নাভানেথেম নাভি পিল্লাইলৈ শান্তিৰ নোবেল বঁটা

Pc NDTV

নাভানেথেম নাভি পিল্লাইলৈ শান্তিৰ নোবেল বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা- ঘোষণা কৰা হ’ল ২০২৬ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা। দক্ষিণ আফ্ৰিকাৰ ভাৰতীয় বংশোদ্ভৱ আইনজীবী নৱনেথেম ‘নৱি’ পিল্লাইয়ে লাভ কৰিলে ২০২৬ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা। নৰৱে’ৰ ন’বেল কমিটীয়ে শুকুৰবাৰে জনোৱা মতে আন্তঃৰাষ্ট্ৰীয় আইন প্রতিষ্ঠা আৰু বিশ্ব শান্তিৰ প্ৰসাৰৰ ক্ষেত্ৰত অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁক শান্তিৰ ন’বেল বঁটাৰ বাবে বাছনি কৰা হৈছে। উল্লেখ্য যে, যুদ্ধাপৰাধ, মানৱতাবিৰোধী অপৰাধ আৰু গণহত্যাৰ বিচাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল নাটাল প্ৰদেশৰ ডাৰবান চহৰৰ বাসিন্দা ৮৫ বছৰ বয়সীয়া পিল্লাইয়ে। বৰ্ণবিদ্বেষৰ পৰিৱেশত আফ্ৰিকাৰ ডাৰবানত ভাৰতীয় তামিল পৰিয়াল এটাত তেওঁৰ জন্ম। আইনজীবী হিচাপে কর্মজীৱনৰ পাতনি মেলি বৈষম্য আৰু বৰ্ণবিদ্বেষৰ বিৰুদ্ধে যুঁজ দিয়ে তেওঁ। তেওঁ বর্ণবিদ্বেষবিৰোধী স্বাধীনতা আন্দোলনৰ কিংবদন্তি নেতা তথা দেশখনৰ প্রয়াত প্রাক্তন ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলাৰ আইনজীবী ভূমিকাও পালন কৰে। বৰ্ণবিদ্বেষৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় আৰু ৰাষ্ট্ৰসংঘতো গুৰুত্বপূর্ণ দায়িত্ব চন্তালে তেওঁ। ডাৰবানৰ বাসিন্দা পিল্লাইয়ে দক্ষিণ আফ্ৰিকাৰ উচ্চ ন্যায়ালয়, ৰুৱাণ্ডাৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যয়ালয়ত বিচাৰকৰ দায়িত্ব পালন কৰে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত হিচাপেও কাম কৰে তেওঁ। মহাত্মা গান্ধীৰ কৰ্মভূমি নাটাল প্ৰদেশৰ নাটাল বিশ্ববিদ্যালয়ৰ স্নাতক পিল্লাইয়ে ১৯৬৭ চনত প্ৰথমগৰাকী মহিলা হিচাপে তাত এখন ল’ ফার্ম প্রতিষ্ঠা কৰে। তেৱেঁই আছিল প্রদেশখনৰ প্ৰথমগৰাকী মহিলা আইনজীবী। আমেৰিকাৰ হার্ভার্ড বিশ্ববিদ্যালয়ত আইন বিষয়ত শিক্ষা গ্রহণ কৰে তেওঁ। ১৯৮৮ চনত তেওঁ ডক্টৰেট ডিগ্রী লাভ কৰে। দক্ষিণ আফ্রিকা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে ১৯৯৫ চনত নিযুক্তি লাভ কৰে তেওঁ। ১৯৯৯ চনত ৰুৱাণ্ডাৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ ন্যায়াধীশ তথা অধ্যক্ষ হয়। পিল্লাইয়ে পিছলৈ ১৯৯৫-২০০৩ বৰ্ষৰ সময়ছোৱাত ৰুৱাণ্ডাৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ বিচাৰক হৈ থাকোঁতে এক ঐতিহাসিক ৰায় প্ৰদান কৰিছিল। ধৰ্ষণ আৰু যুদ্ধকালীন যৌন হিংসাক ‘গণহত্যা’ৰ সমান বুলি স্বীকৃতি প্রদান কৰিছিল। আন্তঃৰাষ্ট্ৰীয় আইনৰ ইতিহাসত এই ৰায়টো নাৰী অধিকাৰ ৰক্ষাৰ আটাইতকৈ বৃহৎ পদক্ষেপ হিচাপে চিহ্নিত হৈ আছে। আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপেও তেওঁ দায়িত্ব পালন কৰে। ২০০৮ চনৰ পৰা ২০১৪ চনলৈ তেওঁ ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ মুৰব্বীৰ দায়িত্ব চন্তালে। ২০২১-২৫ বৰ্ষৰ সময়ছোৱাত অধিকৃত পেলেষ্টাইন ভূ-খণ্ডক লৈ ৰাষ্ট্ৰসংঘৰ স্বাধীন আন্তঃৰাষ্ট্ৰীয় তদন্ত আয়োগৰো অধ্যক্ষতা কৰে। ২০১৯ চনত ম্যানমাৰৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগত আন্তঃৰাষ্ট্ৰীয় বিচাৰ আদালতত এডহক ন্যায়াধীশ হিচাপে তেওঁক নিযুক্ত কৰা হয়। ম্যানমাৰৰ গৃহযুদ্ধৰ পৰিস্থিতিত ৰোহিংগ্যাসকলৰ ওপৰত নিৰ্যাতনৰ গোচৰৰো বিচাৰক আছিল তেওঁ। এইগৰাকী আইনজীৱীয়ে লাভ কৰে ২০২৬ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা। চলিত বছৰৰ শান্তিৰ ন’বেল বঁটাৰ অৰ্থমূল্য ১ কোটি ২০ লাখ ছুইডিছ ক্রোণা। অহা ১০ ডিচেম্বৰত নৰৱেৰ অছলোত তেওঁক এই বঁটা প্ৰদান কৰা হ’ব।