পলাশবাৰীত অবৈধ বিলাতী সুৰা আৰু চুলাই মদৰ ৰমৰমীয়া বেহা, আৰক্ষী-আবকাৰীক বুঢ়া আঙুলি দেখুৱাই সক্ৰিয় কুখ্যাত ব্যৱসায়ী, ধ্বংসৰ গৰাহত নৱপ্ৰজন্ম
মিৰ্জা ,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী সমষ্টিৰ চুকে-কোণে এতিয়া অবৈধ বিলাতী সুৰা আৰু চুলাই মদৰ ৰমৰমীয়া বেহাই চৰম ৰূপ ধাৰণ কৰিছে। অঞ্চলটোত কাঠফুলাৰ দৰে গঢ়ি উঠা অবৈধ সুৰা ব্যৱসায়ীসকলে সমগ্ৰ অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে নৱপ্ৰজন্মক এক ভয়ংকৰ ধ্বংসৰ গঢ়লৈ ঠেলি দিছে।
বিশেষকৈ পলাশবাৰীৰ বৰিহাট অঞ্চলত দুই পিতা-পুত্ৰ ক্ৰমে নাৰায়ণ দাস আৰু প্ৰজ্ঞান দাসে চলাইছে চৰম সন্ত্ৰাস। এই দুই কুখ্যাত ব্যৱসায়ীৰ অবৈধ বিলাতী সুৰা আৰু চুলাই মদৰ অবাধ বেহাৰ বাবে বৰিহাট আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ শান্তিপূৰ্ণ পৰিৱেশ এতিয়া সম্পূৰ্ণৰূপে বিনষ্ট হৈ পৰিছে। অনুৰূপ ধৰণে, ৰামপুৰৰ বাতু নামৰ আন এজন কুখ্যাত অবৈধ সুৰা বেপাৰীয়েও সমগ্ৰ অঞ্চলটোত বিদেশী আৰু চুলাই মদৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছে।

উল্লেখ্য যে, যোৱা কিছুদিন পূৰ্বে আৰক্ষী আৰু আবকাৰী বিভাগে এক যৌথ অভিযান চলাই পিতা-পুত্ৰ নাৰায়ণ দাস, প্ৰজ্ঞান দাস আৰু ৰামপুৰৰ বাতু নামৰ এই কুখ্যাত সুৰা বেপাৰীকেইজনক কৰায়ত্ব কৰিছিল। অভিযানকাৰী দলে তেওঁলোকৰ জিম্মাৰ পৰা বুজন পৰিমাণৰ অবৈধ বিলাতী সুৰা আৰু চুলাই মদ জব্দ কৰিবলৈকো সক্ষম হৈছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে, ইমানৰ পিছতো এই অপৰাধীচক্ৰটোৰ অলপো ভয়-শংকা নাই। বৰ্তমান সময়তো আৰক্ষী প্ৰশাসনক সম্পূৰ্ণৰূপে অংগষ্ঠ প্ৰদৰ্শন কৰি এইকেইজন কুখ্যাত সুৰা বেপাৰীয়ে পূৰ্বতকৈও অধিক সক্ৰিয়ভাৱে চলাই গৈছে সুৰাৰ এই ক’লা ব্যৱসায়। এই অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে এতিয়া তীব্ৰ ক্ষোভ উথলি উঠিছে পলাশবাৰীৰ জনমানসত। সমষ্টিটোৰ কেইবাটাও দল-সংগঠনৰ লগতে স্থানীয় সচেতন মহলে যুৱপ্ৰজন্মক ধ্বংস কৰা আৰু সামাজিক পৰিৱেশ বিনষ্ট কৰা এই সমাজবিৰোধী সুৰা বেপাৰীসকলৰ বিৰুদ্ধে অতিশীঘ্ৰে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জোৰদাৰ দাবী উত্থাপন কৰিছে। এতিয়া সচেতন ৰাইজৰ এটাই প্ৰশ্ন— যুৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই সমাজবিৰোধী চক্ৰটোক আৰক্ষী প্ৰশাসনে কেনেকৈ আৰু কেতিয়া নাকী লগায়, সেয়া হ’ব এক ডাঙৰ লক্ষণীয় বিষয়।
