ডিব্ৰুগড়ত সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সঁজাতি দলে উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ
এম হাছিম আলী, ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ অসম মটক ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এটি সঁজাতি দলে দিছপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি মটক জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত গুৰুত্বপূৰ্ণ দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰিছিল। মটক ছাত্ৰ সন্থাৰ মতে অতি পৰিতাপ আৰু ক্ষোভৰ বিষয় যে, মটক জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন কেৱল ১২৫ কোটি টকাৰ ভিতৰতে সীমাবদ্ধ কৰি ৰখা হৈছে নেকি বুলি সদৌ অসম মটক ছাত্ৰ সন্থাৰ লগতে মটক ৰাইজৰ মনত প্ৰশ্নৰ উদয় হৈছে। এই ১২৫ কোটিয়ে মটক জনগোষ্ঠীৰ ভাগ্য সলনি কৰিব নোৱাৰে। মটক ছাত্ৰ সন্থাই দাবী জনাইছে যে মটক জনগোষ্ঠীৰ উন্নয়নৰ বাবে অতি কমেও ১০০০ (এক হেজাৰ কোটি) টকা অতি শীঘ্ৰে প্ৰদান কৰক। মটক জনগোষ্ঠীৰ জনজাতি কৰণৰ ন্যায্য দাবীক চেপা দি ৰাখিবলৈকে মটক স্বায়ত্তশাসিত পৰিষদ গঠনৰ নাটক কৰা হৈছিল নেকি? যদি সেয়া নহয়, তেন্তে কিয় আজি পৰ্যন্ত গণতান্ত্ৰিক ব্যৱস্থাৰে মটক স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাত চৰকাৰখনে চৰম ব্যৰ্থতাৰ পৰিচয় ডাঙি ধৰিছে? ইয়াৰ ৰহস্য কি? সদৌ অসম মটক ছাত্ৰ সন্থাই অসম চৰকাৰক শেষবাৰৰ বাবে সকীয়াই দিছে অনতিপলমে মটক স্বায়ত্ত শাসিত পৰিষদৰ গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত কৰক।অন্যথা মটক জনগোষ্ঠীৰ ৰাইজক লগতলৈ সমগ্ৰ অসম জুৰি দুৰ্বাৰ আন্দোলন গঢ়ি তোলা হ’ব, যাৰ সম্পূৰ্ণ দায়িত্ব অসম চৰকাৰে বহন কৰিব লাগিব। মটক ৰাইজ এতিয়া জাগ্ৰত হৈছে। নিৰ্বাচন বিচাৰি প্ৰতিটো গাঁৱে-ভূঞে ৰাইজে পূৰ্ণ সমৰ্থন জনাইছে। যি কোনো মূল্যৰ বিনিময়ত নিৰ্বাচন অনুষ্ঠিত কৰিবই লাগিব। মুখ্যমন্ত্ৰীয়ে যদি আমাৰ এই ন্যায্য দাবীক আওকাণ কৰে, তেন্তে মটক ছাত্ৰ সন্থাই ৰাজপথৰ পৰা শাসনৰ মচনদ কঁপাই তুলিবলৈ বাধ্য হ’ব বুলি সভাপতি সঞ্জয় হাজৰিকা, কাৰ্য্যকৰী সভাপতি শচীন বৰুৱা আৰু সাধাৰণ সম্পাদক বিতুপন দুৱৰাই জানিবলৈও দিয়ে।
