নীৰৱ দান: আত্মপ্ৰচাৰৰ উৰ্ধত এক পৱিত্ৰ সাধনা
প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ
মানৱ সভ্যতাৰ সুদীর্ঘ ইতিহাসত দান প্ৰক্ৰিয়া কেৱল সম্পদৰ বণ্টন নহয়, ‘দান’ হৈছে মানৱাত্মাৰ এক উচ্চতৰ প্ৰকাশ। সমাজৰ ভেটি মজবুত কৰাত দয়া, মমতা আৰু ত্যাগৰ ভূমিকা অনস্বীকাৰ্য। ভাৰতীয় দৰ্শনত দানক কেৱল বস্তুগত আদান-প্ৰদান হিচাপে চোৱা নহয়, ইয়াক এক আধ্যাত্মিক সাধনা হিচাপে গণ্য কৰা হয়। যি সময়ত বিশ্বায়ন আৰু প্ৰযুক্তিৰ দ্ৰুত বিস্তাৰে মানুহৰ মাজত ব্যক্তিগত স্বাৰ্থপৰতা বৃদ্ধি কৰিছে, সেই সময়ত দানৰ দৰে মহান প্ৰবৃত্তিয়ে মানুহক পুনৰাই মানৱীয়তাৰ বাটেৰে আগুৱাই নিয়াৰ প্ৰয়াস কৰে। দৰাচলতে, দান হৈছে এজন ব্যক্তিৰ পৰা আন এজনলৈ বিয়পি পৰা প্ৰেম আৰু সহমৰ্মিতাৰ এক সূক্ষ্ম অথচ গভীৰ সংযোগ। আমাৰ প্ৰাচীন শাস্ত্ৰসমূহত দানক ঈশ্বৰপ্ৰাপ্তিৰ অন্যতম পথ বুলি অভিহিত কৰিছে। বৰ্তমানৰ প্ৰযুক্তি নিৰ্ভৰ সমাজত দানৰ অৰ্থ আৰু পদ্ধতিৰ ব্যাপক পৰিৱৰ্তন ঘটিছে যদিও ইয়াৰ মূল উদ্দেশ্য অৱশ্যে অপৰিৱৰ্তিত হৈ আছে। এই পৰ্যালোচনাত আমি দানৰ প্ৰকৃত তাৎপৰ্য, সমাজত ইয়াৰ প্ৰভাৱ আৰু বৰ্তমান সময়ত এই পৱিত্ৰ কৰ্মৰ সৈতে জড়িত হৈ পৰা বিভিন্ন সংকট তথা প্ৰত্যাহ্বানসমূহৰ বিষয়ে এক বিস্তাৰিত আলোচনা আগবঢ়াম।
‘দান’ হৈছে হৃদয়ৰ গভীৰ ঔদাৰ্য, বিবেকৰ জাগৰণ আৰু আত্মাৰ পৰিশুদ্ধি সাধনৰ এক মহান পথ। ভাৰতীয় দাৰ্শনিক পৰম্পৰাত দানক কেতিয়াও ধন-সম্পত্তিৰ পৰিমাণেৰে বিচাৰ কৰা নহয়। ইয়াৰ বিপৰীতে দাতাৰ মনোভাৱ, উদ্দেশ্য আৰু বিনয়ৰ দ্বাৰাহে ইয়াৰ প্ৰকৃত মাহাত্ম্য নিৰ্ণয় কৰা হয়। যি দানৰ লগত অহংকাৰৰ সংযোগ ঘটে, সেই দানৰ পৱিত্ৰতা ম্লান হৈ পৰে। আত্মপ্ৰচাৰৰ সামান্য আকাংক্ষাই মানৱতাৰ নিৰ্মল আকাশত অহমিকাৰ মেঘ সানি দিয়ে। মানুহৰ জীৱনধাৰা সদায় প্ৰকৃতিৰ পৰা অনুপ্ৰাণিত। বৃক্ষই নিজৰ বাবে ফল ধাৰণ নকৰে, নদীয়ে নিজৰ পানী নিজে পান নকৰে আৰু গাইগৰুৱে নিজৰ বাবে গাখীৰ নিদিয়ে। পৰৰ উপকাৰৰ বাবে উৎসর্গিত এই শৰীৰ আৰু সম্পদৰ মূল ধাৰণাই আমাৰ সংস্কৃতিৰ মূল ভেটি। এই শাশ্বত সত্যক আমি আমাৰ দৈনন্দিন জীৱনত কিমানদূৰ প্ৰয়োগ কৰিব পাৰিছোঁ, সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমি প্ৰতিটো ক্ষণত এই কথা মনত ৰখা উচিত যে আমাৰ উপাৰ্জন কেৱল আমাৰ ব্যক্তিগত সম্পদ নহয়, ইয়াৰ এক অংশ সমাজৰ দুখীয়া আৰু অৱহেলিত লোকৰ অধিকাৰ।
দানৰ আচল অৰ্থ বিচাৰিবলৈ গ’লে আমি প্ৰথমে দাতাৰ মানসিক অৱস্থাৰ ওপৰত আলোকপাত কৰিব লাগিব। কোনো নিৰ্দিষ্ট লক্ষ্য পূৰণৰ স্বাৰ্থত বা সামাজিক প্ৰতিষ্ঠা লাভৰ আশাত কৰা কৰ্ম দানৰ শ্ৰেণীত নপৰে। দান হৈছে এক সহজাত প্ৰবৃত্তি, যি প্ৰতিদানৰ আশা নকৰাকৈ প্ৰকাশ পায়। বহু সময়ত দেখা যায়, আমি আনক কিবা দিওঁতে নিজৰ নাম ফুটি উঠাটো বিচাৰোঁ। এনে মানসিকতাই দাতাৰ ব্যক্তিত্বৰ সৰলতাক নষ্ট কৰে। প্ৰকৃত দাতা তেৱেঁই, যিয়ে দান কৰি পাহৰি যায়। দানৰ ধাৰণাটো গভীৰ আৰু ইয়াৰ প্ৰসাৰ মানৱীয় প্ৰমূল্যৰ ওপৰত নিৰ্ভৰশীল। সমাজত বহু ব্যক্তি আছে যিয়ে জীৱনৰ সমগ্ৰ উপাৰ্জন দুখীয়াৰ সেৱাত ব্যয় কৰে, কিন্তু তেওঁলোকে নিজৰ নাম কতো প্ৰকাশ কৰিব নিবিচাৰে। এই নীৰৱতাৰ মাজতেই লুকাই আছে প্রকৃত মহত্ত্ব। দান কেৱল বস্তু দিয়া নহয়, দান হৈছে নিজৰ অংগীকাৰ প্ৰমাণ কৰাৰ এক মাধ্যম। আমি যেতিয়া কোনো ব্যক্তিক সহায় কৰোঁ, তেতিয়া আমি কেৱল তেওঁৰ ভৌতিক অভাৱ পূৰণ নকৰোঁ, বৰং তেওঁৰ মনত নতুন আশাৰ সঞ্চাৰ কৰোঁ।
আমি কিয় দানক এক সাধনা হিচাপে গ্ৰহণ কৰিব লাগে? কাৰণ দানৰ দ্বাৰা মানুহৰ সংকীর্ণতা আঁতৰ হয়। নিজৰ উপাৰ্জিত সম্পদৰ কিছু অংশ আনৰ বাবে এৰি দিলে মনৰ বিশালতা বাঢ়ে। এই বিশালতাই মানুহক ঈশ্বৰৰ কাষ চপাই নিয়ে। ভাৰতীয় ঋষি-মুনিসকলে এই বাবেই দানক যজ্ঞৰ সৈতে তুলনা কৰিছে। যজ্ঞত যেনেকৈ আহুতি দিয়া হয়, তেনেকৈ সম্পদৰ আহুতিয়ে সমাজত সুস্থিৰতা আনি দিয়ে। কিন্তু এই আহুতি যদি কেৱল লোক দেখুৱাবলৈ কৰা হয়, তেন্তে তাৰ পৰা কোনো ধৰ্মীয় বা নৈতিক ফল পোৱা নাযায়। দানৰ সময়ত দাতাৰ চকুৰ দৃষ্টি আৰু শৰীৰৰ ভাষা অতি গুৰুত্বপূর্ণ। যদি হাতত কিবা দিওঁতে মুখত অহংকাৰৰ ৰেখা দেখা যায়, তেন্তে সেই দান গ্ৰহণকাৰীৰ বাবে অপমানজনক হৈ পৰে। দানৰ পবিত্ৰতা নিৰ্ভৰ কৰে দাতাৰ বিনয়ৰ ওপৰত। বিনয় অবিহনে দান যেন সুগন্ধিহীন পুষ্পৰ দৰে, যি দৃষ্টি আকৰ্ষণ কৰে কিন্তু মনক তৃপ্তি দিব নোৱাৰে।
মানৱ সভ্যতাৰ আৰম্ভণিৰ পৰাই ত্যাগ আৰু দানৰ এক অবিচ্ছেদ্য সম্পৰ্ক আছে। পুৰণি পুৰাণসমূহৰ কাহিনীলৈ লক্ষ্য কৰিলে দেখা যায়, দাতাৰ ত্যাগক সকলো সময়তে শ্ৰদ্ধাৰে সোঁৱৰা হয়। দধীচি ঋষিয়ে লোকৰ হিতৰ বাবে নিজৰ অস্থি দান কৰিছিল। সেই দান কোনো প্ৰচাৰৰ বাবে নাছিল, সেই দান আছিল বিশ্বৰ কল্যাণৰ বাবে। আজিৰ যুগত আমি সেই মহান ত্যাগৰ কথা শ্ৰদ্ধাৰে কওঁ, কিন্তু নিজৰ জীৱনত তাক প্ৰয়োগ কৰিবলৈ সাহস গোটাব নোৱাৰোঁ। আমাৰ দৈনন্দিন জীৱনত আমি কিমান পৰিমাণে দান কৰোঁ, সেয়া ডাঙৰ কথা নহয়; কিমান আন্তৰিকতাৰে কৰোঁ, সেয়াহে ডাঙৰ কথা। সৰু পৰিমাণৰ দানো বহুত ডাঙৰ হৈ পৰে যদি তাৰ আঁৰত থাকে গভীৰ মমতা। এই মমতাৰ অভাৱেই আজিৰ সমাজত দানৰ মাহাত্ম্য হ্ৰাস কৰিছে। আমি আমাৰ সন্তানক সৰুৰে পৰা ত্যাগৰ আদৰ্শ শিকোৱা উচিত, যাতে তেওঁলোকৰ হৃদয়ত দয়াৰ চাকিগছি সদায় জ্বলি থাকে। দানৰ এই সংস্কৃতি কেৱল ব্যক্তি কেন্দ্ৰিক নহয়, বৰং ই এক সামাজিক ধৰ্ম। যি সমাজত দানৰ প্ৰৱণতা বেছি, সেই সমাজত হিংসা আৰু ঘৃণাৰ স্থান কম থাকে। মানুহৰ জীৱনৰ মূল লক্ষ্য হ’ব লাগে পৰৰ কাৰণে জীয়াই থকা আৰু আনৰ দুখত সমভাগী হোৱা।
বৰ্তমানৰ তথ্য-প্ৰযুক্তিৰ দ্ৰুত বিস্তাৰে জীৱনৰ প্ৰতিটো ক্ষেত্ৰ সলনি কৰি পেলাইছে, যাৰ প্ৰভাৱ পৰিছে দানৰ ওপৰতো। প্ৰত্যেক মানুহৰ হাতত আজি একোটিকৈ স্মাৰ্ট ফোন আৰু তাৰ জৰিয়তে বিশ্ব দৰবাৰত নিজৰ কৰ্ম প্ৰদৰ্শন কৰাৰ সুযোগ। এই সুযোগে মানৱীয়তাৰ প্ৰকাশক এক নতুন মাত্ৰা দিয়াৰ পৰিৱৰ্তে বহু ক্ষেত্ৰত এক প্ৰদৰ্শনী বা অভিনয়ৰ মঞ্চত ৰূপান্তৰিত কৰি তুলিছে। সমাজত ক্ৰমাৎ এক বিপজ্জনক প্ৰৱণতা গঢ় লৈ উঠিছে – দানক কৰ্তব্য হিচাপে নহয়, ভাৱমূৰ্তি নিৰ্মাণৰ সঁজুলি হিচাপে গ্ৰহণ কৰাৰ প্ৰৱণতা। এয়া এক অতি চিন্তনীয় বিষয়, কাৰণ এই মানসিকতাই মানৱীয়তাৰ মৌলিক ভিত্তিটোৰ ওপৰত আঘাত হানিছে। সহায়ৰ হাত আগবঢ়োৱাৰ পূৰ্বেই কেমেৰাৰ লেন্স সজাগ হৈ উঠে। দান গ্ৰহণকাৰীৰ বিষাদভৰা মুখৰ দৃশ্য সামাজিক মাধ্যমত আপলোড কৰাৰ এক অসুস্থ প্ৰতিযোগিতা চলিছে। এই প্ৰক্ৰিয়াত দাতাৰ আনন্দ বা প্ৰচাৰৰ আকাঙ্ক্ষা স্পষ্ট হৈ পৰে, কিন্তু যাৰ বাবে এই দান, তেওঁৰ আত্মমৰ্যাদাৰ প্ৰশ্নটো গুৰুত্বহীন হৈ পৰে। কোনো দুখীয়া মানুহৰ চকুলোক ব্যক্তিগত খ্যাতিৰ উপকৰণ কৰি তোলাটো আচলতে মানৱতা নহয়, সঁচা অৰ্থত ই হ’ল এক প্ৰকাৰৰ নিৰ্লজ্জ শোষণ। দৰিদ্ৰজনক সহায় কৰাৰ অৰ্থ তেওঁক বৰ্ধিত সহানুভূতিৰ দাপোণত থিয় কৰোৱা নহয়, বৰং তেওঁৰ সংকটৰ সময়ত গোপনে শক্তি যোগোৱাহে।
আজিকালি বহুতো অনুষ্ঠান বা ব্যক্তিয়ে দানৰ লগে লগে বিশাল বেনাৰ বা ফটোৰ শোভাযাত্ৰা আয়োজন কৰে। এইদৰে কৰা দান প্ৰচাৰৰ বাবে কিমান প্ৰয়োজনীয়, সি ডাঙৰ প্ৰশ্ন। প্ৰশংসা, জনপ্রিয়তা আৰু সামাজিক স্বীকৃতিৰ লোভে মানৱীয় কৰ্মক এক সামাজিক অভিনয়লৈ সলনি কৰিছে। আমি পাহৰি গৈছোঁ যে যি দানে প্ৰকাশ পাবলৈ বিচাৰে, সেয়া কেৱল ব্যৱসায় বা বিনিয়োগ হ’ব পাৰে, সেৱা নহয়। প্ৰকৃত সেৱক তেৱেঁই, যিয়ে নিজৰ বাওঁ হাতে দিয়া দান সোঁ হাতে জানিবলৈ নিদিয়ে। আমাৰ সমাজত এতিয়া দাতাৰ তালিকা সৰু হৈছে, কিন্তু দাতাৰ ফটোৰ তালিকা বিশাল হৈছে। এই অসামঞ্জস্যই আমাৰ সামাজিক স্বাস্থ্যৰ অৱনতিৰ সংকেত বহন কৰিছে। অৱশ্যে আমি এই কথা অস্বীকাৰ কৰিব নোৱাৰোঁ যে সামাজিক মাধ্যমত কিছুমান সজাগতাৰ বাবেও বহু সময়ত সহায়ৰ প্ৰয়োজনীয়তা প্ৰকাশ পায়। কিন্তু তাতো এক সীমা থকা উচিত। কিমান দৰত আমি আনৰ গোপনীয়তা বা মৰ্যাদা বিক্ৰী কৰিম, তাৰ এক নিৰ্দিষ্ট সীমাৰেখা থকা উচিত। যেতিয়া সহায়ৰ লগত অসংবেদনশীলতা জড়িত হয়, তেতিয়া সেয়া মানৱীয়তা নাথাকে, সেয়া হয় এক ধৰণৰ মানসিক ধৰ্ষণ।
দানৰ পৰম্পৰাই মানুহক একতাৰ সূত্ৰত বান্ধি ৰাখে। যেতিয়া এজন ব্যক্তিয়ে আন এজনৰ বিপদত কাষত থিয় দিয়ে, তেতিয়া তেওঁলোকৰ মাজত এক অদৃশ্য সেতু গঢ়ি উঠে। এই সেতু কেৱল বস্তুৰ আদান-প্ৰদান নহয়, ই বিশ্বাসৰ আদান-প্ৰদান। সমাজ এখনৰ ভেটি শক্তিশালী হয় তেতিয়া, যেতিয়া ধনী ব্যক্তিয়ে দৰিদ্ৰৰ দুখক নিজৰ বুলি ভাবে। দৰিদ্ৰৰ চকুলো মচাৰ বাবে কোনো আড়ম্বৰৰ প্ৰয়োজন নাই। প্ৰয়োজন কেৱল এটা সহানুভূতিশীল মনৰ। আমি যদি কেৱল নিজৰ কথা ভাবি থাকোঁ, তেন্তে আমাৰ জীৱনৰ পৰিসৰ অত্যন্ত সীমিত হৈ পৰে। দানৰ জৰিয়তে এই পৰিসৰ বৃদ্ধি কৰিব পাৰি। দানৰ দ্বাৰা আমি অনুভৱ কৰিব পাৰোঁ যে আমি সকলো এক মহাশক্তিৰ অংশ। সেই মহাশক্তিৰ প্ৰতি আমাৰ দায়িত্ব হ’ল আনৰ প্ৰতি সেৱা আগবঢ়োৱা। দান কেৱল বস্তু দিয়া নহয়, দান হৈছে নিজৰ অন্তৰৰ পৰা অহা এক প্ৰকাশ। বিদ্যা দান, শ্ৰম দান, আৰু সাহসৰ দান – এই সকলোবোৰ ইয়াৰ পৰিসৰৰ অন্তৰ্ভুক্ত। এজন অজ্ঞ ব্যক্তিক জ্ঞানৰ বাট দেখুৱাই দিয়াটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ দান। কাৰণ বস্তুৰ দান সাময়িক হ’ব পাৰে, কিন্তু জ্ঞানৰ দানে মানুহৰ জীৱন সলনি কৰিব পাৰে।
অতীতৰ পৰা বৰ্তমানলৈ আমাৰ সমাজত বৈষ্ণৱ দৰ্শনৰ মূল সুৰ হিচাপে দয়া, নম্ৰতা, সেৱা আৰু নিস্বাৰ্থ পৰোপকাৰৰ আদৰ্শ প্ৰতিষ্ঠিত হৈ আছে। শ্ৰীমন্ত শংকৰদেৱে মানৱসেৱাক ভক্তিৰ অবিচ্ছেদ্য অংগ হিচাপে গ্ৰহণ কৰি সমাজক এটি নতুন বাট দেখুৱাইছিল। মাধৱদেৱে তেওঁৰ জীৱনৰ অলেখ নিদৰ্শনৰ জৰিয়তে প্ৰমাণ কৰি থৈ গৈছে যে ঈশ্বৰৰ ওচৰলৈ যোৱাৰ আটাইতকৈ সৰল পথ হৈছে জীৱৰ প্ৰতি দয়া। এই মহান আদৰ্শত আত্মভৱিতা, প্ৰচাৰ বা ব্যক্তিগত কৃতিত্বৰ কোনো ঠাই নাই। কিন্তু বৰ্তমানৰ দ্ৰুত পৰিৱৰ্তনশীল পৃথিৱীত আমি সেই আদৰ্শবোৰ পাহৰি যাব ধৰিছোঁ। আজিৰ প্ৰজন্মৰ মাজত এই নৈতিক শিক্ষাৰ প্ৰসাৰ ঘটোৱাটো আমাৰ সামাজিক দায়বদ্ধতা। আমি তেওঁলোকক শিকাব লাগিব যে দান কোনো বিশেষ অৱস্থাত কৰা কাম নহয়, দান হ’ল এক জীৱনশৈলী। যেতিয়া এজন ব্যক্তিয়ে অনাড়ম্বৰভাৱে আন এজনৰ চকুত আশাৰ বন্তি জ্বলায়, তেতিয়া তেওঁৰ নিজস্বতা বাঢ়ে। তেওঁ অনুভৱ কৰে যে তেওঁ এই পৃথিৱীৰ এজন সৰু কাৰিকৰ যি শান্তিৰ প্ৰতিচ্ছবি অংকন কৰি আছে।
দানৰ এই মহান যাত্ৰা কেৱল সামগ্ৰিক বিতৰণ নহয়, ই আত্মাক প্ৰেমৰ সৈতে সংযুক্ত কৰাৰ এক প্ৰক্ৰিয়া। আমি সকলোৱে যদি এই সত্যটো উপলব্ধি কৰোঁ, তেন্তে সমাজত কোনো ভণ্ডামি নাথাকিব। আমি আমাৰ অৱদানক কেৱল ঈশ্বৰৰ অৰ্পণ বুলি মানি ল’ব লাগে। দাতা কোনো উচ্চ আসনত নাই, গ্ৰহণকাৰীও কোনো নিম্ন আসনত নাই – সকলো একেই স্তৰত, একেই মানৱীয় অৱস্থাত আছে। এই সমান দৰ্শনে আমাৰ সমাজক এক নতুন মাত্ৰা দিব। আমি সকলোৱে মিলি এনে এক পৰিৱেশ গঢ়ি তোলোঁ, য’ত দান কেৱল নিস্বাৰ্থভাৱে হয় আৰু মানৱতাৰ জয়গান হয়। আমি যেন আজিৰ পৰাই প্ৰতিজ্ঞা কৰোঁ – আমি সহায় কৰিম, কিন্তু সেয়া প্ৰদৰ্শন নকৰিম; আমি দি যাম, কিন্তু কি দিছোঁ সেয়া গণনা নকৰিম। এনে এক জীৱনেই হ’ব শ্ৰেষ্ঠ জীৱন। দানৰ এই নিৰন্তৰ প্ৰক্ৰিয়াত আমি সকলো অংশীদাৰ হ’ব লাগে, যাতে মানৱতাৰ চাকিগছি সদায় জ্বলি থাকে। আমাৰ সৰু সৰু ত্যাগবোৰেই হয়তো কোনোবা এজনৰ জীৱনৰ বাবে ডাঙৰ আশীৰ্বাদ হৈ পৰিব পাৰে। পৰিশেষত এটাই ক’ব পাৰি যে দান কেৱল সামগ্ৰী নহয়, ই এক অনুভূতি যি মানুহক মানুহৰ কাষলৈ টানি আনে আৰু পৃথিৱীখনক বাসোপযোগী আৰু মৰমিয়াল কৰি তোলে। ভৱিষ্যতৰ পথত আমি যেন দানৰ এই পৱিত্ৰ ধাৰাটোক কোনো ধৰণৰ কলুষতাৰ পৰা মুক্ত কৰি ৰাখিব পাৰোঁ, সেয়াই আমাৰ সমাজৰ প্ৰকৃত সফলতা হ’ব।
