হাজোত বাইক দুর্ঘটনাত থিতাতে দুই যুৱক নিহত

হাজোত বাইক দুর্ঘটনাত থিতাতে দুই যুৱক নিহত

ৰঙিলী বাৰ্ত্তাসেৱা- হাজোত সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে দুজন বাইক আৰোহী নিহত হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি,তেওঁলোক হাজোৰ কৈৱৰ্ত্তটোলাত আত্মীয়ৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কৰি মটৰচাইকেলেৰে গুৱাহাটী অভিমুখে গৈ আছিল। সেই সময়তে এখন তীব্ৰবেগী অচিনাক্ত বাহনে তেওঁলোকৰ বাইকখনক প্ৰচণ্ড খুন্দা মাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। থিতাতে নিহত দুই বাইক আৰোহী ক্রমে হাজো-শিঙিমাৰীৰ জয়ন্ত বৰ্মন আৰু গোৰেশ্বৰৰ বিকি বড়ো বুলি জানিব পৰা গৈছে।  প্রাপ্ত খবৰ অনুসৰি, জয়ন্ত বৰ্মন আৰু বিকি বড়োৱে হাজোৰ কৈৱৰ্তটোলাৰ আত্মীয়ৰ ঘৰৰ পৰা নিশা প্রায় দুই বজাত হাজো- গুৱাহাটী পথেৰে ৰাওনা হৈছিল। দুই বাইক আৰোহী হাজো থানাৰ পতনি পোৱা মাত্রেই কোনো অচিনাক্ত বাহনে খুন্দিয়াই পলায়ন কৰে আৰু দুই বাইক আৰোহীৰ থিতাতে মৃত্যু হয়। ঘটনাস্থলীতে দুয়োৰে মৃত্যু হয় আৰু আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি হাজো বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয়লৈ লৈ যায়।  আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।