ডিব্ৰুগড় প্ৰেছ ক্লাবৰ “গাঁৱলৈ যাওঁ” কাৰ্যসূচী সম্পন্ন

ডিব্ৰুগড় প্ৰেছ ক্লাবৰ “গাঁৱলৈ যাওঁ” কাৰ্যসূচী সম্পন্ন::বাঁহৰ খুঁটাত বান্ধি থোৱা আছে উচ্চ ক্ষমতসম্পন্ন বৈদ্যুতিক তাঁৰ: পশু চিকিৎসা কেন্দ্ৰত নাই চিকিৎসক-কৰ্মচাৰী 

এম হাছিম আলী, ৰঙিলী বাৰ্ত্তাসেৱা-   ডিব্ৰুগড় প্ৰেছ ক্লাবে সময়ে সময়ে চহৰখনৰ অন্তৰ্গত কিছু ভিতৰুৱা গাঁও আদি অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ ওচৰলৈ  গৈ অভাৱ-অভিযোগ, সমস্যা আদিৰ বুজ লয়। কাৰ্যসূচী মতে  যোৱা ৩ অক্টোবৰ তাৰিখে ডিব্ৰুগড় চহৰৰ উপকণ্ঠ তথা চহৰখনৰ পৰা ৩০/৩৫ কিলোমিটাৰ দূৰত্বত থকা ভিতৰুৱা লেজাই-বৰদৈবাম গাঁৱলৈ গৈ “গাঁৱলৈ যাওঁ” কাৰ্যসূচী ৰূপায়ণ কৰে।ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰায় অৰ্ধ শতাধিক সাংবাদিকৰ এটি দলে  আৰম্ভণিতে বৰদৈবাম সাংস্কৃতিক প্ৰেক্ষাগৃহত সমবেত প্ৰায় শতাধিক স্থানীয় ৰাইজৰ  মিলিত হৈ ৰাইজৰ অভাৱ- অভিযোগ,সমস্যা আদিৰ বুজ লয়। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মানস জ্যোতি দত্তৰ সভাপতিত্বত অনুষ্ঠিত উক্ত মত বিনিময় সভাৰ আৰম্ভণিতে প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰিপুঞ্জয় দাসে “গাঁৱলৈ যাওঁ” কাৰ্যসূচীৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা ব্যক্ত কৰে। নেতৃস্থানীয় ৰাইজে প্ৰেছ ক্লাবৰ বিষয়ববীয়া আৰু সদস্য- সদস্যাক একোখনকৈ গামোচা আৰু চেলেং চাদৰেৰে বৰণ কৰি আদৰণি জনায়। লেজাই- বৰদৈবাম অঞ্চলৰ বিভিন্ন অভাৱ অভিযোগৰ বিষয়ে একোটিকৈ ভাষণ দিয়ে নেতৃস্থানীয় হিতেশ গগৈ, ৰূপনাথ মিলি আৰু সঞ্জীৱ চাংমাইয়ে। প্ৰেছ ক্লাবৰ সম্পাদকৰ হাতত স্থানীয় ৰাইজৰ তথা অঞ্চলটোৰ ১১ টা বিশেষভাবে চিনাক্ত কৰা ঠাইৰ অভাৱ অভিযোগ সম্পৰ্কত এখন অভাৱ- অভিযোগ পত্ৰ প্ৰদান কৰাৰ উপৰিও ৰাজহুৱা ভাৱে পাঠ কৰি দিয়ে হিতেশ গগৈয়ে।সভাৰ শেষত স্থানীয় ৰাইজে দেখুৱাই দিয়া কেইটামান সমস্যাজৰ্জৰ স্থান সাংবাদিক সকলে পৰিদৰ্শন কৰে। সাংবাদিক সকলে পৰিদৰ্শন কৰাৰ সময়ত এনে দৃশ্যও প্ৰত্যক্ষ কৰে যে, বিদ্যুৎ বিভাগে গাঁৱৰ ঘৰে ঘৰে  স্মাৰ্ট মিটাৰ লগাইছে ঠিকেই, কিন্তু কোনো বিদ্যুৎ বিভাগে লগোৱা খুটাৰ পৰা বিদ্যুৎ সংযোগী তাঁৰ ঘৰবোৰলৈ যোৱা নাই,গৈছে গাঁৱৰ ৰাইজে নিজাকৈ লগাই লোৱা বাঁহৰ খুঁটাৰ পৰা। তেনেই নিচেই তলতে সাধাৰণ ৰচিৰে বান্ধি থোৱা বাঁহৰ খুঁটাৰ আৰু উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰৰ তলেদিয়েই বিপদজনক ভাবে সৰ্বসাধাৰণ ৰাইজে নিতৌ অহা-যোৱা কৰে। বৃহৎ অঞ্চলটোত এখনেই মাত্ৰ পশু চিকিৎসা কেন্দ্ৰ আছে যদিও তাত এজনো চিকিৎসক কিম্বা কৰ্মচাৰী নাই। চিকিৎসা কেন্দ্ৰটো ভাগি ছিগি জৰাজীৰ্ণ হৈ পৰিছে। লেজাই বৰদৈবামৰ পৰা ইটাখুলি থান গাঁৱলৈকে ৩৩ কোটি টকাৰে নিৰ্মাণ কৰা চেঁচা নৈৰ একমাত্ৰ মথাউৰিৰ অৱস্থাও তথৈবচ। স্থানীয় ৰাইজৰ অভিযোগ যে, মথাউৰিটো সম্পূৰ্ণ ভাবে নিৰ্মাণ নকৰিলে সৰহভাগ টকা উদৰস্থহে কৰিলে ঠিকাদাৰ- বিষয়াই লগহৈ। চেঁচা নদীখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা ৫ ঠাইৰ জিঅ’বেগৰ ঠাইত চেঁচাকিনাৰ বৰদৈবাম ঠাইত এটাও জিঅ’বেগ নেপেলালে। বৰদৈবাম পানী যোগান আঁচনিৰ নামত পানী ওলোৱাতো দূৰৰে কথা, পাইপ কেইডালো লগোৱাৰ পিছতে ভাগি চূৰমাৰ হ’ল। সেই অঞ্চলৰ স্থান সমূহ পৰিদৰ্শন কৰা কালত সাংবাদিক সকলৰ আগত স্থানীয় ৰাইজে খং আৰু ক্ষোভত প্ৰকাশ কৰে যে, চৰকাৰে এই ক্ষেত্ৰত যদি কোনো বিহিত ব্যৱস্থা হাতত নলয়, তেন্তে ৰাইজ জীৱন্তে মৰাৰ বাহিৰে কোনো উপায় নেথাকিব।