প্ৰকৃতিগত উৎসৱ আৰু আমি
প্ৰিয়ম ৰাগিণী,ডিব্ৰুগড়
ব্যস্ততাপূৰ্ণ জীৱনৰপৰা ফালৰি কাটি আহি অলপ ফূৰ্তিৰে জীৱন উদযাপন কৰিবলৈকে প্ৰকৃতিত উৎসৱ নামৰ শব্দটোৰ হয়তো সৃষ্টি হৈছিল।উৎসৱ মানেই আনন্দ।আমাৰ মানৱ জীৱনত আনন্দপূৰ্ণ সময়ৰ প্ৰয়োজনীয়তা আছে।অসমীয়া মানুহৰ অতিকৈ আপোন মাহ বা সময় বসন্ত ঋতু বুলি কোৱষ হয় যদিও বৰ্তমানৰ সময়খিনিত মানুহে সকলো ঋতুকে ভাল পাবলৈ লৈছে।।সকলো ঋতুতে উদযাপিত আনন্দোৎসৱৰ লগত চামিল হৈ নিজকে বিলীন কৰিব বিচৰাটো মানুহৰ সহজাত প্ৰবৃত্তি এটা।চাওঁতে চাওঁতে বছৰ বাগৰি ঋতু শৰতে আহি পৰিৱেশত ভুনুকি মাৰিলেহি।শৰৎ মানেই শেৱালি, শৰৎ মানেই কঁহুৱষ,শৰৎ মানেই দুৰ্গোৎসৱৰ বতৰ।আজিৰ এই সময়ৰপৰা প্ৰায় চল্লিশ বছৰৰ আগৰ সময়খিনিলৈ ওভতি গ’লে শৈশৱৰ সোঁৱৰণীৰ ফাকেৰে এখন দুৰ্গোৎসৱৰ মন্ডপৰ কথাই মনলৈ আহে মোৰ।শৈশৱৰ সেই দুৰ্গাপূজাভাগৰপৰাই আমাৰ জীৱন আৰম্ভ হৈছিল।কুঁৱলীৰ অলপ আৱেশ ফৰকাল বতৰ অত্যধিক গ্ৰীষ্মতাক সামৰি পৰিৱেশে বুকুত সামৰি লোৱাৰ পাছতেই যেন প্ৰকৃতিৰ ৰূপ সলনি হৈছিল।পদূলিৰ শেৱালি দুজোপাত ফুল আহিবলৈ আৰম্ভ কৰিলেই অনুমান কৰি লৈছিলোঁ সেয়া দুৰ্গোৎসৱৰ সময় সমাগত বুলি।মনবোৰলৈ স্বত:স্ফূতভাৱে আনন্দৰ জোৱাৰ বৈ আহিছিল।ভাল লগা অনুভূতি এখিনিত জাহ গৈছিলোঁ।পূজা মানেই ফূৰ্তি তাতে দুৰ্গা পূজা।ক’লা ক’লা পিষ্টল ৰঙা নীলা বেলুন পানী বেলুন জেলেপি মিঠাই ফ্ৰক আৰু যে কত কি?পাহৰিব পাৰি জানো?আজিৰেপৰা চল্লিশ বছৰৰ পাছৰ সময়খিনিলৈ ওভতি যাওঁ মনৰ জলঙাৰে।কিবা এটা অকৃত্ৰিম পৰিৱেশ শান্ত অসূয়া অপ্ৰীতিবিহীণ সময়খিনিয়ে যেন হাঁহি থাকে মোলৈ চায়।অনুষ্টূপীয়া আধ্যাত্মিক আৰু আড়ম্বৰপূৰ্ণ সময় এখিনিয়ে মোক পাহৰিব নোৱাৰাকৈ বুকুত সাঁচ বহুৱাই থৈ গৈছে।কেতিয়াও নাপাহৰা সময় সেয়া।শৈশৱৰ জনা হোৱা বয়সৰে পৰা ৰাজগড় কেন্দুগুৰি চাহবাগিছাত অনুষ্ঠিত হোৱা দুৰ্গোৎসৱৰ পূজামণ্ডপৰপৰাই মোৰ শাৰদীয় পূজা চোৱা অনুভূতিৰ আৰম্ভ হৈছিল।আমাৰ ঘৰৰ পৰা ছয় সাত কিলোমিটাৰ খোজকাঢ়ি দুৰ্গাপূজা চাবলৈ যোৱা সেইসময়ৰ সেই কথাবোৰ এতিয়া মোৰ কেৱল নষ্টালজিক অনুভূতি।লগ লগৰীয়া মা দেউতা দাদাহঁতৰ লগত কিমানবাৰ যে পূজা চাইছিলোঁগৈ তাৰ সীমাসংখ্যা নাছিল।পাছত কলজত পঢ়িবলৈ ঘৰৰ পৰা চহৰলৈ গুচি অহাৰ পাছত কেন্দুগুৰি চাহবাগিছাৰ দুৰ্গপূজা চোৱাৰ আমেজকণৰ মুদা মৰিল।তেতিয়াৰ দিনৰ লগত এতিয়াৰ কথাটো কোনোপধ্যেই নিমিলে।ছয় সাত কিলোমিটাৰ খোজ কঢ়া বা চাইকেলত উঠি পূজা চাবলৈ যোৱা কথাবোৰ কিবা এতিয়া সাধুকথাৰদৰেই লাগিব।তেতিয়াৰ দিনৰ পূজা আৰু আজিৰ প্ৰেক্ষাপটত অত্যাধুনিক কাৰুকাৰ্যখচিত পূজাস্থলীৰ আকাশ পাতাল প্ৰভেদ।সময়ৰ লগত সকলো সলনি হয় বুলি কথা এষাৰ আছে।সেই পূজাভাগ এতিয়া তাত অনুষ্ঠিত কৰে নে নকৰে নাজানো কিন্তু মই সেই ঠাইত নাই যেহেতু সেই কেন্দুগুৰি চাহবাগিছাৰ পূজাস্থলীৰ কথাও নাজানো।
সময় সলনি হৈছে ।বয়সৰ জোখেৰে বুঢ়া হৈছোঁ।দুৰ্গাপূজাৰ আনন্দই মোক এতিয়া আনন্দ নিদিলেও সেই দিনবোৰ পাহৰিব নোৱাৰাকৈ মন মগজুত সমৃদ্ধ হৈ আছে।সেই সময়ত সৰু সৰু কলা,বগা পিষ্টল কিনিবলৈ পাইছিলোঁ।দাদাহঁত লগত মই ছোৱালী হলেও সেইবোৰ স্পৰ্শ কৰিবলৈ সুযোগ পাইছিলোঁ।পানী বেলুন,দীঘল বেলুনবোৰ কিনি মুখেৰে ফু দি ফুলাইছিলোঁ।কেতিয়াবা চাইকেলৰ পাম্পটোৰ দ্বাৰাইও বেলুন ফুলাইছিলোঁ।বহুদূৰ খোজকাঢ়ি গৈয়ো পূজা চাই আনন্দ পাইছিলোঁ।দুৰ্গাপূজা আহিলে দেউতাই দৰমহাৰ টকাৰে নতুন নতুন ফ্ৰক কিনি দিছিল।প্ৰতিদিনেই বেলেগ বেলেগ কাপোৰ পিন্ধি পূজা চাবলৈ যোৱাটো সেই সময়ত আমাৰ চখ আছিল।তেতিয়াৰ সময়ত অৰ্থাৎ নব্বঔ দশকৰ প্ৰথমৰ সময়খিনিত কেন্দুগুৰি চাহবাগিছাৰ পূজাস্থলীখনেই আছিল।পাছলৈ মই কলেজত পঢ়িবৰ পৰত লেঙেৰী অঞ্চলত নতুনকৈ দুৰ্গাপূজা অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰিছিল।
শৰৎ মানেই সন্মোহন।প্ৰায় আগষ্টৰ শেষৰপৰাই পথাৰ,নৈৰ কাষৰ মাটিত শুধবগা কঁহুৱাবোৰ হালিজালি ফুলিবলৈ আৰম্ভ কৰে।তেতিয়াই মানুহৰৱমনবোৰলৈ পূজা পূজা ভাৱ এটা মবলৈ আহে।বতৰবোৰ সুন্দৰ হয়।ফৰকাল বতৰৰ আকাশখন ফটফটীয়া হৈ উঠে।শাওনৰ শেষত পথাৰবোৰ এনেও সেউজ কঁঠীয়াৰে ভৰি উঠে।বগা বগা বগলীবোৰ সেই সেউজ কঁঠীয়াবোৰৰ ওপৰেৰে উৰি ফুৰে।কেৱল বগলীয়েনে?অন্যান্য শৰালি বটা অন চৰাইবোৰো কিচিৰ মিচিৰকৈ মুক্তভাৱে উৰি ফুৰে।আকাশখন যেন সিহঁতৰে একচেতীয়া সম্পত্তি।বাৰীৰ ঢাপৰ গছবোৰো জোপোহা হৈ পৰে।বাৰীৰ ঢাপত শৰালি হাঁহে কণী পাৰি পোৱালি জগায় ঠিক এনে সময়তে।শেৱালি ফুলবোৰো ফুলি উঠে।কঁহুৱাবোৰো শুধ বগাকৈ ফিলি পথাৰ বাটৱপথ চানি ধৰে।শেৱালি এপাহ দুপাহ ফুলিবলৈ ধৰিলেই সুগন্ধি মলমলাই উঠে।শাৰদীয় আকাশৰ শুভ্ৰ জোনাকবোৰ ৰাতি হ’লে চৌদিশেৱচিটিকিৱপৰে।শুকুলা মেঘবোৰ ভাহি ফুৰে ইফালৰপৰা সিফাললৈ।নীলা আকাশত বগা বগা চপৰাবোৰ যেন ওলমিহে থাকে।নীলা আকাশত বগা চপৰাবোৰে বিভিন্ন আকৃতি পৰিগ্ৰহ কৰে।এইবোৰ একো একোটা ভাললগা পৰিৱেশ।ভাললগা পৰিৱেশে ভাললগা সময়ে মানুহৰ মনলৈ এক অনাবিল প্ৰশান্তি কঢ়িয়াই আনে।চহা কৃষিজীৱি লোকসকলে শাওন মাহৰ বুকুতে সপোন দেখিবলৈ আৰম্ভ কৰে।বুকুৰ ঘাম মাটিত পেলাই কৃষিকাৰ্য সমাপন কৰি আঘোণলৈ বাট চায়।বছৰটোৰ বাবে কৃষি উৎপাদনৰ কামনাৰে আঘোণ অহালৈ অপেক্ষা কৰে।শইচৰ উৎপাদন বৃদ্ধিয়ে সুখৰ আৰু সুন্দৰ জীৱন যাপনৰ চালিকাশক্তি।
উৎসৱৰ আনন্দৰৱলগত চামিল হৈ আনন্দ লাভ কৰাটো মানুহৰ সহজাত প্ৰবৃত্তি।পূৰ্বৰ পূজাৰবলগত বৰ্তমানৰ পূজাৰ পাৰ্থক্য থাকিলেও কিন্তু পূজা কৰাৰ ধৰণ বা সাত্বিকতা একেই আছে।আধিনিক সাজসজ্জাৰে গঢ়ি তোলা ৰঙচঙীয়া সাজসজ্জাৰে নিৰ্মিত পূজাৰ মণ্ডপত,নিশাৰ নিৰ্মল নিশাৰ আকাশৰ জোন তৰালি বিচাৰি পোৱা নাযায় যদিও এয়াও এক ভাললগা পৰিৱেশ।পৰিৱৰ্তনক স্বীকাৰ কৰি লোৱাটো মানুহৰ ধৰ্ম।মৰ্ত্যৰ জীৱশ্ৰেষ্ঠ মানুহৰ কল্যাণৰ বাবেচযিদৰে পূজা পাৰ্বণৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে ঠিক একেদৰে মানুহৰ সভ্যতা সংস্কৃতিৰ উত্তৰণৰ লগত উৎসৱৰ অবদানো অপৰিসীম।
শৰৎ কাল মানেই শাৰদীয় দুৰ্গোৎসৱ ।পাপ আৰু পীড়নৰ প্ৰতূক মহিষাসুৰ।সেই আসুৰিকৱশক্তিৰ বিনাশ সাধিবলৈ এদিন সৰ্বদেৱতাৰ তেজসম্ভূত মহাশক্তিৰ আবিৰ্ভাৱ হৈছিল।পূজাৰ বতৰত মহাশক্তি স্বৰূপা দেৱী দুৰ্গাৰ আনন্দময়ী বন্দনাৰে চৌদিশ ৰজনজনাই আকাশ বতাহ মুখৰিত হৈ পৰে।অভাৱ অনাটন দৰিদ্ৰতা নিত্য চলি থকা অসূয়া অপ্ৰীতি নাশেৰে সমাজ সুন্দৰ বাতাবৰণেৰে বিৰাজ কৰাৰ মানসেৰে সমগ্ৰ মানৱকুলে আইৰ ওচৰত বন্দনা আগবঢ়ায়। আসুৰিক শক্তিৰ সংহাৰী ৰূপৰ বিনাশ হোৱাৰ বাবে সকলোৱে কামনা কৰে।দুৰ্যোগভৰা সময়েৱভৱিষ্যতৰৱসপোন নি:শেষ কৰি দিব নোৱাৰিবলৈ প্ৰাৰ্থনা কৰে।মানুহ আশাত বন্দী হৈ থাকে।মহত্বম জীৱনৰ অধিকাৰী হোৱাৰ বাসনা মানুহৰ যুগে যুগে।সৰল সুন্দৰ তথা স্বচ্ছলভাৱে জী থকাই মানুহৰ আকাংক্ষা।উৎসৱেচদিয়ে আনন্দৰ বতৰা।ক্ষণিক দমক্ষৰ বাবেচহলেও মানুহেচপাহৰি শায়শবেয়া সময়খিনিৰ কথা।ভাল সময় অহাৰ কামনাৰে আই দেৱী গোঁসানীকবসাষ্টাংগেচপ্ৰণিপা
এৰি অহা সময় সদায় সুমধুৰ।পাহৰিব নোৱাৰি।পাগুলিবহে পাৰি।ৰোমন্থনত লিপিবদ্ধ হৈ থকা সময়ে সোঁৱৰাই দিয়ে আমি কিমান যে ভাল লগা সময় এখিনিক এৰি আহিলোঁ।নিৰ্মল তৰাৰে বুটাবচা আকাশখন এিয়া বিচাৰি হাবাথুৰি খালেও নাপাওঁ।আকাশত শৰালিহাঁহ আৰু বগলীৰ উৰি থকা জাকবোৰলৈ এতিয়াও মনত পৰি ৰোমাঞ্চিত হৈ উঠোঁ।শুধবগা নিৰ্মল মেঘৰ টুকুৰাবোৰ ভাহি থাকে আমাৰ যেন মূৰৰ ওপৰত।যেন হাতেৰে চুই চাম।আলসুৱা মেঘবোৰ।ৰ’দৰ ৰহণ লাগি উজ্বলি উঠা শাৰদীয় বতৰৰ আকাশৰ কথাই সুকীয়া আছিল তেতিয়া।
সময় সলনি হৈছে।পৰিৱৰ্তনৰ ঢৌৱে আমাক আনি এতিয়া কোনোবাখিনি পোৱাইছেহি।সময় সলনি হোৱাৰ লগ লগে প্ৰকৃতিৰ লগতে অন্যান্য কথাবোৰো যেন সলনি হৈছে।
তথাপিও উৎসৱ আহিলে আনন্দ লাগে ।উৎসৱ আহিলে ভাল লাগে।ব্যস্ততাপূৰ্ণ জীৱনৰ ফাকে ফাকে আমি মানুহবোৰ ধাৱিত হলেও যেন উৎসৱৰ আনন্দত চামিল হ’বলৈ পালে ভাল পাওঁ। আনন্দিত হওঁ।এইয়াই নিয়ম আচলতে।প্ৰকৃতিয়েও আমাক সেই সুযোগৰৱপৰা বঞ্চিত নকৰে। আমি সমগ্ৰ মানৱগনেও অপেক্ষা কৰি থাকোঁ উৎসৱৰ নামত সেৱকী ৰূপত নিজকে অধিষ্ঠিত কৰিবলৈ।প্ৰকৃতিগত সময় তথা উৎসৱৰ সৌন্দৰ্যসুধা পান কৰি কৰি আমি সময়ৰ লগত একাত্মতাত বিলীন হওঁ।উৎসৱ অবিহনে একঘেয়ামী জীৱনে নহ’লে হয়তো মানিহক আমুৱালেহেঁতেন।।
