অনলাইন প্ৰতাৰণাৰ জাল: আধুনিক প্ৰযুক্তিৰ অপব্যৱহাৰ আৰু আমাৰ সুৰক্ষাৰ উপায় – প্ৰেম বৈষ্ণৱ

Pc Unsplash

অনলাইন প্ৰতাৰণাৰ জাল: আধুনিক প্ৰযুক্তিৰ অপব্যৱহাৰ আৰু আমাৰ সুৰক্ষাৰ উপায়

প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ

একবিংশ শতিকাৰ এই ডিজিটেল বিপ্লৱে মানৱ জীৱনক অভাৱনীয় গতি প্ৰদান কৰিছে। আজি আমাৰ হাতত থকা স্মাৰ্টফোনটো কেৱল এটা যন্ত্ৰ নহয়, এই মোবাইল ফোনটো আমাৰ বেংক, আমাৰ তথ্য ভঁৰাল আৰু আমাৰ যোগাযোগৰ মূল মাধ্যম। কিন্তু দুৰ্ভাগ্যজনকভাৱে, এই সুবিধাসমূহে যিদৰে আমাৰ জীৱন সহজ কৰিছে, সেইদৰে কিছুমান অসাধু চক্ৰৰ বাবে সুবিধা সমূহ শোষণৰ এক প্ৰধান  আহিলা হৈ পৰিছে। বিশ্বজুৰি আজি চাইবাৰ অপৰাধ বা অনলাইন স্কেমিং এক মহামাৰীৰ দৰে বিয়পি পৰিছে। প্ৰতাৰকসকলে প্ৰতি মুহূৰ্ততে সলনি কৰিছে নিজৰ কৌশল। আমাৰ সমাজৰ সৰলতা আৰু প্ৰযুক্তিৰ প্ৰতি থকা আমাৰ অজ্ঞানতাকে তেওঁলোকৰ মূল অস্ত্ৰ। সেয়েহে, অনলাইন প্ৰতাৰণাৰ জালখন কেনেকৈ কাম কৰে আৰু তাৰ পৰা আমি কেনেকৈ নিজকে সুৰক্ষিত ৰাখিব পাৰোঁ, সেই সম্পৰ্কে গভীৰভাৱে জনাটো আজিৰ সময়ৰ এক অপৰিহাৰ্য প্ৰয়োজন।

১. বৰ্তমান সময়ত আমাৰ দেশত এনেকুৱা এটা চক্ৰ ওলাইছে, যিটো চক্ৰই গাঁৱৰ সহজ-সৰল মানুহক টার্গেট কৰি লৈছে। এই দুষ্ট চক্ৰটোৱে চৰকাৰী আঁচনিৰ নামত দুটা বাল্ব দিব বুলি কয় আৰু সেই বাল্বৰ নামত তেওঁলোকে ১০ টকা বা ২০ টকা বিচাৰে।

ইয়াৰ পিছত এই চক্ৰটোৱে কয় যে – আপোনাৰ আধাৰ কাৰ্ডখন দিয়ক আৰু আপোনাৰ আঙুলিৰ চাপ বা বায়োমেট্রিক্স (Biometrics) এই ফিংগাৰপ্ৰিণ্ট মেচিনটোত দিয়ক। আপুনি যেতিয়া সেই মেচিনত বায়োমেট্রিক্স দিয়ে, তেতিয়া প্ৰতাৰকসকলে কয় যে আপোনাৰ মোবাইল ফোনত এটা অ’টিপি (OTP) যাব। আপুনি যদি তেওঁলোকক প্ৰশ্ন কৰে যে অ’টিপি কি কাৰণে লাগে? তেতিয়া তেওঁলোকে কয় যে – আপোনালোকে যে এই আঁচনিখন গ্ৰহণ কৰিছে, এই তথ্য আমি চৰকাৰক দিব লাগিব, যাৰ বাবে আপোনাৰ মোবাইলত অহা অ’টিপিটো অতিকৈ প্ৰয়োজনীয়।

গাঁৱৰ প্ৰায়সংখ্যক মানুহ সহজ-সৰল হোৱাৰ বাবে তেওঁলোকে এই কথাত ভুল যায় আৰু নিজৰ বায়োমেট্রিক্স তথা অ’টিপি প্ৰদান কৰে। ইয়াৰ পিছতেই সেই দুষ্ট চক্ৰটোৱে আপোনালোকক দুটা বাল্ব দি সেই ঠাইৰ পৰা গুচি যায় আৰু প্ৰায় দুই-তিনি ঘণ্টাৰ ভিতৰত আপোনাৰ একাউণ্টত থকা সকলো টকা তেওঁলোকে লুটি নিয়ে।

এই তথ্যখিনি আপোনালোকে নিজৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ মাজত শ্বেয়াৰ কৰক, যাতে সকলোৱে এনেকুৱা দুষ্ট চক্ৰৰ কবলৰ পৰা নিজৰ লগতে নিজৰ পৰিয়ালৰ কষ্টোপাৰ্জিত ধনখিনি ৰক্ষা কৰিব পাৰে।

২. ইণ্ডিয়া পোষ্ট আৰু চৰকাৰী উপহাৰৰ প্ৰলোভন:

সামাজিক মাধ্যমত ইণ্ডিয়া পোষ্ট বা বিখ্যাত কোম্পানীৰ নামত উপহাৰ জিকাৰ লিংকে হাহাকাৰ সৃষ্টি কৰিছে। প্ৰতাৰকসকলে এনেদৰে লিংক সাজে যে চাবলৈ হুবহু চৰকাৰী ৱেবছাইটৰ দৰে লাগে। তাত আপোনাক কিছুমান প্ৰশ্ন সোধা হয় আৰু শেষত ক’বলৈ কোৱা হয় যে – আপুনি ২০ জন বন্ধুৰ মাজত এই লিংকটো শ্বেয়াৰ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ফোনৰ সকলো ব্যক্তিগত ডাটা প্ৰতাৰকৰ চাৰ্ভাৰলৈ গুচি যায়। এনে লিংকবোৰ কেৱল জাল মাত্ৰ, সেয়ে তেনে প্ৰলোভনত ভোল গৈ নিজৰ লগতে আনক বিপদত নেপেলাব।

৩. বিদ্যুৎ বিল আপডেটৰ নামত ভয় প্ৰদৰ্শন:

আজি নিশা ৯ বজাত আপোনাৰ ঘৰৰ লাইন কাটি দিয়া হ’ব – এনে মেছেজ আহিলে মানুহ স্বাভাৱিকতে ভয়াতুৰ হৈ পৰে। এই ভয়ৰ সুযোগ লৈ প্ৰতাৰকসকলে আপোনাক এনিডেস্ক (AnyDesk) বা টিমভিউয়াৰ (TeamViewer) নামৰ এপ ডাউনলোড কৰিবলৈ বাধ্য কৰিব। এই এপত থকা স্ক্ৰীন শ্বেয়াৰিং অপচনটো অন কৰাৰ লগে লগে আপোনাৰ ফোনৰ স্ক্ৰিনটো প্ৰতাৰকৰ মণিটাৰত দৃশ্যমান হয়। তেওঁলোকে আপোনাৰ বেংক একাউণ্টৰ পাছৱৰ্ড বা পিন নম্বৰ নিজে টাইপ কৰি আপোনাৰ ধন লুণ্ঠন কৰে।

৪. কে.ৱাই.চি. (KYC) আৰু বেংক একাউণ্ট ব্লকৰ ভীতি:

আপোনাৰ পান কাৰ্ড বা বেংক একাউণ্ট ব্লক হৈছে, এই লিংকত ক্লিক কৰি আপডেট কৰক – এনে মেছেজ পাই বহুতে চকু মুদি ক্লিক কৰে। সেই নকল ৱেবছাইটত নিজৰ একাউণ্ট নম্বৰ আৰু অ’টিপি দিয়াৰ লগে লগে আপোনাৰ কষ্টোপাৰ্জিত ধন প্ৰতাৰকৰ হাতলৈ যায়। বেংকে কেতিয়াও ফোন বা এছ.এম.এছ-ৰ জৰিয়তে কে.ৱাই.চি. আপডেট কৰিবলৈ অনুৰোধ নকৰে। যিকোনো সমস্যা হ’লে বেংকৰ নিজৰ এপ বা শাখাৰ লগত যোগাযোগ কৰাটোৱেই একমাত্ৰ সুৰক্ষিত পথ।

৫. অনলাইন চাকৰি আৰু পাৰ্ট-টাইম উপাৰ্জনৰ টোপ:

ঘৰতে বহি দিনে হাজাৰ হাজাৰ টকা উপাৰ্জনৰ বিজ্ঞাপন আজি ফেচবুকত সঘনাই দেখা যায়। ইউটিউব ভিডিঅ’ লাইক কৰা বা টেলিগ্রামত টাস্ক পূৰণ কৰাৰ নামত প্ৰথমে তেওঁলোকে সৰু পৰিমাণৰ টকা আপোনাৰ একাউণ্টত জমা কৰি বিশ্বাস জন্মাব। কিন্তু এবাৰ আপুনি ডাঙৰ পৰিমাণৰ ধন বিনিয়োগ কৰিব, তেতিয়াই তেওঁলোকে আপোনাৰ একাউণ্ট ব্লক কৰি দিব। কোনো ধৰণৰ আগতীয়া পইচা লৈ কাম দিয়াৰ প্ৰস্তাৱ সঁচা হ’ব নোৱাৰে।

৬. ফেক পাৰ্চেল আৰু ডিজিটেল এৰেষ্ট:

এয়া হৈছে বৰ্তমানৰ আটাইতকৈ আধুনিক আৰু ভয়ংকৰ প্ৰতাৰণা। আপোনাক কোনো চি.বি.আই. বা পুলিচ বিষয়া বুলি পৰিচয় দি ভিডিঅ’ কল কৰা হ’ব আৰু ক’ব যে – আপোনাৰ নামৰ পাৰ্চেলত নিষিদ্ধ দ্ৰব্য পোৱা গৈছে। আপোনাক ভয় খুৱাই ডিজিটেল এৰেষ্ট কৰা হৈছে বুলি কোৱা হ’ব আৰু কেচটো মিমাংসা কৰিবলৈ টকা দাবী কৰিব। মনত ৰাখিব, কোনো আইনী প্ৰতিষ্ঠানে ভিডিঅ’ কলৰ জৰিয়তে কেতিয়াও কোনো কাৰ্য সম্পাদন নকৰে।

৭. এআই (AI) ভইচ ক্ল’নিং আৰু ব্ল্যাকমেইল:

কৃত্ৰিম বুদ্ধিমত্তা বা এ.আই. ব্যৱহাৰ কৰি এতিয়া আপোনাৰ আত্মীয়ৰ মাত হুবহু নকল কৰিব পৰা যায়। বিপদৰ অজুহাতত আপোনাৰ ল’ৰা বা বন্ধুৰ মাতত ফোন আহিলে লগে লগে টকা নিদিব। আনহাতে, ভিডিঅ’ কলত অচিনাকি ছোৱালীৰ ছবি দেখি কল ৰিচিভ কৰাৰ লগে লগে আপোনাৰ স্ক্ৰিন ৰেকৰ্ডিং কৰি আপত্তিজনক ভিডিঅ’ সজাই ব্ল্যাকমেইল কৰা হয়। এনে কলৰ পৰা সদায় দূৰত থাকক।

অনলাইন প্ৰতাৰণাৰ পৰা সুৰক্ষিত হৈ থকাৰ উপায়সমূহ:-

অনলাইন জগতত প্ৰতিটো খোজত আমি কেনেকৈ সতৰ্ক থাকি নিজৰ কষ্টোপাৰ্জিত ধন আৰু ব্যক্তিগত তথ্য সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, তাৰ বাবে তলত দিয়া পৰামৰ্শসমূহ সাৱধানে পঢ়ক আৰু পালন কৰক:

১. লিংকৰ সত্যতা পৰীক্ষা কৰা (Verification of Links):

ইণ্টাৰনেটত অহা যিকোনো লিংকত ক্লিক কৰাৰ আগতে প্ৰথমতে লিংকটোৰ নামটো লক্ষ্য কৰক। ভাৰত চৰকাৰৰ যিকোনো অফিচিয়েল ৱেবছাইটৰ ঠিকনাৰ শেষত সদায় .gov.in থাকে। যদি কোনো লিংকৰ শেষত .xyz, .top, .online, .cyou, .biz বা .club আদি থকা দেখা পায়, তেন্তে সেইটো নিশ্চিতভাৱে এটা ভুৱা আৰু প্ৰতাৰণামূলক লিংক বুলি ধৰি ল’ব। এনে লিংকত ক্লিক কৰা মানেই প্ৰতাৰকৰ ফান্দত ভৰি দিয়া। গতিকে যিকোনো লিংকত ক্লিক কৰাৰ পূৰ্বে লিংকটোৰ বাণান আৰু ইয়াৰ শেষৰ অংশটো ভালদৰে পৰীক্ষা কৰি ল’ব।

২. ভয় আৰু লোভৰ প্ৰলোভনৰ পৰা আঁতৰি থকা (Avoid Fear & Greed):

প্ৰতাৰকসকলে আমাৰ দুটা অতি দুৰ্বল দিশক লৈ খেলে – ভয় আৰু লোভ। কেতিয়াবা তেওঁলোকে আজি নিশা ৯ বজাত লাইন কাটি দিয়া হ’ব বুলি ভয় দেখুৱায়, আকৌ কেতিয়াবা আপুনি লাখ টকাৰ উপহাৰ জিকিছে বুলি লোভ দেখুৱায়। মনত ৰাখিব, চৰকাৰী বা বেঙ্কিং প্ৰতিষ্ঠানসমূহে কেতিয়াও আপোনাক ভীতিগ্ৰস্ত কৰি বা হঠাতে উপহাৰৰ লোভ দেখুৱাই কোনো ব্যৱস্থা ল’বলৈ নকয়। যিকোনো মেছেজে যদি আপোনাক লগে লগে কিবা এটা কৰিবলৈ বাধ্য কৰে বা বিচলিত কৰি তোলে, তেন্তে বুজি ল’ব যে ইয়াত নিশ্চয় কিবা চল-চাতুৰী আছে। এনে পৰিস্থিতিত বিচলিত নহৈ শান্ত হৈ থাকক আৰু প্ৰথমে বিষয়টোৰ সত্যতা পৰীক্ষা কৰক।

৩. ব্যক্তিগত তথ্যৰ গোপনীয়তা ৰক্ষা কৰা (Data Privacy):

আপোনাৰ অ’টিপি (OTP), বেংক পাছৱৰ্ড, ডেবিট কাৰ্ডৰ পিন বা আধাৰ নম্বৰ হৈছে আপোনাৰ ডিজিটাল চাবিকাঠি। কোনো বেংকৰ বিষয়াই বা চৰকাৰী কৰ্মচাৰীয়ে ফোনত কেতিয়াও আপোনাৰ পৰা অ’টিপি বা পাছৱৰ্ড নিবিচাৰে। যদি কোনোবাই ফোন কৰি বা কোনো লিংকৰ জৰিয়তে আপোনাৰ পৰা এই তথ্যসমূহ বিচাৰে, তেন্তে লগে লগে সেই কথা অস্বীকাৰ কৰক। ব্যক্তিগত তথ্য যিমানেই গোপনে ৰাখিব, আপুনি সিমানেই সুৰক্ষিত থাকিব। মনত ৰাখিব, কোনো অচিনাকি ব্যক্তিৰ লগত আপোনাৰ ব্যক্তিগত তথ্য শ্বেয়াৰ কৰাটো নিজৰ ঘৰৰ দুৱাৰ মুকলি কৰি দিয়াৰ দৰেই বিপদজনক।

৪. এপ ডাউনলোডৰ ক্ষেত্ৰত চূড়ান্ত সাৱধানতা (Caution in App Downloads):

আজিকালি স্ক্ৰীন শ্বেয়াৰিং এপ বা ৰিম’ট এক্সেছ টুল (Remote Access Tool) ব্যৱহাৰ কৰি প্ৰতাৰকসকলে আপোনাৰ মোবাইলটো দূৰৰ পৰাই নিয়ন্ত্ৰণ কৰিব পাৰে। AnyDesk, TeamViewer বা আন কোনো অচিনাকি এপ ডাউনলোড কৰিবলৈ দিয়া পৰামৰ্শৰ প্ৰতি সাৱধান হওক। কোনো অচিনাকি ব্যক্তিৰ কথাত ভোল গৈ এনে এপ ডাউনলোড কৰিলে আপোনাৰ ফোনৰ গোটেই ডাটা, ফটোকপি আৰু বেঙ্কিং এপসমূহৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আহি পৰে। চৰকাৰী কামৰ বাবে কেতিয়াও কোনো থাৰ্ড-পাৰ্টী (Third-party) এপ ডাউনলোড কৰিবলৈ নকয়, সেয়ে এনে এপৰ পৰা সদায়ে দূৰত্ব বজাই ৰাখিব।

৫. সজাগতাৰ প্ৰচাৰ আৰু সামাজিক দায়বদ্ধতা (Spreading Awareness):

সজাগতাই হৈছে এই যুদ্ধৰ একমাত্ৰ অস্ত্ৰ। আপুনি যদি কোনো নতুন ধৰণৰ প্ৰতাৰণাৰ কথা জানিব পাৰে, তেন্তে সেই কথাটো লুকুৱাই নাৰাখিব। নিজৰ পৰিয়ালৰ সদস্য, বিশেষকৈ বয়োজ্যেষ্ঠসকল আৰু বন্ধু-বান্ধৱীসকলক এই বিষয়ে অৱগত কৰক। গাঁও বা চহৰৰ প্ৰতিজন মানুহে যদি এই ধৰণৰ স্কেমবোৰৰ বিষয়ে আগতীয়াকৈ জানি থাকে, তেন্তে কোনো প্ৰতাৰকে আমাক ঠগিব নোৱাৰিব। আপোনাৰ এটা সজাগ বাৰ্তাই হয়তো আপোনাৰ কাষৰ কোনোবা এজনৰ গোটেই জীৱনৰ উপাৰ্জনখিনি সুৰক্ষিত কৰি ৰাখিব পাৰিব। অজানিতে হোৱা ভুলবোৰক প্ৰতিৰোধ কৰিবলৈ আমাৰ সজাগতাই হওক সমাজৰ পৰিৱৰ্তনৰ মূল আধাৰ।

অনলাইন প্ৰতাৰণাৰ জালখন আজি ইমান বিশাল যে আমি প্ৰতিটো খোজত সতৰ্ক হ’ব লাগিব। চৰকাৰী ৱেবছাইটৰ (.gov.in) পৰিচয়, সন্দেহজনক লিংকৰ পৰা দূৰত্ব আৰু ব্যক্তিগত গোপনীয়তা ৰক্ষা কৰাই হৈছে আমাৰ একমাত্ৰ সুৰক্ষা কবচ। প্ৰযুক্তি আমাৰ সেৱক হ’ব লাগে, প্ৰতাৰকৰ হাতৰ পুতলা নহয়। আপুনি হোৱা এটা সজাগতাই হয়তো আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কষ্টৰ ধনখিনি সুৰক্ষিত কৰি ৰাখিব পাৰিব। মনে ৰাখিব, অনলাইন পৃথিৱীত কোনো কথাই চকু মুদি বিশ্বাস কৰিব নালাগে। সাৱধান হওক, সজাগ থাকক আৰু এই সজাগতা আন দহজনৰ মাজত বিলাই দি সমাজক এক সুৰক্ষিত ডিজিটেল পৰিৱেশ প্ৰদান কৰাত সহায় কৰক। প্ৰযুক্তিৰ দ্ৰুত পৰিৱৰ্তনৰ সৈতে তাল মিলাবলৈ হ’লে আমি নিজকে আপডেট কৰিব লাগিব। অনলাইন সুৰক্ষাক কেৱল এটা অতিৰিক্ত কাম বুলি নাভাবি তাক নিজৰ দৈনন্দিন জীৱনৰ এটা অংগ হিচাপে ল’ব লাগিব।