দনিক ফুলদানী আদি প্ৰস্তুত কৰে।
প্ৰাকৃতিক ঝাড়ু: কঁহুৱাৰ ফুলবোৰ সৰি যোৱাৰ পিছত ইয়াৰ ঠাৰিবোৰ একত্ৰিত কৰি মজবুত প্ৰাকৃতিক ঝাড়ু তৈয়াৰ কৰা হয়, যাৰ এক সুকীয়া থলুৱা বজাৰো আছে।
ইতিহাসৰ প্ৰাকৃতিক কলম: এক আমোদজনক তথ্য অনুসৰি, প্ৰাচীন কালত কঁহুৱা বা অনুৰূপ ঘাঁহৰ জোঙা খাগৰিক সাঁচিপাতৰ পুথিত লিখিবৰ বাবে প্ৰাকৃতিক লেখনী বা কলম হিচাপেও ব্যৱহাৰ কৰা হৈছিল।
সামৰণি
কঁহুৱা বন কোনো অবাবত গজি উঠা জাবৰ নহয়। ই জীৱনৰ এক ডাঙৰ দৰ্শন। বতাহজাক যিফালেই নাহক কিয়, কঁহুৱাই মূৰ দোৱাই দিয়ে—নম্ৰতাৰে, কিন্তু ভাঙি নপৰে। বতাহ জাক পাৰ হৈ যোৱাৰ পিছত ইপুনৰ থিয় দিয়ে—দৃঢ়তাৰে। গতিকে ক’ব পাৰি যে, কঁহুৱা কেৱল আমাৰ আৱেগ বা কবিতাৰ বিষয় নহয়; ই আমাৰ অৰ্থনীতি, পৰিৱেশ সুৰক্ষা আৰু ঐতিহ্যৰ এক অতি গুৰুত্বপূৰ্ণ জীৱন-জীৱিকাৰ আধাৰ।
