মাধুৰ্য্য বুঢ়াগোহাঁই : সুৰৰ মাজত জীয়াই থাকিব এক প্ৰিয় সহপাঠীৰ স্মৃতি
ড° বুলজিৎ বুঢ়াগোহাঁই
ধেমাজিৰ গৌৰৱ, জনপ্ৰিয় কণ্ঠশিল্পী, সংগীত পৰিচালক, গীতিকাৰ আৰু সমাজ-সাংস্কৃতিক কৰ্মী তথা বন্ধু মাধুৰ্য্য বুঢ়াগোহাঁই (৮ মে’ ১৯৭৭–২৫ আগষ্ট ২০২৬)ৰ আকস্মিক বিয়োগে গভীৰভাৱে মৰ্মাহত কৰিছে। ১৯৯৫ চনৰ পৰা সংগীত জীৱনৰ পাতনি মেলা মাধুৰ্য্যই নিজৰ সুৰীয়া কণ্ঠ, সৃষ্টিশীল প্ৰতিভা আৰু সাংস্কৃতিক দায়বদ্ধতাৰে অসমীয়া সংগীত জগতত এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল। দুই শতাধিক শ্ৰব্য কেছেটকে ধৰি প্ৰায় ৩০০টা বিহুগীত আৰু বিহুসুৰীয়া আধুনিক গীতত তেওঁ কণ্ঠদান কৰিছিল। এই গীতসমূহৰ অধিকাংশই আছিল তেওঁৰ নিজস্ব সৃষ্টি।

‘জীৱনত মই এবাৰহে জান, ডাঙৰ ভুল কৰিলোঁ—সেয়া হ’ল অন্তৰ খুলি তোমাক ভাল পাইছিলোঁ…’—এই জনপ্ৰিয় বিহুগীতৰ স্ৰষ্টা আৰু কণ্ঠশিল্পী হিচাপে মাধুৰ্য্য গোহাঁয়ে অসমৰ নব্বৈৰ দশকৰ বিহুগীতৰ কেছেটৰ যুগত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল। তেওঁৰ সুৰীয়া কণ্ঠই সেই সময়ৰ যুৱপ্ৰজন্মৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছিল। ‘পছোৱা’, ‘সোণালী’, ‘বুকুৰ মণি’, ‘মালতী’, ‘বলিয়া বসন্ত’, ‘মৰম’, ‘ৰাংঢালী’, ‘জোনাত তৰা’, ‘বহাগী পছোৱা’, ‘ৰুনজুন’, ‘ৰূপহী গাভৰু’, ‘মন বনৰ নিজৰা’, ‘হিয়ামনি’, ‘ৰ’দৰে ফুল’, ‘মাধুৰ্য্যৰ নিজানৰ বাঁহী’, ‘মাধুৰ্য্যৰ জোনাক’ আদি তেওঁৰ উল্লেখযোগ্য সংগীত সৃষ্টি। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ‘মাধুৰ্য্য গোঁহাইৰ মৰম ২০২৬’-য়ো তেওঁৰ সুদীৰ্ঘ সংগীত সাধনাৰ এক উল্লেখযোগ্য সংযোজন হিচাপে স্মৰণীয় হৈ ৰ’ব।
মাধুৰ্য্যৰ প্ৰতিভা কেৱল কণ্ঠদানতে সীমাবদ্ধ নাছিল; তেওঁ এগৰাকী গীতিকাৰ আৰু সুৰস্ৰষ্টা হিচাপেও বিশেষ পৰিচয় লাভ কৰিছিল। তেওঁৰ গীতত অসমৰ মাটি-মানুহ, প্ৰেম, আবেগ আৰু লোকজীৱনৰ বিভিন্ন অনুভূতিৰ সজীৱ প্ৰতিফলন ঘটিছিল। সৃষ্টিশীলতা, স্বকীয় কণ্ঠ আৰু সংগীতৰ প্ৰতি গভীৰ অনুৰাগে তেওঁক নব্বৈৰ দশকৰ অসমীয়া সংগীত জগতৰ এক স্মৰণীয় নামত পৰিণত কৰিছিল।

সংগীত সাধনাৰ সমান্তৰালভাৱে মাধুৰ্য্য ধেমাজিৰ সাংস্কৃতিক আৰু সামাজিক জীৱনৰ সৈতেও গভীৰভাৱে জড়িত আছিল। পদ্মনাথ গোহাঞি বৰুৱা নাট প্ৰতিযোগিতা, ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলন আদি বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত হৈ তেওঁ স্থানীয় সাংস্কৃতিক পৰিৱেশ সমৃদ্ধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শিল্পীসত্তাৰ সৈতে সমাজৰ প্ৰতি থকা দায়বদ্ধতাকো সমানে আগুৱাই নি তেওঁ ধেমাজিৰ সাংস্কৃতিক জীৱনত এগৰাকী সক্ৰিয় আৰু দায়িত্বশীল কৰ্মী হিচাপে নিজৰ স্থান গঢ়ি তুলিছিল।
মাধুৰ্য্য মোৰ বাবে কেৱল এগৰাকী জনপ্ৰিয় শিল্পী নাছিল; তেওঁ আছিল মোৰ হাইস্কুলীয়া জীৱনৰ এগৰাকী প্ৰিয় সহপাঠী। ১৯৯৩ চনত আমি দুয়ো ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। কৰ্মসূত্ৰে গুৱাহাটীত বসবাস কৰাৰ বাবে পুৰণি সহপাঠীসকলক নিয়মীয়াকৈ লগ পোৱাৰ সুযোগ নাথাকে। তথাপি বিভিন্ন উপলক্ষত ধেমাজিলৈ গ’লে বন্ধুসকলৰ সৈতে মিলিত হোৱাৰ আনন্দ লাভ কৰোঁ।

শেহতীয়াকৈ ২০২৪ চনৰ ৩১ অক্টোবৰত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান আৰু একে বিদ্যালয়ৰ ১৪-১৫ ডিচেম্বৰৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়ত মাধুৰ্য্যক লগ পাইছিলোঁ। ইয়াৰ উপৰি ২০২৬ চনৰ ২৪ আৰু ২৫ জানুৱাৰীত ধেমাজি মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানলৈ যোৱাৰ সময়তো তেওঁৰ সৈতে দেখা হৈছিল। বিশেষকৈ ২০২৪ চনৰ ডিচেম্বৰ মাহত মই ধেমাজিত থকা সময়ছোৱাত মাধুৰ্য্যই তেওঁৰ পুত্ৰ অনুভৱক মোৰ ওচৰলৈ কেৰিয়াৰ সম্পৰ্কীয় বিষয় আলোচনা কৰিবলৈ লৈ অহা সেই সাক্ষাৎটো এতিয়া মোৰ বাবে এক অমূল্য স্মৃতি হৈ পৰিছে। সেই সময়ত কেতিয়াও ভবা নাছিলোঁ যে আমাৰ সেই সহজ-সৰল সাক্ষাৎ আৰু কথোপকথনবোৰেই এদিন ইমান গভীৰ আবেগ আৰু বেদনাৰে মনত সজীৱ হৈ থাকিব।
বন্ধু হিচাপে মাধুৰ্য্য আছিল সহজ-সৰল, আন্তৰিক আৰু অমায়িক। শিল্পী হিচাপে তেওঁ আছিল প্ৰতিভাৱান আৰু সৃষ্টিশীল; আনহাতে সমাজ-সাংস্কৃতিক ক্ষেত্ৰতো আছিল সক্ৰিয় আৰু দায়বদ্ধ। তেওঁৰ এই বহুমুখী ব্যক্তিত্ব আৰু আপোনভোলা স্বভাৱে তেওঁক ধেমাজিৰ সাংস্কৃতিক পৰিমণ্ডলৰ এগৰাকী আপোন মানুহ হিচাপে প্ৰতিষ্ঠা কৰিছিল।

তেওঁৰ আকস্মিক বিয়োগে সংগীত জগতৰ লগতে পৰিয়াল, বন্ধু-বান্ধৱ, সহপাঠী আৰু অগণন গুণমুগ্ধৰ মাজত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে। জীৱনৰ মঞ্চৰ পৰা মাধুৰ্য্য আঁতৰি গ’লেও তেওঁৰ সুৰ, সৃষ্টি আৰু কৰ্মই তেওঁক আমাৰ মাজত চিৰদিন জীয়াই ৰাখিব। তেওঁৰ গীত আৰু সংগীতসৃষ্টিয়ে ভৱিষ্যৎ প্ৰজন্মকো তেওঁৰ প্ৰতিভা, সৃষ্টিশীলতা আৰু সংগীত সাধনাৰ সৈতে পৰিচয় কৰাই থাকিব।
প্ৰিয় সহপাঠী মাধুৰ্য্য, তোৰ অকাল বিয়োগৰ বেদনা ভাষাৰে প্ৰকাশ কৰা সঁচাকৈয়ে কঠিন। তোৰ সৈতে কটোৱা হাইস্কুলীয়া দিনবোৰ, বিভিন্ন সময়ত হোৱা সাক্ষাৎ আৰু আন্তৰিক কথোপকথনৰ স্মৃতিবোৰ সদায় মোৰ মনত সজীৱ হৈ থাকিব। তই নাথাকিলেও তোৰ সুৰ, তোৰ সৃষ্টি আৰু তোৰ সৰল-স্নেহময় ব্যক্তিত্বই আমাক সদায় তোৰ কথা সোঁৱৰাই থাকিব। তোৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ জ্ঞাপন কৰিছোঁ গভীৰ সমবেদনা।

তোৰ গীতৰ প্ৰতিটো সুৰে, তোৰ সৃষ্টিৰ প্ৰতিটো শব্দই আমাক তোৰ কথা সোঁৱৰাই থাকিব। সুৰৰ মাজত তই চিৰদিন জীয়াই থাকিবি, প্ৰিয় বন্ধু
