ন্যায় সংহিতা
মিতালি বৰঠাকুৰ
মালিগাওঁ , আদৰ্শ কলনী,গুৱাহাটী
সময় একেই আছে মাথোঁ ৰং সলনি হৈছে
ৰজা আগতেও আছিল আজিও আছে
শোষক আৰু শোষনকাৰীৰ হাতবোৰ
এতিয়াও একেই দীঘল হৈ আছে
পাণ্ডৱ আৰু কৌৰৱৰ দৰে যুঁজ দিয়া
কুৰুক্ষেত্ৰ যুদ্ধ আজিও চলি আছে
পাঞ্চালীৰ দৰে আজিও বৈ আছে দুখৰ
সজল ধাৰা সৰ্পিল গতিত দিন বোৰ গৈ আছে
গছবোৰে এতিয়াও
নিৰাশাৰ শেলুৱৈ বোৰত খামুচি
প্ৰত্যয়ময় সাহসেৰে বাট চাই আছে
এটি সঠিক উত্তৰ বিচাৰি
প্ৰতি দিনে তেওঁ চকুৰ পানীৰে অৰ্ঘা দিছে
আপোন জনক
সত্যক , অসত্য বুলি প্ৰমাণিত কৰা
ৰজাঘৰীয়া খেলবোৰ এতিয়াও
ৰঙাফিটাৰ মেৰপাকত নাচি আছে
ন্যায়ৰ দেৱী গৰাকী চকুত কাপোৰ বান্ধি
নিমাত হৈ আছে।
বৰ লুইত খন এতিয়াও বৈ আছে
বুকুত দুখ আৰু চকুপানীৰ অন্তহীন ৰং সাৱটি।
লুইতেও জানে বঠা কিমানলৈকে মাৰিব পাৰি
নিচ্ছুপ প্ৰকৃতিও ৰ ‘ লাগি চাই আছে
কেতিয়া খোল খাব ন্যায় সংহিতা !
