স্নেহৰ মাজত সংঘাত
দুলুমণি দেৱী,মাকুম
স্নেহ ,মৰম ভাতৃত্ববোধৰ মাজত সংঘাত সৃষ্টি হ’লে সেই সংঘাতে যথেষ্ট কষ্ট দিয়ে৷ আপোনত্ব ভাৱেৰে সামাজিক দিশত লগ পোৱা বহু লোক তেজৰ সম্পর্কতকৈও আপোন হৈ পৰে ৷সম্পর্ক যিমানেই গভীৰ হয় সিমানেই কিছু কিছু দিশত ভিন্নতাও চকুত পৰে ৷ মুখেৰে যিমানেই মৌ মিঠা মাত নিদিয়ক কিয় অন্তৰখন যদি মলিন হয় তেনেজন ব্যক্তিৰ পৰা সাৱধান হোৱা উচিত৷ কিয়নো তেনে মানুহে এবাৰলৈও ভাবি নাচায় আৱেগ অনুভুতিৰ কথা৷এজনৰ লগতে আন বহুজনৰ লগত সম্পর্ক বেয়া কৰি নিজে সকলোৰে লগত ভাল হৈ কাম কৰি থকা মানুহো বহুত আছে ৷ তেওঁলোক নিজে ঠিকে থাকে কিন্তু মাজত সোমাই সম্পর্কত আউল লগায়৷
এই যে বন্ধুত্বৰ মাজত সংঘাত আহে এয়া কিহৰ বাবে হয় বুলি ভাবে ? একেষাৰতে কবলৈ গ’লে হিংসাহিংসি মনোভাৱৰ বাবে নহয়নে ?আকৌ ভাৱ হয় আত্মকেন্দিক প্রৱণতা প্রৱল হোৱাৰ বাবেই হয় নেকি ?বর্তমান প্রায়ে দেখা পাওঁ আত্মকেন্দ্রিকতা দকৈ পোখা মেলিছে ৷ ঘৰখনতেই হওঁক বা সমাজখনতে হওঁক টানি আজুৰি হলেও নিজৰ মানুহখিনিহে আগবঢ়াটো বিচাৰে ৷ তদুপৰি সভা সমিতিৰ লগত যেতিয়া জৰিত হৈ পৰা যায় প্রায়ে দেখা যায় প্রত্যেকেই যেন নিজৰ যশ,কীর্তি,সুনাম এইবোৰ গাই ভাল পাই ,এইবোৰ কৰিবলৈ যাওঁতে বহুতে কুপন্থাৰো অৱলম্বন কৰে ,যেনে আনক ঠেলা হেঁচা কৰি ,বেলেগৰ নাম কাটি নিজৰ নাম দিয়া …এনে বহুত কাম কৰি থাকে ৷
এটা অনুষ্ঠান প্রতিষ্ঠান আগবঢ়াই নিবলৈ হ’লে অনুষ্ঠানটোৰ লগত জৰিত সকলোকে পার্যমানে সমানেই গুৰুত্ব দিব লাগিব ৷ তাকে নকৰি যদি বাছি বাছি দুজনমানৰ গুণানুকীর্তন কৰিলেই সৃষ্টি হয় সংঘাত ৷ আৰু সেই সংঘাতে অনুষ্ঠানটো ভাল কৰাতকৈ বেচি বেয়াহে কৰা দেখা যায় ৷গতিকে সেইচাম ব্যক্তিক অনুৰোধ জনাব বিচাৰো আত্মঅহংকাৰী ,স্বার্থপৰতা ,হিংসাহিংসি মনোভাৱ এৰি স্নেহৰ পৃথিৱীত ঐক্যতাৰে আগবাঢ়ক ৷নৱ প্রজন্মৰ আদর্শ হৈ ৰওঁক ৷নিজে নহয় আনে প্রশংসা কৰক ৷
