মৃত্যু চেতনা
হৰেন কপ্তাক
অন্ধৰ বাবে নানিবা কোনো আইনা
যি তেওঁৰ বাবে অৰ্থহীন
শূন্যৰ বাবে বিয়োগৰ ভাবুকি নিদিবা
যি নিজেই জানে জীৱনত নাই কোনো আপোন
ভোকাতুৰক নেদেখুৱাবা সোণৰ থালি
যিয়ে বিচাৰে মাথোঁ এমুঠিহে অন্ন
নুসুধিবা কবিক মৃত্যুৰ ঠিকনা
যি মৰিও জীয়াই থাকে কবিতাত
ঠিকাকৈ নহলেও ধাৰত পৰা হলে নিষ্ঠুৰ নিয়তিক
অকলে নিৰলে গুচি গলোহেঁতেন
নোযোৱা বাটৰ নেদেখা সিপাৰে
