শৰতৰ পূৰ্ণিমাত – ৰিমী হাজৰিকা

Pc StockCake

শৰতৰ পূৰ্ণিমাত

ৰিমী হাজৰিকা, মাজুলী

 

আহিনৰ এটি নতুন আবেলি,
আছিল অনেক হাঁহিৰ খিলখিলনি।
আশা-নিৰাশাৰ দোমোজাত ৰৈ
আহিছিল এটি নতুন মায়া হৈ।।

সন্ধিয়া বেলিকা উভটি চাওঁতে,
লাগিছিল নাকত আহি চিনাকি সুবাস।
শেৱালীৰ গোন্ধই আজুৰি আনিছিল
দুখৰ হৃদয়ৰ নতুন হেঁপাহ।।

সেইদিনা আছিল শৰতৰ পূৰ্ণিমা,
চঞ্চলা জোনাকৰ সান্নিধ্যত বহি,
লিখিছিলোঁ তোমাৰ-মোৰ প্ৰেমৰ
এটি সুৰীয়া গীতৰ মালিতা।।

শেৱালীৰ সুবাসে কাণে কাণে কৈছিল
এই ক্ষণ যেন  কেতিয়াও  হেৰাই নাযায়।
আহিনৰ সেই শাৰদীয় আবেলি
আজিও মোৰ মনতে ৰৈ যায়।।

পূৰ্ণিমাৰ জোনটি যেন সাক্ষী হৈ ৰ’ল
স্মৃতি হৈ ৰ’ল সেই  নিৰৱ নিশাটি।
তুমি-মই আৰু শাৰদীয় জোনাক
এটি আধৰুৱা প্ৰেমৰ কবিতাটি।।