পুৰণি কাকত সংগ্ৰহ : এক ব্যতিক্ৰমী চখ – নিবেদিতা হাজৰিকা

Pc StockCake

পুৰণি কাকত সংগ্ৰহ : এক ব্যতিক্ৰমী চখ

নিবেদিতা হাজৰিকা,লখিমপুৰ

ব্যক্তি ভেদে সকলোৰে চখবোৰ বেলেগ -বেলেগ হোৱা দেখা যায়। সাধাৰণ যেন লগা বাতৰি কাকতখনো  অমূল্য সম্পদ হ’ব পাৰে,ঠিক সেই দৰে বাতৰি কাকত সংগ্ৰহ কাৰ্যও বহুতৰ বাবে এক চখ হ’ব পাৰে।বহু তথ্য  সম্বলিত বাতৰি কাকতখনে ভিন্ন ৰুচিৰ  পাঠকৰ মনৰ তৃষ্ণা দূৰ কৰিব পাৰে। বহু জনৰ বাবে অৱসৰ সময়ৰ সংগী এই কাকতখন। ব্যস্ততাৰ বাবে খৰচি মাৰি পঢ়িবলৈ সময়-সুবিধা নোপোৱা বহুতে আকৌ সপ্তাহটোৰ  অন্তত সকলো খিনি পঢ়িবলৈ বুুলি উলিয়াই লয়।পুৱাৰ চাহ কাপত চুমুক দি কাকতখনত  মূৰ গুজি আগবেলাটো পাৰ কৰা বহুলোক আমাৰ মাজত আছে। বহুতৰে ঘৰত এই দৃশ্যটো সুলভ বুলি ক’ব পাৰি।ব্যস্ততাৰ মাজতো কাকতৰ মূখ্য বাতৰি কেইটাত চকু ফুৰাই থোৱা লোক যিদৰে আছে , ঠিক  সেইদৰে বাতৰি কাকতখনৰ এটা শব্দও বাদ নপৰা ,আনকি  প্ৰচাৰিত বিজ্ঞাপন কেইটাতো চকু ফুৰোৱা মানুহ আছে। এই সকল লোকৰ বাবে বাতৰি কাকতখন পৰম বান্ধৱ সম। পুৱাতে কাকতখন মেলি লোৱা লোক যি দৰে আছে,পুৰণি কাকত সমূহ সংগ্ৰহ বা গোটাই থকা ব্যক্তিও আমাৰ মাজত আছে।পুৰণি কাকতৰ মোহ বা পুৰণি বাতৰি কাকত সংগ্ৰহ  কৰাৰ অভ্যাস এক অনন্য আৰু  অসাধাৰণ মানসিক খোৰাক বুলি ক’ব পাৰি।বহু লোকৰ বাবে ই কেৱল কাগজৰ টুকুৰা নহয়.বৰঞ্চ অতীতৰ একো -একোটা জীৱন্ত দলিল।ডাকটিকট বা মুদ্ৰা সংগ্ৰহ কৰাৰ দৰেই পুৰণি কাকত সংগ্ৰহ কৰাটোও এক বিৰল আৰু ব্যতিক্ৰমী চখ।সংগ্ৰাহক সকলে ইয়াক অতি যত্নৰে সংৰক্ষণ কৰে।পুৰণি কাকত সংগ্ৰহ কেৱল এক চখ নহয়, ই হ’ল সময়ৰ বুকুত আৱদ্ধ হৈ থকা একো-একোটা ইতিহাস।ডিজিটেল যুগত আজি সকলো বস্তু ম’বাইলৰ পৰ্দাত উপলব্ধ হ’লেও হালধীয়া  পৰি যোৱা পুৰণি কাকত এখন হাতত লৈ পোৱা গোন্ধ আৰু ইয়াৰ স্পৰ্শৰ যি মোহ ,তাক কোনো স্ক্ৰীণে কেতিয়াও সলনি কৰিব নোৱাৰে।  বহু সমল যুক্ত বাতৰি কাকতখনৰ পৰা ভিন্ন জন ভিন্ন ধৰণে উপকৃত হ’ব পাৰে,লাভাম্বিত হ’ব পাৰে। খবৰ বা সংবাদ কেতিয়াও পুৰণি নহয়। পুৰণি কাকত এখনে পাঠকক মুহুৰ্ততে কেইবা দশক বা এশ বছৰ পাছলৈ লৈ যাব পাৰে।নিজৰ জন্মদিনটোৰ বা জীৱনৰ কোনো বিশেষ ঘটনা ঘটা দিনটোৰ বাতৰি কাকতখন  সংগ্ৰহ কৰি ৰখাটো বহুতৰে বাবে এক আবেগিক অনুভূতি। কেতিয়াবা চকুত নপৰা সৰু বাতৰি এটাও সময়ত ডাঙৰ তথ্যৰ বাবে সহায়ক হ’ব পাৰে।পুৰণি কাকত সংগ্ৰহ বৰ্তমান সময়ত  কেৱল ই এক চখ হৈ থকা নাই,ই বহুলোকৰ বাবে এক গভীৰ  আবেগ  আৰু  নিচাত পৰিণত হৈছে।বহুলোকে  পুৰণি মুদ্ৰা বা ডাক টিকটৰ দৰেই  পুৰণি কাকতো অতি সযত্নে সংগ্ৰহ কৰি ৰাখে। ই তেওঁলোকৰ বাবে এক  অমূল্য সম্পদ।বহু কিতাপ আৰু কাকত প্ৰেমীৰ বাবে পুৰণি কাকত বা কাগজৰ  সুকীয়া মিঠা গোন্ধটো খুবেই প্ৰিয়।

বহুতৰ মনত আকৌ আজি পুৱাৰ বাতৰি কাকতখনো পুৰণি যেন। আগদিনাৰ কাকত মানেই  যেন মূল্যহীন , পুৰণি কাকত। সেয়ে পৰি ৰয় কোঠাৰ এচুকত আৰু ঠাই বন্দী কৰি ৰখা বুলি ভাবি বিক্ৰী কৰি দিয়ে।পুৰণি কাকত সমূহ  জমা কৰি ৰখাতকৈ কম মূল্যতে হ’লেও কেজি হিচাপত ফেৰীৱালাক  বিক্ৰী কৰি ঘৰখন  চাফা কৰি ৰাখিবলৈ বেছি ভাল পায় । কিন্তু সেই থুপাই থোৱা বাতৰি সমূহো যে এটা -এটা তথ্যৰ ভঁৰাল সম সেই কথা ভাবি নাচায় । পুৰণি বাতৰি-কাকত আদিক আৱৰ্জনা ,পেলনীয়া, কামত নহা বস্তু বুলি ভবা সকলে হয়তো এই কথা কল্পনাই কৰিব নোৱাৰে যে প্ৰকাশিত বাতৰি সমূহ আজিৰ তাৰিখত বিশেষ তাৎপৰ্যপূৰ্ণ নহ’লেও সময়ত এই সমূহৰ আত ধৰিয়ে বহুজনে বহু বিষয়ৰ  জ্ঞান লাভৰ সমল লাভ কৰিবৰ পূৰ্ণ সম্ভাৱনীয়তা থাকে।ইতিহাসবিদ, সাহিত্যিক আৰু গৱেষক সকলৰ বাবে পুৰণি কাকত  সমূহ এক অপৰিহাৰ্য সম্পদ।তেওঁলোকে পুৰণি কাকতৰ বিশেষ বিশেষ সংখ্যা বা গুৰুত্বপূৰ্ণ  বাতৰি সমূহ সংগ্ৰহ কৰি ৰাখে,যিয়ে তেওঁলোকক অধিক তথ্যৰ সন্ধান দিয়ে।

পুৰণি কাকতৰ মোহ বহুতৰে থকাৰ দৰে অৰ্ধেক সংখ্যকৰে নাই বুলিব পাৰি। কথাষাৰ বৰ্তমানৰ  ডিজিটেল  যুগৰ এক  চৰম সত্য বুলি ক’লেও অত্যুক্তি কৰা নহয়।বহুতৰ বাবে এইবোৰ অদৰকাৰী  চখ। এসময়ত যিখন  বাতৰি কাকত পুৱাৰ চাহ কাপৰ সৈতে অপৰিহাৰ্য  আছিল,আজিৰ  প্ৰজন্মৰ বাবে সি কেৱল এটা পুৰণি  কাগজৰ টোপোলা মাত্ৰ।প্ৰকৃততে  পুৰণি কাকত ,পুৰণি পুথি ,কাকত-আলোচনী  আদি সংগ্ৰহ কৰাটো আমাৰ অদৰকাৰী চখ বা অৰ্থহীন কাম নহয় , ই এক মহৎ কাৰ্য।কিয়নো,এনে কাৰ্যৰ জৰিয়তে  আমাৰ অতীত সংস্কৃতি আৰু ইতিহাসৰাজিৰ বিষয়ে জানিবলৈ সুবিধা পাওঁ ।  বহু তথ্য সম্বলিত পুৰণি  কাকত -আলোচনী সমূহ সংৰক্ষণ কৰি ৰখাৰ চখ বা প্ৰয়াস প্ৰকৃততে এক মহৎ অনুকৰণীয় আৰু আদৰণীয় পদক্ষেপ । সাধাৰণ যেন লগা এটি চখে আমাক যে বহু উপকাৰ সাধন কৰিব পাৰে ই তাৰেই এটি উদাহৰণ।