যাবই যেতিয়া লাগিব – ভটিমা ৰাজবংশী

Pc Unsplash

যাবই যেতিয়া লাগিব

 ভটিমা ৰাজবংশী,নলবাৰী

যাবই যেতিয়া লাগিব
অনুতাপ নকৰোঁ দিয়া
এখনেই যে মোৰ আলসুৱা হিয়া
ল’বলৈও একো নাই
দিবলৈও একো নাই
হিয়াখন বৰ কোমল
তাক চিৰা-চিৰ নকৰোঁ দিয়া
আলফুলে তুলি দিলোঁ
হাত পাতি লোৱা।
যাবই যেতিয়া লাগিব
পিছলৈ ঘূৰি নাচাওঁ দিয়া
পোৱা-নোপোৱাৰ অভিযোগবোৰ
আৰু আউৰাই হিয়াখনক
মলিন নকৰোঁ দিয়া
জন্মৰ পৰা এই ক্ষণৈ
এইখনেই মোৰ ৰঙা তেজৰ
বৰ কোমল হিয়া
তাকেই দিলোঁ
হাত পাতি লোৱা।
যাবই লাগিব যেতিয়া
মনৰ দেহৰ আৱৰণবোৰ
সলাই থৈ আহিছোঁ দিয়া
আৰু পলম নকৰোঁ
হাতখন বঢ়াই দিয়া
তোমাৰ হাতত হাত থৈ
তোমাৰ পথেৰে
কোমল হিয়াখনক
পৰম আনন্দে লৈ যাওঁ ব’লা।