চাংসাৰিৰ নাথ চুবুৰীত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন

চাংসাৰিৰ নাথ চুবুৰীত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন

চাংসাৰি,ৰঙিলী বাৰ্ত্তাসেৱা-  আই অসমীৰ প্ৰাণৰ স্পন্দন তথা হিয়াৰ আমঠু জুবিন গাৰ্গৰ ইখনৰ পিছত সিখন প্ৰতিচ্ছবি অংকনেৰে সমগ্ৰ অসমত এক সুকীয়া পৰিচিতি লাভ কৰিবলৈ সক্ষম হোৱা জনপ্ৰিয় যুৱ আৰ্টিষ্ট পৰমেশ্বৰ ডেকাই অলপতে কামৰূপ জিলাৰ বৃহত্তৰ চাংসাৰি গাঁৱৰ নাথ চুবুৰীত চিৰঞ্জীৱ নাথৰ ঘৰৰ সন্মুখৰ দেৱালত জুবিন গাৰ্গৰ এখন মনোমোহা প্ৰতিচ্ছবি অংকন কৰে। এই প্ৰতিচ্ছবিখনে অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক সমাদৰ লাভ কৰাৰ লগতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰণিধানযোগ্য যে প্ৰতিচ্ছবিখনত অসমৰ প্ৰকৃতি, সংস্কৃতি আৰু সংগীতৰ বিভিন্ন দিশ সুন্দৰভাৱে প্ৰতিফলিত কৰা হৈছে। এই উপাদানসমূহে প্ৰতিচ্ছবিখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। অঞ্চলটোৰ ৰাইজে যুৱ আৰ্টিষ্টগৰাকীৰ শিল্পকৰ্মৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।