প্ৰকৃত ঠিকনা – ৰূপালী গগৈ চুতীয়া 

Pc StockCake

প্ৰকৃত ঠিকনা 

ৰূপালী গগৈ চুতীয়া 

তুমি ৰঙা ভাল পোৱা বাবেই
ৰঙীন হৈ গৈছিলোঁ
পিছে এতিয়া কি কৰোঁ?
তুমি বৰষুণ ভাল পোৱা বাবেই
চিপচিপিয়া বৰষুণত তিতিলোঁ
পিছে এতিয়া কি কৰোঁ?
মাথো জীয়াই থাকিবৰ বাবে নহয়
আন্তৰিকতা আছে বাবে
হয়টো নিজৰ কৰি লৈছিলোঁ
পিছে ….…..
প্ৰেম আৰু ভাল পোৱা
ৰাধা কৃষ্ণক সুধিবা
যদি কিবা বাকী আছে
নিজক সুধি লোৱা।
জীৱনৰ মধুৰতম সময়
আজিও তুমি জানা
সকলোকে কওঁ
মোৰ প্ৰকৃত ঠিকনা মাথোঁ ….
তোমাৰ মৰম লগা ওঁঠযুৰি
পিছে তোমাৰ ঠিকনা
আজিও ……..
আৰু একো নকওঁ দিয়া
নকওঁ দিয়া।