ডিব্ৰুগড়ত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষত গীতে মাতে সাংস্কৃতিক অনুষ্ঠান সন্ধ্যা মালতী
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত বিভিন্ন সাংস্কৃতিক পৰিবেশনৰ সমাহাৰেৰে সজোৱা অন্যতম অনুষ্ঠান সন্ধ্যা মালতী ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি ড০ কৰবী ডেকা হাজৰিকাৰ ৰচনাৰে ড০ ভূপেন হাজৰিকাৰ গীতৰ সুধাকণ্ঠৰ নাৰীৰ ভাৱনাত সুধা নে গৰল অনুষ্ঠানটি যোৱা ২৮ছেপ্তেম্বৰত শ্ৰী ভাৰতী মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। ভূপেন হাজৰিকাক গীতৰ আধাৰত আলেখ্যখনিৰ কথা নৃত্য আৰু গীতেৰে পৰিৱেশন কৰাৰ লগতে প্ৰথমতে সাহিত্যাচাৰ্য ড০ কৰবী ডেকা হাজৰিকাই সুধাকণ্ঠৰ স্মৃতিত ৰচনা কৰা গীত এটি ছাত্ৰীসকলে সুন্দৰকৈ পৰিৱেশন কৰে৷ বিশিষ্ট আবৃতিকাৰ জিন্টি হাজৰিকাই ভূপেন হাজৰিকাৰ কবিতাৰ আবৃতিৰে শ্ৰোতাক সন্মোহিত কৰে৷ভূপেন হাজৰিকাৰ গীত আৰু গীতৰ আধাৰত কৰা নৃত্যৰ পৰিৱেশেন দৰ্শকক অভিভূত কৰে৷ ড০ চুমী ফুকনৰ কন্ঠ আৰু পৰিচালনাৰে গীত আৰু কৃষ্ণাপংকজাৰ পৰিচালনাৰ নৃত্য আছিল অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণীয়। অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ কন্দৰ্প ডেকাৰ লগতে ভালেমান বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷
