কৃতঘ্ন – দীপিকা ফুকন 

Pc Unsplash

কৃতঘ্ন

দীপিকা ফুকন 
চুঙাজান, গোলাঘাট 

প্ৰয়োজনত তুমি সাতবাৰ চালাম কৰা
দুৱাৰত আঁঠুলৈ ভিক্ষাৰী হোৱা
মুখত তোমাৰ মধুৰ বাণী
ভৰি চুই কৈ দিয়া —-
“তুমি নহ’লে মোৰ দিনতে আন্ধাৰ”
তোমাক মই নদী দিলোঁ
তুমি মোক বালি দিলা।
মই তোমাক ছাঁ দিলোঁ
তুমি মোক কুঠাৰ মাৰিব খুজিলা।
মই বিশ্বাস কৰিলোঁ,
মই তোমাক বুকুৰ তেজ দিলোঁ,
তোমাৰ স্বাৰ্থৰ বাবে
নিজৰ স্বাৰ্থক জলাঞ্জলি দিলোঁ।
আৰু আজি?
স্বাৰ্থ পূৰণ হ’ল,
মুখা খহি পৰিল।
তুমি নিজকে ভাবা উঠিৰজা-বহিৰজা,
মই তোমাৰ বাটৰ কাঁইট!
যি হাতেৰে তোমাক তুলি ধৰিছিলোঁ,
সেই হাততে তুমি কামুৰিলা,
পানধোৱাত খুৱাইছিলোঁ তোমাক,
সেই থালতে তুমি থুৱাই দিলা!
শুনা হে নিৰ্লজ্জ,
তুমি ভাবিছা তুমি জিকিলা-
নাই, তুমি হাৰিলা।
তুমি এজন মানুহ হেৰুৱালা,
মই এটা বোজাৰ পৰা মুক্ত হ’লোঁ।
তোমাৰ দৰে কৃতঘ্নক
কোনেও কেতিয়াও ক্ষমা নকৰে,
মানুহে মনত নাৰাখে,
কুকুৰেও ঘূৰি নাচায়!