( দ্বিতীয় বিশ্বযুদ্ধৰ এক ঐতিহাসিক স্মৃতি )
দেৰগাঁৱৰ বৃটিছ যুগৰ ‘পেৰাচ্যুট বিল্ডিং’

শংকৰ দেৱ, দেৰগাঁও
বৰ্তমানৰ গোলাঘাট জিলাৰ ঐতিহ্য পূৰ্ণ দেৰগাঁও চহৰ খন কেৱল প্ৰাকৃতিক সৌন্দৰ্য, শিক্ষা-সংস্কৃতি আৰু আৰক্ষী প্ৰশিক্ষণৰ বাবেই পৰিচিত নহয়, ইয়াৰ বুকুত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰো বহু গুৰুত্বপূৰ্ণ স্মৃতি আজিও সিঁচৰতি হৈ আছে। তেনে এক ঐতিহাসিক স্মৃতি চিহ্ন হৈছে দেৰগাঁৱৰ বৰ্তমানৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ চৌহদত অৰ্থাৎ অতীতৰ চিৰ পৰিচিত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় (পিটিচি) ৰ মীন মহলৰ কাষত থকা পুৰণি দুমহলীয়া ‘পেৰাচ্যুট বিল্ডিং’। সময়ৰ সোঁতত পৰিত্যক্ত আৰু জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা এই অট্টালিকাটোৱে আজিও দেৰগাঁৱৰ অতীতৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সাক্ষ্য বহন কৰি ৰাখিছে।
স্থানীয় ইতিহাসভিত্তিক তথ্য অনুসৰি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বৰ্তমানৰ এই আৰক্ষী একাডেমী অৰ্থাৎ এই পুৰণি পিটিচিৰ কপাহতলি পথাৰক তেতিয়াৰ বৃটিছ চৰকাৰে অধিগ্ৰহণ কৰি সামৰিক বিমানৰ অৱতৰণৰ বাবে লেণ্ডিং গ্ৰাউণ্ড হিচাপে গঢ়ি তুলিছিল। এই নিৰ্মাণ কাৰ্যৰ সৈতে আমেৰিকান সেনা বিষয়া মেজৰ কাৰ্চন আৰু ইংৰাজ বিষয়া ৰিডল চাহাব জড়িত আছিল বুলি দেৰগাঁৱৰ স্থানীয় ইতিহাসত উল্লেখ পোৱা যায়। ১৯৪৩ চনৰ ভিতৰত কপাহতলি পথাৰ লেণ্ডিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰৰ উপযোগী হৈ উঠিছিল বুলি স্থানীয় ঐতিহাসিক বিৱৰণত উল্লেখ আছে। ইয়াৰ কাষতেই লাগি থকা এই অট্টালিকাটো ‘পেৰাচ্যুট বিল্ডিং’ নামেৰে পৰিচিত হৈ পৰে। দেৰগাঁৱৰ ইতিহাস সম্পৰ্কীয় গ্ৰন্থ ‘দেৰগাঁৱৰ চমু পৰিচয়’ ত লেখক স্বৰ্গীয় ডালিম চন্দ্ৰ পাঠক দেৱে এই ঐতিহাসিক পৰ্বৰ বিষয়ে তথ্য সন্নিৱিষ্ট কৰিছে বুলি জানিব পৰা যায়। অৱশ্যে এই ‘পেৰাচ্যুট বিল্ডিং’ নামটোৰ উৎপত্তি সম্পৰ্কেও স্থানীয়ভাৱে এক আকৰ্ষণীয় ধাৰণা আছে। সামৰিক বিমানৰ পৰা পেৰাচ্যুটৰ সহায়ত সৈন্য অৱতৰণ বা সামৰিক প্ৰশিক্ষণৰ সৈতে এই স্থানৰ সম্পৰ্ক থকাৰ বাবেই হয়তো অট্টালিকাটোৱে এই নাম লাভ কৰিছিল। অৱশ্যে নামটোৰ সঠিক উৎপত্তি আৰু অট্টালিকাটোৰ তদানীন্তন ব্যৱহাৰ সম্পৰ্কে অধিক নিৰ্ভৰযোগ্য চৰকাৰী নথি আৰু ঐতিহাসিক দলিল উদ্ধাৰ কৰি সংৰক্ষণ কৰাটোও সময়ৰ একপ্ৰকাৰ দাবী বুলিও ক’ব পাৰি। আজিৰ দিনত অট্টালিকাটোলৈ চালে ইয়াক সহজে এটা পুৰণি, পৰিত্যক্ত আৰু ভগ্নপ্ৰায় ঘৰ বুলি ভাবিব পাৰি। কিন্তু ইয়াৰ ইটাৰ গাঁথনিৰ আঁৰত লুকাই আছে দেৰগাঁৱৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুদ্ধকালীন ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অসম আৰু উত্তৰ-পূৰ্বাঞ্চল সামৰিক দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ অঞ্চল আছিল। বিমানঘাটি, পথ-যোগাযোগ, সামৰিক শিবিৰ আৰু ৰসদ যোগানৰ ক্ষেত্ৰত অঞ্চলটোৰ ভূমিকা আছিল উল্লেখযোগ্য। সেয়েহে দেৰগাঁৱৰ এই অট্টালিকাক কেৱল এটা পুৰণি ঘৰ হিচাপে নেদেখি বৃহত্তৰ যুদ্ধকালীন ইতিহাসৰ এক স্থানীয় স্মাৰক হিচাপে বিবেচনা কৰাৰ প্ৰয়োজন আছে।
বিশ্বৰ বিভিন্ন প্ৰান্তত দ্বিতীয় বিশ্বযুদ্ধৰ সৈতে জড়িত পুৰণি সামৰিক স্থাপত্য আৰু অট্টালিকা সংৰক্ষণ কৰি ইতিহাস আৰু পৰ্যটনৰ সৈতে সংযোগ কৰা হৈছে। বহু ঠাইত এনে স্থাপত্যৰ বাবে তথ্যফলক, সংৰক্ষিত পৰিৱেশ আৰু সংগ্ৰহালয় গঢ়ি তুলি নতুন প্ৰজন্মৰ বাবে অতীতৰ জীৱন্ত দলিল হিচাপে সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। সেই দৃষ্টিকোণৰ পৰা দেৰগাঁৱৰ পেৰাচ্যুট বিল্ডিংখনো এক সম্ভাৱনাময় ঐতিহাসিক সম্পদ।
ইতিমধ্যে আন বিভিন্ন ঐতিহাসিক স্থাপত্য সংৰক্ষণৰ বাবে পকী বেৰা দি সুৰক্ষিত কৰি ৰখাৰ যি প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে, তাৰ অনুৰূপভাৱে পেৰাচ্যুট বিল্ডিংখনৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰিব পৰা যায়। অৱশ্যে ইয়াৰ মূল স্থাপত্য আৰু ঐতিহাসিক গাঁথনি অক্ষুণ্ণ ৰাখি মেৰামতি, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু প্ৰয়োজনীয় ৰং আদি কৰা উচিত। আধুনিকীকৰণৰ নামত মূল ৰূপ বিকৃত নকৰাটো বিশেষ গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত অট্টালিকাৰ সন্মুখত এখন সুন্দৰ তথ্যফলক স্থাপন কৰি তাত নিৰ্মাণৰ সময়, দ্বিতীয় বিশ্বযুদ্ধৰ সৈতে ইয়াৰ সম্পৰ্ক, কপাহতলি লেণ্ডিং গ্ৰাউণ্ডৰ ইতিহাস আৰু অট্টালিকাটোৰ পৰৱৰ্তী ব্যৱহাৰৰ বিষয়ে সংক্ষিপ্ত অথচ নিৰ্ভৰযোগ্য তথ্য উল্লেখ কৰিব পাৰি। লগতে এই আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ অনুমতি সাপেক্ষে নিৰ্দিষ্ট সময়ত ইতিহাস-অনুৰাগী, শিক্ষাৰ্থী আৰু পৰ্যটকৰ বাবে স্থানটো দৰ্শনৰ ব্যৱস্থা কৰিলেও ই এক আকৰ্ষণীয় ঐতিহাসিক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হ’ব পাৰিব।
ইয়াৰ বাবে প্ৰথমে পুৰণি চৰকাৰী নথি, সামৰিক মানচিত্ৰ, ৰাজহ নথি, স্থানীয় ইতিহাস গ্ৰন্থ আৰু প্ৰবীণ লোকৰ সাক্ষ্য সংগ্ৰহ কৰি অট্টালিকাটোৰ ইতিহাস নথিভুক্ত কৰা প্ৰয়োজন। তাৰ পিছত বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
শেষান্তৰত ক’ব পাৰি যে এটা সময়ত সামৰিক প্ৰয়োজনত নিৰ্মাণ কৰা এই অট্টালিকাই আজি হয়তো যুদ্ধৰ শব্দ নুশুনে, কিন্তু ইয়াৰ নীৰৱ দেৱালবোৰে অতীতৰ বহু কথা ক’ব পাৰে। ইতিহাসক পাহৰি যোৱা নহয়, সংৰক্ষণ কৰি পৰৱৰ্তী প্ৰজন্মক চিনাকি কৰাই দিয়াটোৱেই এখন সমাজৰ দায়িত্ব। দেৰগাঁৱৰ এই বৃটিছ যুগৰ পেৰাচ্যুট বিল্ডিং যিটো কেৱল ভগ্নপ্ৰায় পুৰণি ঘৰেই নহয়, ই আমাৰ স্থানীয় ইতিহাসৰ এক মূল্যৱান দলিল। উপযুক্ত সংৰক্ষণ আৰু পৰিকল্পনাৰে এই ঐতিহাসিক স্থাপনাটোক দেৰগাঁৱৰ গৌৰৱময় অতীতৰ এক জীৱন্ত স্মাৰক আৰু আকৰ্ষণীয় ঐতিহাসিক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ সময় আহি পৰিছে, যিটো আমাৰ সকলোৰে এক নৈতিক দায়িত্ব বুলি ক’ব পাৰি।
