শিক্ষাৰ মন্দিৰ: অস্তিত্বৰ যুঁজ
প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ
শিক্ষা কেৱল সাক্ষৰতাৰ মাধ্যম নহয়, শিক্ষা হ’ল এখন দেশৰ বৌদ্ধিক আৰু সামাজিক ভেটিৰ প্ৰাণশক্তি। এটা সবল আৰু প্ৰগতিশীল জাতি নিৰ্মাণৰ মূল চাবিকাঠি নিহিত হৈ আছে শিক্ষা ব্যৱস্থাৰ মানদণ্ডৰ ওপৰত। মানুহৰ বৌদ্ধিক উত্তৰণৰ বাবে আমাৰ দেশৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ এক দীঘলীয়া আৰু গৌৰৱোজ্জ্বল ইতিহাস আছে। স্বাধীনতাৰ পৰৱৰ্তী কালছোৱাৰ পৰা বৰ্তমানলৈকে সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকক জ্ঞানৰ পোহৰ বিলাই আহিছে এই চৰকাৰী বিদ্যালয়সমূহেই। বৰ্তমানৰ বিশিষ্ট চিন্তাবিদ, চিকিৎসক, অভিযন্তা আৰু সমাজকৰ্মীসকলৰ সৰহভাগেই এই বিদ্যালয়সমূহৰ মজিয়াৰ পৰাই গঢ় লৈ উঠিছে। কিন্তু বৰ্তমান সময়ত চৰকাৰী বিদ্যালয়সমূহৰ শৈক্ষিক ধাৰাটোৰ পৰিৱৰ্তিত পৰিস্থিতিয়ে আমাক নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰিছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ ভাৰসাম্য ৰক্ষাৰ বাবে লোৱা একত্ৰীকৰণৰ দৰে পদক্ষেপসমূহৰ মাজত শিক্ষাৰ মানদণ্ড আৰু সৰ্বজনীনতা ৰক্ষা কৰাটো এক প্ৰধান লক্ষ্য হোৱা উচিত। শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ মূল কেন্দ্ৰবিন্দু এই বিদ্যালয়সমূহক সুৰক্ষা প্ৰদান কৰি সেইসমূহক এক আধুনিক ৰূপত সজাই তোলাটো আমাৰ সমাজৰ প্ৰতিজন সচেতন নাগৰিকৰে নৈতিক দায়িত্ব।
যিকোনো আধুনিক ৰাষ্ট্ৰৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশৰ দিশসমূহ দেশখনৰ শিক্ষা ব্যৱস্থাৰ গুণগত মানৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকে। যদি আমি ভাৰতৰ দৰে বিশাল গণতান্ত্ৰিক দেশ এখনৰ কথা চিন্তা কৰোঁ, তেন্তে দেখা পোৱা যায় যে, গৰিষ্ঠসংখ্যক জনসাধাৰণৰ শিক্ষাৰ মূল আধাৰ হৈছে চৰকাৰী বিদ্যালয়সমূহ। কিন্তু আজিৰ প্ৰতিযোগিতামূলক যুগত এই বিদ্যালয়সমূহৰ প্ৰতি থকা পূৰ্বৰ সেই আস্থা কিছু পৰিমাণে স্থবিৰ হৈ পৰা যেন অনুভৱ হয়। ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে সমাজত এক নতুন ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। এই সামাজিক পৰিৱৰ্তনৰ আঁৰত থকা কাৰকসমূহ গভীৰভাৱে বিশ্লেষণ কৰাটো অতি প্ৰয়োজনীয়। বিদ্যালয়ৰ অৰ্থ কেৱল কেইটামান কোঠা বা এটা অট্টালিকা নহয়; বিদ্যালয় হ’ল এখন সমাজৰ জীৱন্ত দাপোন, য’ত আমাৰ নতুন প্ৰজন্মই নিজৰ ভৱিষ্যত গঢ়াৰ সপোন দেখে। সমাজৰ আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে চৰকাৰী বিদ্যালয়সমূহ হ’ল একমাত্ৰ ভৰসাৰ কেন্দ্ৰ। সেয়েহে, এই বিদ্যালয়সমূহৰ আন্তঃগাঁথনি অধিক উন্নত কৰাৰ জৰিয়তে সেইসমূহক আকৰ্ষণীয় কৰি তোলাটো বৰ্তমানৰ সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা। আমাৰ লক্ষ্য হ’ব লাগে গুণগত শিক্ষাৰ সৰ্বজনীন প্ৰসাৰ আৰু শ্ৰেণীকোঠাৰ শিক্ষাৰ মানদণ্ডৰ আমূল আধুনিকীকৰণ।
চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়টোৰ আঁৰত সামাজিক আৰু মানসিক উভয় কাৰণেই জড়িত হৈ আছে। সমাজৰ সৰ্বস্তৰৰ লোকৰ বাবে চৰকাৰী বিদ্যালয় এসময়ত আছিল জ্ঞান আহৰণৰ একমাত্ৰ স্থলী। কিন্তু বৰ্তমান সময়ত আৰ্থ-সামাজিক পৰিৱৰ্তনৰ লগে লগে মানুহৰ প্ৰত্যাশাও বৃদ্ধি পাইছে। বহু ঠাইত দেখা যায় যে বিদ্যালয়ৰ ভৌগোলিক দূৰত্ব বৃদ্ধি পালে যাতায়তৰ অসুবিধাৰ বাবে বহু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি হ্ৰাস পায়। ব্যক্তিগত বিদ্যালয়সমূহৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা কাৰ্যই আমাক এইটোৱে বুজায় যে অভিভাৱকসকলে বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত এক প্ৰতিযোগিতামূলক আৰু সুশৃংখল পৰিৱেশ বিচাৰিছে। বহু ক্ষেত্ৰত অভিভাৱকসকলে যথেষ্ট কষ্ট কৰি হ’লেও নিজৰ সন্তানক ব্যক্তিগত বিদ্যালয়লৈ পঠিওৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে, কাৰণ তেওঁলোকে তাত এক নিৰ্দিষ্ট ফলাফল আৰু ব্যৱহাৰিক শিক্ষাৰ নিশ্চয়তা বিচাৰে। চৰকাৰী শিক্ষা ব্যৱস্থাতো এই বিশ্বাস আৰু ফলাফলমুখী দায়বদ্ধতা পুনৰুজ্জীৱিত কৰাটো আমাৰ এক প্ৰধান লক্ষ্য হোৱা উচিত। ইয়াৰ বাবে চৰকাৰী খণ্ডৰ শিক্ষা পদ্ধতিৰ ওপৰত জনসাধাৰণৰ আস্থা বৃদ্ধিৰ বাবে এক সুপৰিকল্পিত আৰু সুদূৰপ্ৰসাৰী আঁচনিৰ প্ৰয়োজন আছে।
ব্যক্তিগত বিদ্যালয়ৰ কাৰ্যকৰী পদ্ধতি আৰু তেওঁলোকৰ নিয়মানুবৰ্তিতাৰ ইতিবাচক দিশসমূহৰ পৰা চৰকাৰী প্ৰতিষ্ঠানেও শিক্ষা গ্ৰহণ কৰাৰ থল আছে। বৰ্তমানৰ বিশ্বায়নৰ যুগত শিক্ষা কেৱল পুথিগত জ্ঞানৰ মাজত আৱদ্ধ থকা নাই। ব্যক্তিগত বিদ্যালয়ত থকা শৃংখলাবদ্ধ শৈক্ষিক পৰিৱেশ, ইংৰাজী ভাষাৰ ব্যৱহাৰিক চৰ্চা আৰু ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ বিকাশৰ বাবে লোৱা বিশেষ পদক্ষেপসমূহে আজিৰ সমাজক আকৰ্ষণ কৰিছে। চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মান উন্নত কৰিবলৈ হ’লে আমি শৈক্ষিক পৰিৱেশটোৰ এক গঠনমূলক সংস্কাৰ সাধন কৰিব লাগিব। আন্তঃগাঁথনিৰ কথা ক’বলৈ গ’লে দেখা যায় যে বহু চৰকাৰী বিদ্যালয়ত আজিও আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ সুবিধা আছে। এখন আদৰ্শ বিদ্যালয়ত কেৱল কিতাপ পঢ়াই নহয়, এটা উন্নত লাইব্ৰেৰী, আধুনিক কম্পিউটাৰ লেব আৰু এখন সুন্দৰ খেলপথাৰৰ উপস্থিতিৰ দ্বাৰাহে এক সুস্থ শিক্ষাৰ পৰিৱেশ গঢ় লৈ উঠে। চৰকাৰে বিদ্যালয়সমূহৰ আধুনিকীকৰণৰ বাবে হাতত লোৱা প্ৰচেষ্টাসমূহ যদি অধিক ক্ষিপ্ৰ কৰা হয়, তেন্তে নিশ্চিতভাৱে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা পুনৰ বৃদ্ধি পাব। আমাৰ শিক্ষা ব্যৱস্থাত যি এক ধৰণৰ স্থবিৰতা অনুভৱ কৰা হৈছে, সেইয়া আঁতৰাবলৈ হ’লে নতুন চিন্তা আৰু আধুনিক প্ৰযুক্তিৰ সমিলমিল ঘটোৱাটো অতি আৱশ্যক।
শিক্ষক-ছাত্ৰৰ অনুপাত সঠিকভাৱে ৰক্ষা কৰাটো শিক্ষাৰ মানদণ্ডৰ বাবে এক অপৰিহাৰ্য চৰ্ত। এখন বিদ্যালয়ত যদি বিষয়ভিত্তিক শিক্ষকৰ অভাৱ থাকে, তেন্তে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশত ব্যাঘাত জন্মাটো স্বাভাৱিক। বিশেষকৈ গণিত, বিজ্ঞান আৰু ইংৰাজীৰ বাবে আমাক সদায় দক্ষ আৰু অভিজ্ঞ শিক্ষকৰ প্ৰয়োজন। গতিকে খালী হৈ থকা শিক্ষকৰ পদসমূহ সময়মতে আৰু নিয়াৰিকৈ পূৰণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। ব্যক্তিগত বিদ্যালয়সমূহৰ দৰে চৰকাৰী খণ্ডতো শিক্ষকৰ খালী পদৰ বিপৰীতে তৎকালিন ব্যৱস্থা গ্ৰহণৰ এক স্থায়ী প্ৰণালী থকাটো আৱশ্যক। একেদৰে, শিক্ষকসকলক অ-শৈক্ষিক কাম-কাজৰ পৰা মুক্ত কৰি ৰখাৰ বাবে এক স্পষ্ট নীতি গ্ৰহণ কৰিব লাগে। শিক্ষক এজনৰ মূল কাম হ’ল ছাত্ৰ-ছাত্ৰীক জ্ঞান দান কৰা। তেওঁলোকৰ মেধা আৰু সময়ক যদি কেৱল পাঠদান আৰু ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ কাৰ্যত নিয়োজিত কৰা হয়, তেন্তে চৰকাৰী বিদ্যালয়ৰ ফলাফল ব্যক্তিগত বিদ্যালয়তকৈও বহুগুণে উন্নত হোৱাৰ সম্ভাৱনা থাকে। চৰকাৰী বিদ্যালয়ত থকা শিক্ষকসকল অতি উচ্চ শিক্ষিত আৰু তেওঁলোক এক কঠোৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে নিৰ্বাচিত হৈ আহে। তেওঁলোকৰ প্ৰতিভাক সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে আমাৰ শিক্ষা ব্যৱস্থাৰ এক বৈপ্লৱিক পৰিৱৰ্তন নিশ্চিত।
চৰকাৰী বিদ্যালয়সমূহক বৰ্তমানৰ গোলকীয় প্ৰেক্ষাপটৰ সৈতে ফেৰ মাৰিব পৰাকৈ এক প্ৰতিযোগিতামূলক পৰিৱেশলৈ আনিব লাগিব। কেৱল এটা নতুন অট্টালিকা সজালেই শিক্ষাৰ উন্নয়ন নহয়, তাৰ লগে লগে প্ৰয়োজনীয় পাঠ্যপুথিৰ সঠিক সময়ত যোগান আৰু গুণগত পাঠদানৰ ধাৰা অক্ষুণ্ণ ৰাখিব লাগিব। বিদ্যালয়ৰ প্ৰতি অভিভাৱকৰ আস্থা ঘূৰাই অনাটো আমাৰ এক উমৈহতীয়া দায়িত্ব। আমি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰা গঠনমূলক পৰামৰ্শ লৈ এক ফলপ্ৰসূ নীতি আগবঢ়াই নিব লাগিব। শিক্ষাৰ বাবে কৰা যিকোনো বিনিয়োগেই দেশৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এক শ্ৰেষ্ঠ সঞ্চয়। আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ সম্পদবোৰক সুসংগঠিত কৰাৰ এয়াই উপযুক্ত সময়। সঠিক পৰিচালনা, সদিচ্ছা আৰু সামাজিক সংযোগৰ জৰিয়তে আমি চৰকাৰী বিদ্যালয়সমূহক আকৌ এবাৰ সমাজৰ শ্ৰেষ্ঠ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিব পাৰোঁ। শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰাকৈ আমি এক সুস্থ শৈক্ষিক বাতাবৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব।
বিদ্যালয় পৰিচালনা সমিতি (SMC) সমূহক অধিক সক্ৰিয় আৰু অধিক দায়িত্বশীল কৰি তোলাটো এক সময়োপযোগী পদক্ষেপ হ’ব পাৰে। প্ৰত্যেকখন বিদ্যালয়ৰ সৈতে স্থানীয় সমাজৰ এক আত্মিক সংযোগ থকাটো অতি প্ৰয়োজন। যিখন বিদ্যালয়ক লৈ স্থানীয় ৰাইজে গৌৰৱ অনুভৱ কৰে, সেইখন বিদ্যালয় কেতিয়াও অস্তিত্বৰ সংকটত নপৰে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে যি ধৰণৰ জনসংযোগ আৰু স্বচ্ছ ব্যৱস্থাপনাৰ জৰিয়তে সমাজত নিজৰ স্থান সুদৃঢ় কৰিছে, চৰকাৰী খণ্ডই সেই ইতিবাচক পদ্ধতিসমূহ গ্ৰহণ কৰিব পাৰে। স্থানীয় অভিভাৱকসকলৰ সৈতে প্ৰতি মাহে আলোচনা চক্ৰ অনুষ্ঠিত কৰি বিদ্যালয়ৰ প্ৰগতি, ছাত্ৰ-ছাত্ৰীৰ দুৰ্বলতা আৰু প্ৰয়োজনীয়তাৰ বিষয়ে মুক্তভাৱে আলোচনা কৰিলে এটা সুন্দৰ সমন্বয় গঢ়ি উঠিব। ৰাইজৰ সক্ৰিয় অংশগ্ৰহণে শিক্ষা ব্যৱস্থাটোক যিদৰে গতিশীল কৰি তোলে, তেনেদৰে ই এক পাৰস্পৰিক দায়বদ্ধতাৰ পৰিৱেশো সৃষ্টি কৰে। স্থানীয় গাওঁবাসী বা চহৰৰ বাসিন্দা সকলে যদি বিদ্যালয়খনক নিজৰ বুলি গণ্য কৰে, তেন্তে তাৰ শৈক্ষিক পৰিৱেশৰ উন্নয়ন কোনেও ৰোধ কৰিব নোৱাৰে।
শিক্ষা পদ্ধতিৰ আধুনিকীকৰণৰ ক্ষেত্ৰত চৰকাৰী বিদ্যালয়সমূহৰ গুৰুত্ব বৰ্তমান অধিক বৃদ্ধি পাইছে। আজিৰ বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিৰ যুগত কেৱল কিতাপৰ পদ্য বা গদ্য মুখস্থ কৰাটোৱেই প্ৰকৃত শিক্ষা নহয়। ইয়াৰ লগতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক বৃত্তিমূলক শিক্ষা, কলা-সংস্কৃতি, খেল-ধূলা আৰু কম্পিউটাৰৰ উন্নত শিক্ষাৰ সৈতে চিনাকি কৰি দিব লাগিব। শ্ৰেণীকোঠাত যদি স্মাৰ্ট ক্লাছৰ ব্যৱস্থা কৰিব পৰা যায়, তেন্তে শিশুসকলৰ বাবে শিকন প্ৰক্ৰিয়াটো অতিশয় আনন্দদায়ক হৈ উঠিব। ইণ্টাৰনেটৰ জৰিয়তে বিশ্বৰ বিভিন্ন তথ্য আহৰণ কৰাৰ সুবিধা থাকিলে ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ পৰিধি স্বাভাৱিকতে বৃদ্ধি পাব। এনে আধুনিক সা-সুবিধাসমূহে চৰকাৰী বিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ এক বিশেষ মানসিক আসক্তি গঢ়ি তুলিব। ইয়াৰ ফলত ব্যক্তিগত বিদ্যালয়ৰ সৈতে এক গঠনমূলক প্ৰতিযোগিতাৰ পৰিৱেশ গঢ়ি উঠিব আৰু ইয়াৰ আটাইতকৈ ইতিবাচক প্ৰভাৱ পৰিব আমাৰ নৱপ্ৰজন্মৰ ওপৰত। আমি মনত ৰখা উচিত যে শিক্ষাৰ উদ্দেশ্য কেৱল পৰীক্ষাত উত্তীৰ্ণ হোৱাই নহয়, বৰঞ্চ এজন পূৰ্ণাঙ্গ মানৱ সম্পদ হিচাপে গঢ়ি উঠাহে।
আমাৰ দেশৰ শিক্ষা ব্যৱস্থাত মাতৃভাষাৰ গুৰুত্ব অপৰিসীম। চৰকাৰী বিদ্যালয়সমূহে মাতৃভাষাৰ চৰ্চাৰ লগতে যদি ইংৰাজী ভাষাৰ শিক্ষাৰ ওপৰতো অধিক জোৰ দিয়ে, তেন্তে সেয়া এক অতি ফলপ্ৰসূ পদক্ষেপ হ’ব। বহু সময়ত দেখা যায় যে কেৱল ইংৰাজী মাধ্যমৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই বহু অভিভাৱকে নিজৰ সন্তানক ব্যক্তিগত বিদ্যালয়লৈ পঠায়। এই বাস্তৱক হৃদয়ংগম কৰি যদি চৰকাৰী বিদ্যালয়সমূহেও দ্বৈভাষিক শিক্ষা পদ্ধতি বা ইংৰাজী শিকোৱাৰ এক উন্নত প্ৰণালী গ্ৰহণ কৰে, তেন্তে চৰকাৰী বিদ্যালয়ৰ গ্ৰহণযোগ্যতা দ্ৰুততৰ হ’ব। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সম-সুযোগ আৰু সম-শিক্ষা নিশ্চিত কৰাটোৱে হ’ব লাগে আমাৰ ভৱিষ্যতৰ মূল লক্ষ্য। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰখাৰ প্ৰয়োজন আছে। বিদ্যালয়ত যোগাসন, মনোবৈজ্ঞানিক পৰামৰ্শ আৰু সৃজনীমূলক কামৰ সুবিধা থাকিলে শিক্ষাৰ্থীৰ সৰ্বাংগীণ বিকাশ সম্ভৱ হৈ উঠিব।
সামৰণিত এইটোৱেই ক’ব পাৰি যে, আমাৰ জাতিটোৰ ভৱিষ্যত আজিৰ আমাৰ সিদ্ধান্ত আৰু কৰ্মৰাজিৰ ওপৰতে নিৰ্ভৰ কৰিছে। যদি আমি আমাৰ ঐতিহ্যমণ্ডিত চৰকাৰী বিদ্যালয়সমূহক অধিক শক্তিশালী কৰিব পাৰোঁ, তেন্তে ভৱিষ্যতে সমাজত এক সুস্থ সমতাৰ পৰিৱেশ গঢ় লৈ উঠিব। আমি সকলোৱে মিলি সমন্বয় আৰু মান্য শিক্ষাৰ এক নতুন পথ নিৰ্মাণ কৰিব লাগিব। বিদ্যালয়ৰ একত্ৰীকৰণৰ দৰে প্ৰশাসনিক প্ৰক্ৰিয়াবোৰৰ মাজতো যাতে শিক্ষাৰ মূল উদ্দেশ্য ব্যাহত নহয়, তাৰ প্ৰতি চকু ৰখা উচিত। বিদ্যালয়ৰ প্ৰতি থকা জনসাধাৰণৰ আস্থা পুনৰ ঘূৰাই অনাটোহে আমাৰ প্ৰকৃত সফলতা। চৰকাৰী শিক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ অৰ্থ হ’ল জাতিৰ ভেটিটোক অধিক দৃঢ় কৰা। এই সংকল্প লৈ আমি সকলোৱে একগোট হৈ কাম কৰি যাব লাগিব। গুণগত শিক্ষা আৰু সামাজিক দায়বদ্ধতাই হওক আমাৰ ভৱিষ্যতৰ মূল মাপকাঠি। আমি আশাবাদী যে চৰকাৰী কৰ্তৃপক্ষই এই সমগ্ৰ বিষয়টো অত্যন্ত গুৰুত্বসহকাৰে বিবেচনা কৰিব আৰু অনাগত দিনত চৰকাৰী বিদ্যালয়সমূহ একো একোটা উন্নত মানদণ্ডৰ শিক্ষা কেন্দ্ৰ হিচাপে জিলিকি উঠিব। এই দীঘলীয়া যাত্ৰাত প্ৰতিজন শিক্ষক, প্ৰতিজন অভিভাৱক আৰু প্ৰতিজন সচেতন নাগৰিকে নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিব লাগিব। তেতিয়াহে আমি এক সুস্থ, সবল, শিক্ষিত আৰু জ্ঞানসমৃদ্ধ সমাজ গঢ়িবলৈ সক্ষম হ’ম। শিক্ষাৰ এই মন্দিৰসমূহক জীয়াই ৰখাটো আমাৰ সভ্যতা আৰু সংস্কৃতিৰ উত্তৰণৰ এক অন্যতম অপৰিহাৰ্য চৰ্ত। আধুনিক শিক্ষা আৰু নৈতিকতাৰ সংমিশ্ৰণেৰে আমাৰ চৰকাৰী বিদ্যালয়সমূহে বিশ্বদৰবাৰত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হওক, সেয়াই আমাৰ কামনা।
