নাৰী সুৰক্ষা আৰু আমাৰ সামাজিক দায়বদ্ধতা: এক পৰ্যালোচনা – প্ৰেম বৈষ্ণৱ

Pc Unsplash

নাৰী সুৰক্ষা আৰু আমাৰ সামাজিক দায়বদ্ধতা: এক পৰ্যালোচনা

প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ

বৰ্তমান সময়ত আমাৰ সমাজত নাৰী নিৰ্যাতনৰ ঘটনা যি হাৰত বৃদ্ধি পাইছে, সেয়া গভীৰ চিন্তনীয় বিষয়। কন্যা সন্তানৰ ভৱিষ্যত আৰু তেওঁলোকৰ সুৰক্ষা লৈ আজি প্ৰতিগৰাকী অভিভাৱকেই উদ্বিগ্ন। এগৰাকী মাতৃয়ে আক্ষেপেৰে কৈছিল, “ল’ৰাবোৰে কিবা এটা কৰি খাব পাৰিব, কিন্তু ছোৱালী এজনীৰ বাবে সংস্থাপন এটা হোৱাটো খুবেই জৰুৰী।” এই কথাত লুকাই থকা ভীতি আৰু শংকা আজি সমাজৰ প্ৰতিখন ঘৰৰ। সমাজত সঘনাই বৃদ্ধি পোৱা এই সমস্যাবোৰৰ মূল সমাধান নিহিত আছে নাৰী সবলীকৰণৰ মাজত। বহু ক্ষেত্ৰত দেখা যায় যে যিসকল মহিলা অৰ্থনৈতিকভাৱে সবল নহয়, তেওঁলোকে কেৱল শাৰীৰিক নহয়, মানসিক অত্যাচাৰৰো বলি হ’বলগীয়া হয়। দৰিদ্ৰ হওক বা ধনী, অত্যাচাৰৰ স্বৰূপ প্ৰায়ে একে। আমি তথাকথিত আধুনিক সমাজত বাস কৰিলেও, কন্যা সন্তানক কেৱল সহনশীল, ধৈৰ্যশীল আৰু সংযমী হ’বলৈ শিকোৱাৰ প্ৰৱণতা এতিয়াও আছে। কিন্তু কোনবোৰ কথা সহ্য কৰিব লাগিব আৰু কোনবোৰক প্ৰতিবাদ কৰিব লাগিব, তাৰ শিক্ষা দিয়াটো অতি জৰুৰী। নিজৰ আত্মসন্মানত আঘাত হানি সকলো পৰিস্থিতিতে ধৈৰ্য ধৰাটো সদায় গুণ বুলি বিবেচিত নহয়।

পৰিয়ালৰ পৰিৱেশৰ পৰাই প্ৰতিটো প্ৰমূল্যৰ জন্ম হয়। শৈশৱৰ পৰাই ল’ৰা আৰু ছোৱালীৰ মাজত কৰা বৈষম্যমূলক আচৰণে ভৱিষ্যতৰ সমাজখনক কলুষিত কৰি তোলে। আমি যদি কন্যা সন্তানক কেৱল গৃহকৰ্মৰ প্ৰশিক্ষণ দিওঁ আৰু পুত্ৰ সন্তানক বাহিৰৰ জগতখনৰ অধিকাৰী বুলি ভাবো, তেন্তে বৈষম্যৰ ভেটিটো শক্তিশালী হৈ পৰে। এই মানসিকতা সলনি কৰাটো আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। শিক্ষা কেৱল কিতাপৰ মাজত সীমাবদ্ধ নাৰাখি, তাক কাৰ্যকৰী জীৱনৰ সৈতে সংযুক্ত কৰা উচিত। কন্যা সন্তানক তেওঁলোকৰ নিজৰ অধিকাৰ আৰু আইনী সুৰক্ষাৰ বিষয়ে জ্ঞান দিয়াটো অভিভাৱকৰ প্ৰাথমিক দায়িত্ব। সমাজৰ তথাকথিত ৰীতি-নীতি আৰু পৰম্পৰাৰ নামত বহু সময়ত নাৰীৰ মাত বন্ধ কৰি দিয়া হয়। এই কুসংস্কাৰবোৰক প্ৰশ্ন কৰিবলৈ শিকাব লাগিব।

আধুনিকতাৰ নামত আমি যি ধৰণৰ প্ৰতিযোগিতাত নামিছোঁ, তাৰ মাজত মানৱীয় গুণৰ অৱক্ষয় ঘটিছে। ঘৰুৱা হিংসাৰ ঘটনা কেৱল অশিক্ষিত পৰিয়ালতে সীমাবদ্ধ নহয়, উচ্চ শিক্ষিত সমাজতো ইয়াৰ প্ৰকোপ অতি ভয়ংকৰ। শিক্ষিত নাৰীও মানসিক অত্যাচাৰৰ বলি হয় কিন্তু সামাজিক মৰ্যাদাৰ প্ৰশ্ন আহিলে তেওঁলোকে মুখ খুলিবলৈ কুণ্ঠাবোধ কৰে। এই সংকোচ দূৰ কৰিবলৈ পৰিয়ালৰ সমৰ্থন আটাইতকৈ জৰুৰী। বিপদৰ সময়ত পৰিয়ালক কাষত পালে যিকোনো মহিলাই শত্ৰুৰ সন্মুখত থিয় দিয়াৰ সাহস গোটাব পাৰে। সমাজৰ চকুত কি হ’ব বা মানুহে কি ক’ব, সেই চিন্তাতকৈ জীৱনৰ সুৰক্ষা আৰু আত্মসন্মান বেছি মূল্যৱান।

আমাৰ শিক্ষানুষ্ঠানসমূহত নৈতিক শিক্ষাৰ প্ৰসাৰ বৰ্তমানৰ প্ৰয়োজন। শিক্ষাৰ মূল লক্ষ্য হ’ল উপাৰ্জনক্ষম হোৱাৰ  লগতে মানুহক ‘মানুহ’ হিচাপে সন্মান কৰাৰ যোগ্যতা অৰ্জন কৰাটো। নাৰী নিৰ্যাতন কেৱল এখন আইনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পৰা নাযায়, যদিহে পুৰুষৰ মানসিকতা সলনি নহয়। ল’ৰাবোৰক সৰুৰে পৰা নাৰীৰ প্ৰতি শ্ৰদ্ধাশীল হ’বলৈ শিকোৱাটো সমানে জৰুৰী। সহমৰ্মিতা আৰু সংবেদনশীলতাৰ শিক্ষা অবিহনে সমাজৰ পৰা অপৰাধৰ প্ৰকোপ হ্ৰাস কৰা অসম্ভৱ। আমি যদি কেৱল কন্যা সন্তানক সুৰক্ষিত হোৱাৰ বাবে সতৰ্ক কৰি থাকো, তেন্তে মূল সমস্যাটোৰ সমাধান নহ’ব। পুৰুষক নিয়ন্ত্ৰণ আৰু সংযমৰ শিক্ষা দিয়াটো আমাৰ সামাজিক দায়িত্বৰ ভিতৰত পৰে।

নাৰী সৱলীকৰণৰ অৰ্থ হ’ল অৰ্থনৈতিক আৰু মানসিক স্বাধীনতা। বহুক্ষেত্ৰত দেখা যায় যে অৰ্থনৈতিকভাৱে স্বাৱলম্বী নোহোৱালৈকে নাৰীয়ে নিৰ্যাতনৰ মুখামুখী হ’ব লগা হয়। অৱশ্যে অৰ্থনৈতিক স্বাধীনতা মানে কেৱল চৰকাৰী চাকৰি নহয়। নিজৰ কৰ্মদক্ষতা ব্যৱহাৰ কৰি যিকোনো উদ্যোগ বা সেৱাৰ জৰিয়তে তেওঁলোকে স্বাৱলম্বী হ’ব পাৰে। পৰিয়ালৰ ভেটি সুদৃঢ় কৰিবলৈ নাৰীয়ে প্ৰতিটো ক্ষেত্ৰত যি অৱদান আগবঢ়াই আহিছে, তাক সমাজে স্বীকাৰ কৰিব লাগিব। আধুনিকতাৰ ভুল ব্যাখ্যাই পৰিয়ালৰ সম্পৰ্কত ফাট পেলাইছে। ইয়াৰ পৰিৱৰ্তে আমি সন্তানক এখন সুঠাম আৰু মানৱীয় পৰিৱেশত ডাঙৰ কৰাৰ প্ৰয়োজনীয়তা আছে।

সমাজৰ সামগ্ৰিক চিত্ৰখনলৈ চালে দেখা যায় যে আমি আজি এক জটিল সন্ধিক্ষণত উপনীত হৈছোঁ। পুৰণি আদৰ্শ আৰু নতুন প্ৰজন্মৰ চিন্তাৰ মাজত এক গভীৰ সংঘাত চলিছে। এই সংঘাতৰ মাজত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় মহিলাসকল। কেৱল নিজৰ পৰিচয় গঢ়ি তোলাৰ বাবে তেওঁলোকে প্ৰতিটো খোজত বাধাৰ সন্মুখীন হ’ব লগা হয়। এই বাধাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে আমাৰ মানসিকতাৰ পৰিৱৰ্তন আটাইতকৈ জৰুৰী। আমি সন্তানক শিকাব লাগিব যে সমাজত কোনো কাম উচ্চ বা নীচ নহয়, কামৰ গুৰুত্ব নিৰ্ভৰ কৰে কৰ্মপটুতাৰ ওপৰত। যদি এগৰাকী ছোৱালীয়ে নিজৰ লক্ষ্যৰ ফালে আগবাঢ়ি যায়, তেন্তে অভিভাৱকে তেওঁক বাধা নিদি উৎসাহ যোগাব লাগে।

পৰম্পৰাৰ দোহাই দি যিসকলে নাৰীক ঘৰৰ চাৰিবেৰৰ মাজত আৱদ্ধ কৰি ৰাখিব বিচাৰে, তেওঁলোকে প্ৰকৃততে সমাজৰ প্ৰগতিৰ বাট বন্ধ কৰি দিয়ে। প্ৰত্যেক গৰাকী কন্যা সন্তানৰ সপোন দেখাৰ অধিকাৰ আছে। তেওঁলোকৰ সপোনবোৰক বাস্তৱ ৰূপ দিবলৈ পৰিয়ালৰ সহযোগী ভূমিকা সৰ্বোত্তম। সমাজত ঘটা অপৰাধসমূহৰ বিশ্লেষণ কৰিলে দেখা যায় যে বহু সময়ত নিৰ্যাতনকাৰীজন পৰিচিত ব্যক্তিৰ মাজৰ পৰাই ওলাই আহে। এই দিশটোৱে আমাক অধিক সতৰ্ক কৰি তোলে। ঘৰুৱা নিৰাপত্তা কেৱল তলা-চাবিৰ ওপৰত নিৰ্ভৰ নকৰে, ই নিৰ্ভৰ কৰে পৰিয়ালৰ সদস্যসকলৰ মাজত থকা বিশ্বাস আৰু নিৰ্মল সম্পৰ্কৰ ওপৰত।

সুৰক্ষাৰ বাবে আমি প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব পাৰোঁ যদিও মানৱীয় সংযোগৰ কোনো বিকল্প নাই। সন্তানৰ সৈতে প্ৰতিদিনে অন্ততঃ কিছু সময় কথা পতাটো অভিভাৱকৰ প্ৰধান কৰ্তব্য। সন্তানৰ মনত কি চলিছে, তেওঁলোকৰ কোনো ভয় বা শংকা আছে নেকি, সেয়া জানি লোৱাটো অত্যন্ত প্ৰয়োজন। প্ৰায়ে দেখা যায় যে নিৰ্যাতনৰ বলি হোৱা ছোৱালীজনীয়ে প্ৰথম অৱস্থাত কথাটো লুকুৱাই ৰাখে কাৰণ তেওঁলোকে অভিভাৱকক ভয় কৰে বা লাজ পায়। এই ভীতি আৰু লাজৰ অন্ত পেলাব লাগিব। তেওঁলোকে জানিব লাগিব যে যি কোনো বিপদৰ সময়ত তেওঁলোকৰ ঘৰখনেই হৈছে প্ৰথম সুৰক্ষিত আশ্ৰয়স্থল। আমাৰ সমাজৰ প্ৰতিটো স্তৰতে এই সজাগতা বিয়পাই দিব লাগিব।

সমাজত সঘনাই বৃদ্ধি পোৱা অপৰাধৰ হাৰ আৰু পৰিয়ালৰ ভেটি দুৰ্বল হোৱাৰ প্ৰক্ৰিয়াটো অতি উদ্বেগজনক। আমি তথাকথিত আধুনিকতাৰ ধামখুমীয়াত সোমাই পৰি আমাৰ পৰম্পৰাগত মানৱীয় মূল্যবোধসমূহ হেৰুৱাই পেলাইছোঁ। বৰ্তমান সমাজত সুৰাপান, নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন আৰু নৈতিক অৱক্ষয়ে অপৰাধৰ মাত্ৰা বহুগুণে বৃদ্ধি কৰিছে। বহু সময়ত দেখা যায় যে পৰিয়ালৰ জ্যেষ্ঠসকলৰ চকুৰ আগতেই নতুন প্ৰজন্মই ভুল পথ বাচি লৈছে। এই অৱস্থাত নাৰীৰ সুৰক্ষা কেৱল চৰকাৰী ব্যৱস্থাৰ ওপৰত এৰি দি আমি নিৰাপদ বোধ কৰিব নোৱাৰো। ঘৰৰ পৰাই এই অৱক্ষয়ৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰিব লাগিব। সন্তানক সৰুৰে পৰা মানৱীয় গুণৰ প্ৰশিক্ষণ দি গঢ়ি তোলাটো আজিৰ সময়ৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। আমি যিমানেই শিক্ষাৰ সা-সুবিধা লাভ কৰিছোঁ, সিমানেই যেন আমি অধিক আত্মকেন্দ্ৰিক হৈ পৰিছোঁ। আনৰ দুখ বুজি পোৱাৰ প্ৰৱণতা কমি অহাৰ ফলত অসামাজিক কাৰ্যকলাপবোৰক সহজভাৱে লোৱাৰ এক মানসিকতা গঢ় লৈ উঠিছে।

নাৰী নিৰ্যাতনৰ মূল কাৰণবোৰৰ ভিতৰত এটা অন্যতম কাৰণ হ’ল লিংগ বৈষম্য। পুৰুষতন্ত্ৰৰ ধাৰণাই সমাজৰ চিন্তা-চৰ্চাৰ ওপৰত ইমানেই গভীৰ প্ৰভাৱ পেলাইছে যে বহুতো শিক্ষিত লোকৰ মনতো নাৰীক তুচ্ছ জ্ঞান কৰাৰ মানসিকতা বিৰাজমান। এই মানসিকতা সলনি কৰিবলৈ শিক্ষাৰ পৰিৱেশটো সলনি কৰাৰ প্ৰয়োজন আছে। আমাৰ পাঠ্যপুথিত নাৰীৰ অৱদান আৰু তেওঁলোকৰ অধিকাৰৰ বিষয়ে অধিক গুৰুত্ব প্ৰদান কৰিব লাগে। ল’ৰাবোৰক সৰুৰে পৰা শ্ৰদ্ধাৰ পাত্ৰ হিচাপে গঢ়ি তোলাৰ লগতে ছোৱালীবোৰৰ সৈতে সমান অংশীদাৰিত্বৰ শিক্ষা দিব লাগে। যিখন সমাজত নাৰীয়ে নিৰাপদ অনুভৱ নকৰে, সেই সমাজৰ প্ৰগতি কেতিয়াও স্থায়ী নহয়। আধুনিক যুগৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ আমি এক নতুন চিন্তাৰ ধাৰা গ্ৰহণ কৰিব লাগিব। আমাৰ ঘৰৰ চুবুৰীত বা কৰ্মক্ষেত্ৰত যদি কোনো মহিলা অসুৰক্ষিত বুলি আমাৰ পৰা ধাৰণা হয়, তেন্তে আমি নীৰৱ হৈ থাকিব নোৱাৰো। প্ৰতিবাদৰ ভাষা আৰু সুৰক্ষাৰ ব্যৱস্থা প্ৰত্যেকৰে হাতত থাকিব লাগে।

বিবাহৰ পাছত কন্যা সন্তানক স্বামী গৃহত সুখেৰে থকাৰ প্ৰশিক্ষণ দিয়াৰ লগতে প্ৰয়োজন সাপেক্ষে সাহসী হোৱাৰ শিক্ষাও দিব লাগে। পিতৃ-গৃহত তেওঁলোকে সদায় এই বিশ্বাস লভিব লাগে যে তেওঁলোক অকলশৰীয়া নহয় আৰু বিপদৰ সময়ত পৰিয়াল সদায় তেওঁলোকৰ লগত আছে। বহু সময়ত মধ্যবিত্ত পৰিয়ালৰ ছোৱালীবোৰে পিতৃ-মাতৃৰ কষ্টৰ কথা ভাবি নিজৰ ওপৰত হোৱা অত্যাচাৰৰ কথা ঘৰত নজনায়। এই মানসিক সংকোচ দূৰ কৰিবলৈ অভিভাৱকে সততে সচেতন হ’ব লাগে। অৱশ্যে, নাৰী সুৰক্ষাৰ আইনৰ অপব্যৱহাৰ কৰি কিছুমান ক্ষেত্ৰত মিছা অপবাদ দিয়াৰ দৰে অসৎ ঘটনাও নঘটা নহয়, যিয়ে প্ৰকৃত ভুক্তভোগীৰ বাবে ন্যায় পোৱাৰ পথটো জটিল কৰি তোলে। এনেবোৰ দিশৰ ওপৰত সচেতনতা গঢ়ি তোলাটো জৰুৰী। আইনৰ শাসন প্ৰতিষ্ঠা কৰাৰ লগতে সামাজিক ন্যায়ৰ ক্ষেত্ৰতো আমি সজাগ হ’ব লাগিব।

সুৰক্ষিত সমাজ গঢ়াৰ ক্ষেত্ৰত সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ ভূমিকাও অশেষ। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজিৰ সময়ত ছ’চিয়েল মিডিয়াত নাৰীক লৈ কৰা মন্তব্যসমূহো অশুভ দিশলৈ গতি কৰিছে। এই মাধ্যমত নাৰীৰ প্ৰতি শ্ৰদ্ধাশীল ভাষা ব্যৱহাৰ কৰাটোও এক প্ৰশিক্ষণৰ অংশ হ’ব লাগে। আমি আমাৰ সন্তানক ছ’চিয়েল মিডিয়াৰ সঠিক ব্যৱহাৰ শিকাব লাগিব। মোবাইল ফোন বা ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে সন্তানক পৰিয়ালৰ পৰা আঁতৰাই পেলাইছে নেকি? এই দিশটো অভিভাৱকে গভীৰভাৱে লক্ষ্য কৰা প্ৰয়োজন। পৰিয়ালৰ সদস্যসকলৰ মাজত অন্তৰংগ আলোচনাৰ অভাৱে অনেক বিপদ মাতি আনে। আমি যদি আমাৰ সন্তানক সময় নিদিওঁ, তেন্তে তেওঁলোকে বাহিৰৰ জগতৰ ভুল প্ৰভাৱত পৰাটো স্বাৱলিক।

আৰ্থ-সামাজিক অৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ দৃষ্টিভংগীৰো সলনি ঘটিছে। আগৰ দিনত যৌথ পৰিয়ালত থকাৰ সুবিধা আছিল, য’ত নাৰীয়ে এক প্ৰকাৰৰ সামাজিক সুৰক্ষা লাভ কৰিছিল। কিন্তু আধুনিক একক পৰিয়ালবোৰত নাৰী বহুক্ষেত্ৰত অকলশৰীয়া হৈ পৰিছে। এই অকলশৰীয়া অৱস্থাই তেওঁলোকক মানসিক হেঁচা প্ৰয়োগ কৰে। এই সমস্যাৰ সমাধান হিচাপে আমি চুবুৰীয়া বা সমাজৰ মানুহৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ প্ৰয়াস কৰিব লাগে। এখন সুৰক্ষিত সমাজ গঢ়িবলৈ চুবুৰীৰ মানুহৰ মাজত মিলাপ্ৰীতি থকাটো অতি প্ৰয়োজনীয়। কোনো বিপদত পৰিলে যাতে তেওঁলোকে সহায় বিচাৰি ল’ব পাৰে, তাৰ বাবে এক শক্তিশালী সামাজিক নেটৱৰ্ক থকাটো আৱশ্যক। আমি একেলগে প্ৰচেষ্টা চলোৱাৰ অৰ্থই হ’ল এক সুৰক্ষিত ভৱিষ্যতৰ দিশত আগুৱাই যোৱা।

এটা কথা স্পষ্ট যে, নাৰী নিৰ্যাতনৰ বিৰুদ্ধে যুঁজখন কেৱল নাৰীৰ ব্যক্তিগত যুঁজ নহয়। ই সমাজৰ প্ৰতিজন ব্যক্তিৰ নৈতিক দায়বদ্ধতা। পুৰুষ বা মহিলাৰ মাজত কোনো ভেদাভেদ নাৰাখি আমি মানৱীয় মূল্যবোধক উচ্চ স্থান দিব লাগিব। আমি যিমানেই উচ্চ শিক্ষা লাভ নকৰো কিয়, যদি আমি আনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব নোৱাৰো, তেন্তে সেই শিক্ষাৰ কোনো সাৰ্থকতা নাথাকিব। আমি আমাৰ নতুন প্ৰজন্মক এনেদৰে শিক্ষা দিব লাগিব যাতে তেওঁলোকে নাৰীৰ প্ৰতি কোনো ঘৃণা বা অৱজ্ঞা পোষণ নকৰে। প্ৰতিজন অভিভাৱকে তেওঁলোকৰ ল’ৰা বা ছোৱালীক সুৰক্ষাৰ প্ৰশিক্ষণ দিব লাগে। ল’ৰাক শিক্ষা দিব লাগে যে নাৰীৰ সুৰক্ষা তেওঁলোকৰ নৈতিক দায়িত্ব আৰু ছোৱালীক শিকাব লাগে নিজৰ আত্মসন্মান ৰক্ষা কৰাৰ সাহস। আমি সকলোৱে মিলি এনে এক সমাজ গঢ়িব পাৰোঁ, য’ত নাৰীয়ে নিৰ্ভয়ে আৰু নিৰাপদে জীয়াই থকাৰ অধিকাৰ পায়। এই যুঁজখন দীঘলীয়া হ’ব পাৰে, কিন্তু অদম্য ইচ্ছা শক্তিৰ দ্বাৰা আমি নিশ্চিতভাৱে সফল হ’ম।

অতীতৰ পৰা বৰ্তমানলৈকে সমাজৰ গতিধাৰা লক্ষ্য কৰিলে দেখা যায় যে নাৰীয়ে সদায় প্ৰত্যাহ্বানৰ মাজত নিজৰ অস্তিত্ব ৰক্ষা কৰি আহিছে। আমি যি পৰিৱৰ্তনৰ কথা কৈছোঁ, সেয়া কেৱল বাহ্যিক নহয়, বৰঞ্চ অন্তঃকৰণৰ পৰা অহা এক জাগৰণ হ’ব লাগিব। সমাজৰ পৰা অপৰাধৰ প্ৰকোপ হ্ৰাস কৰিবলৈ আমি এক সুদৃঢ় পৰিকল্পনাৰ আৱশ্যক অনুভৱ কৰিছোঁ। কেৱল আইনৰ প্ৰণয়নেই সকলো সমস্যাৰ সমাধান নহয়, আইনৰ প্ৰয়োগ আৰু তাৰ প্ৰতি মানুহৰ ভয় আৰু শ্ৰদ্ধা থকাটো অতি জৰুৰী। যিসকলে নাৰীৰ ওপৰত অত্যাচাৰ চলাই, তেওঁলোকৰ মানসিকতা বিকৃত। এই বিকৃতি ৰোধ কৰিবলৈ পৰিয়াল আৰু শিক্ষানুষ্ঠানৰ ভূমিকা অদ্বিতীয়। আমি যদি আমাৰ ঘৰৰ ভিতৰত ল’ৰা আৰু ছোৱালীৰ মাজত সমতা অনাৰ প্ৰচেষ্টা কৰোঁ, তেন্তে বাহিৰৰ জগততো তাৰ প্ৰভাৱ দেখা পোৱা যাব।

নাৰী নিৰ্যাতনৰ বিষয়টো কেৱল এখন পৃষ্ঠাৰ আলোচনা নহয়, ই আমাৰ সামাজিক জীৱনৰ এক কলংক। এই কলংক মচিবলৈ আমি প্ৰতিগৰাকী অভিভাৱকে নিজৰ দায়িত্ব পালন কৰিব লাগিব। পিতৃ-মাতৃয়ে যদি সন্তানৰ লগত মুকলি মনেৰে কথা পাতিবলৈ আৰম্ভ কৰে, তেন্তে বহু অনাকাংক্ষিত ঘটনাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। সন্তানৰ মনত ভয়ৰ সলনি বিশ্বাসৰ ভেটি গঢ়ি তোলাটোৱেই আচল সাফল্য। আমি আমাৰ সন্তানক শিকাব লাগিব যে সাহসৰ অৰ্থ হ’ল অন্যায়ৰ বিৰুদ্ধে থিয় দিয়া। যিকোনো পৰিস্থিতিত যদি তেওঁলোকে নিজৰ আত্মসন্মানক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে, তেন্তে কোনো নিৰ্যাতনকাৰীয়ে তেওঁলোকক ভয় খুৱাব নোৱাৰে। এই আত্মবিশ্বাস গঢ়ি তোলাৰ দায়িত্ব পৰিয়ালৰ ওপৰত ন্যস্ত।

অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশটোও আমি গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত। নাৰীৰ অৰ্থনৈতিক স্বাধীনতা কেৱল চাকৰিৰ মাজত সীমাবদ্ধ নাৰাখি, নিজৰ কৰ্মপটুতা প্ৰদৰ্শনৰ ক্ষেত্ৰত যিকোনো উদ্যোগ বা ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে আগুৱাই যাবলৈ উৎসাহিত কৰিব লাগে। এই প্ৰচেষ্টাই তেওঁলোকক সমাজত এক সুকীয়া পৰিচয় প্ৰদান কৰিব। চৰকাৰী আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰাৰ লগতে আমি স্ব-সহায়ক গোটৰ জৰিয়তে মহিলাসকলক একত্ৰিত কৰিব পাৰোঁ। যেতিয়া নাৰীয়ে অৰ্থনৈতিকভাৱে স্বতন্ত্ৰ হয়, তেতিয়া তেওঁলোকৰ ওপৰত হোৱা মানসিক হেঁচা বহু পৰিমাণে কমি যায়। এই দিশত আমি অভিভাৱক হিচাপে তেওঁলোকক পৰামৰ্শ আৰু সমৰ্থন আগবঢ়াব লাগে।

সামাজিক অৱক্ষয়ৰ অন্যতম কাৰণ হ’ল আধুনিক প্ৰযুক্তিৰ অপব্যৱহাৰ। ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰে আজিকালি যি ধৰণৰ প্ৰৰোচনামূলক মন্তব্য কৰা হয়, তাৰ বিৰুদ্ধে আমি সজাগ হ’ব লাগিব। আমি প্ৰতিজন ব্যক্তিয়ে ডিজিটেল নৈতিকতা অৱলম্বন কৰাটো দৰকাৰ। কোনো ব্যক্তিক ব্যক্তিগতভাৱে আক্ৰমণ কৰা বা নাৰীৰ প্ৰতি অশালীন ভাষা ব্যৱহাৰ কৰাৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব। ইণ্টাৰনেটক আমি জ্ঞান আৰু শিক্ষা আহৰণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ শিকাব লাগে। সন্তানক অনলাইন সুৰক্ষাৰ বিষয়ে শিক্ষা দিয়াটোও অভিভাৱকৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব।

আমি অৱশ্যে পাহৰি যাব নোৱাৰো যে আইনৰ হাত চুটি হ’লে সমাজত অপৰাধীৰ সাহস বাঢ়ে। সেয়েহে প্ৰশাসনিক স্তৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে সামাজিক ন্যায় প্ৰদানৰ ক্ষেত্ৰত ক্ষিপ্ৰতা অৱলম্বন কৰিব লাগে। লগতে, আমি এটাও মনত ৰখা উচিত যে আইনৰ অপব্যৱহাৰ কৰাটোও এক অপৰাধ। মিছা অভিযোগৰ দৰে অসৎ কাৰ্যই প্ৰকৃত ভুক্তভোগীৰ ন্যায় পোৱাৰ পথটো জটিল কৰি তোলে। এনেবোৰ ঘটনাৰ বিৰুদ্ধেও আমি সচেতন হ’ব লাগিব যাতে আইনখন সঠিকভাৱে আৰু ন্যায়সংগতভাৱে প্ৰয়োগ হয়। আমি ন্যায় বিচাৰি ল’ৰা-ছোৱালীৰ বাবে এক সুস্থিৰ ব্যৱস্থা গঢ়ি তুলিব লাগে।

শেষত ক’ব পাৰি যে, সমাজৰ প্ৰতিখন ঘৰত যেতিয়া প্ৰতিগৰাকী কন্যা সন্তানক সন্মান আৰু সুৰক্ষা প্ৰদান কৰা হ’ব, তেতিয়াই নাৰী সুৰক্ষিত হ’ব। আমি সকলোৱে লগ লাগি এক এনে পৰিৱেশ গঢ়িবলৈ চেষ্টা কৰা উচিত য’ত কোনো কন্যাই নিজৰ সুৰক্ষাৰ বাবে শংকিত হ’ব নালাগে। প্ৰতিগৰাকী অভিভাৱকেই নিজ সন্তানক পুত্ৰ বা কন্যাৰ নিৰ্বিশেষে প্ৰকৃত মানৱীয় গুণেৰে পৰিপুষ্ট কৰি গঢ়ি তুলিব লাগিব। তেতিয়াহে নাৰী সুৰক্ষিত হ’ব আৰু সমাজৰ পৰা অপৰাধৰ প্ৰকোপ কিছু পৰিমাণে হ’লেও হ্ৰাস পাব। আমাৰ প্ৰচেষ্টা যিমান সক্ৰিয় হ’ব, সমাজৰ ছবিখন সিমান সলনি হ’ব। আমি প্ৰতিজ্ঞা কৰিব লাগিব যে প্ৰতিখন ঘৰ হ’ব নাৰীৰ বাবে আটাইতকৈ সুৰক্ষিত স্থান। ভৱিষ্যত প্ৰজন্মক এখন সুন্দৰ আৰু নিৰাপদ সমাজ দি যোৱাটো আমাৰ নৈতিক দায়িত্ব। মানৱীয় গুণৰ বিকাশ আৰু নৈতিকতাৰ চৰ্চাই হৈছে সমাজৰ পৰিৱৰ্তনৰ একমাত্ৰ উপায়। আমি অদম্য সাহস আৰু দৃঢ়তাৰে আগুৱাই গ’লেহে এখন সুৰক্ষিত সমাজ কল্পনা কৰিব পৰা যাব।