কিতাপৰ পুৰণি পৃষ্ঠা
ৰিমী হাজৰিকা, মাজুলী
গাওঁ খনৰ ভিতৰতেই অৰবিন্দ নম্ৰ আৰু অমায়িক স্বভাৱৰ ল’ৰা। গাঁৱৰ বয়োজেষ্ঠ্য সকলেও তাক অত্যন্ত আদৰ আৰু মৰম কৰে। সি গাঁৱৰ বিদ্যালয়খনতে নৱম শ্ৰেণীত অধ্যয়ন কৰি আছে।
গাঁৱৰ পুৰণি বিদ্যালয়খনৰ গ্ৰন্থাগাৰটো বহুদিন ধৰি বন্ধ হৈ আছিল।ধূলিৰে আৱৰি থকা আলমাৰি বিলাকত কিতাপবোৰে যেন নীৰৱে অতীতৰ কাহিনী আওৰাইছিল। আনদিনা ৰ দৰে সেইদিনা অৰবিন্দই লগৰীয়াৰ লগত খেলা আৰম্ভ কৰিছিল, কিন্তু হঠাৎ অহা বৰষুণজাকৰ বাবে সি খেল আৰম্ভ কৰিব নোৱাৰিলে। পঢ়া শুনাৰ প্ৰতি অত্যন্ত আগ্ৰহী অৰবিন্দই এখন্তেক গ্ৰন্থাগাৰ টোলৈ চালে। তাৰ পাছত কিবা ভাবি সি কোঠালি টোলৈ সোমাই গ’ল।
এটা পুৰণি কিতাপৰ আলমাৰি খোলোতে হঠাৎ এখন ডাঠ আৰু মলিন কিতাপ তাৰ চকুত পৰিল। কিতাপখনৰ বেটুপাতত কাৰো নাম নাছিল,পৃষ্ঠা বোৰ হালধীয়া হৈ পৰিছিল আৰু আখৰ বোৰ অস্পষ্ট হৈ আছিল।কিতাপখন সি উলিয়ায় আনিলে,এটা এটা কৈ পৃষ্ঠা লুটিয়াই গ’ল। কিতাপখনৰ প্ৰথম পৃষ্ঠাটো লুটিয়াই তাৰ চকু থল হৈ গ’ল।তাত লেখা আছিল- “জ্ঞান কেতিয়াও পুৰণি নহয়, পুৰণি হয় মাথো কেৱল কিতাপখনৰ পৃষ্ঠা।”
বাক্য শাৰী পঢ়ি অৰবিন্দ আচৰিত হ’ল। সি কিতাপখন এফালৰ পৰা চকু ফুৰাই গ’ল। এই কিতাপখনৰ প্ৰতিটো কথা যেন অৰবিন্দৰ জীৱনৰ লগত খাপ খোৱা।।কিতাপখন আছিল এজন গাঁৱলীয়া দুখীয়া ছাত্ৰৰ জীৱন কাহিনীৰ ওপৰত আধাৰিত। যিয়ে নেকি বহু দুখ কষ্ট আৰু যন্ত্ৰণাৰ মাজেৰে পঢ়া শুনা কৰিছিল।ছাত্ৰ জনৰ কিতাপৰ প্ৰতি দুৰ্বাৰ হেপাহ আছিল। কিতাপ কিনি পঢ়িব নোৱাৰিলেও আনৰ পৰা পুৰণি কিতাপ সংগ্ৰহ কৰি পঢ়িছিল। সমাজৰ মানুহে তাক কৈছিল- “পঢ়া শুনা কৰি নো কি কৰিবা, দুখীয়াৰ জীৱন এনেদৰেই চলিব।” কিন্তু ছাত্ৰ জনে হাৰ মনা নাছিল।
অৰবিন্দই পাছদিনা বিদ্যালয়ৰ শিক্ষকক কিতাপখন দেখুৱালে। শিক্ষকজনে বহু সময় কিতাপখন চাই নীৰৱ হৈ থাকিল। তাৰ পাছত ক’লে, কিতাপখন সেই বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ ই দান কৰিছিল আৰু তেওঁ বৰ্তমান সেই বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ।
শিক্ষকজনৰ কথা শুনি অৰবিন্দই অলপ স্থিৰ হৈ পৰিল। আৱেগিক হৈ সি ভাবিছিল-“জীৱনৰ কঠিন সময়ত যদি ধৈৰ্য্য আৰু একাগ্ৰতা থাকে, তেতিয়া সফলতা তাৰ আশে-পাশে থাকে। সি মনত সংকল্প ল’লে যে নিজৰ লগতে আন দুখীয়া ছাত্ৰ ছাত্ৰীকো পুৰণি কিতাপৰ যোগান ধৰিব। সেই দিনাৰ পৰা তাৰ জীৱনত অলপ পৰিৱৰ্তন আহিল । সি নিজৰ লগতে ওচৰৰ সকলো ল’ৰা ছোৱালীক পঢ়াৰ প্ৰতি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিলে।সি তাৰ বন্ধুৰ সৈতে জড়িত হৈ এটা “কিতাপৰ বন্ধু” গোট খুলিলে ,আৰু পুৰণি কিতাপ সেই গোটলৈ দান কৰিলে।
অৰবিন্দই সেই পুৰণা কিতাপখন আলমাৰিত থৈ আহিল, কিন্তু এইবাৰ কিতাপখনৰ প্ৰথম পৃষ্ঠাত সি এশাৰী বাক্য লিখি থৈ আহিল–
“এখন কিতাপৰ জীৱন তেতিয়ালৈকে শেষ নহয় ,
যেতিয়ালৈকে তাৰ পৰা কোনেও নতুন সপোন দেখিবলৈ নিশিকে।”
সেইদিনা ৰ পৰা গ্ৰন্থাগাৰত সেই কিতাপখনৰ মাজত এটি নতুন কাহিনীৰ জন্ম হ’ল -এজন শিক্ষাৰ্থীৰ, যিয়ে এখন পুৰণি কিতাপৰ পৰা শিক্ষাৰ প্ৰকৃত অৰ্থ বিচাৰি পাইছিল।
