প্ৰকৃতিৰ বুকুত মানৱ জীৱনৰ আদৰ্শ
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
ভূমিকা: মানুহ আৰু প্ৰকৃতিৰ মাজত এক গভীৰ আত্মিক সম্পৰ্ক আছে। প্ৰকৃতিৰ কোলাতেই সমগ্ৰ জীৱকুল লালিত-পালিত হয়। পশুপক্ষী, কীট-পতংগ, গছ-লতাৰ পৰা আৰম্ভ কৰি অতি সূক্ষ্ম জীৱসমূহো এই প্ৰকৃতিৰ কোলাতেই জন্ম লয়, জীৱন নিৰ্বাহ কৰে আৰু অৱশেষত প্ৰকৃতিৰ বুকুতেই লীন হৈ যায়। এয়াই প্ৰকৃতিৰ চিৰন্তন জৈৱিক পৰিঘটনা।
আধুনিক মানুহ আৰু প্ৰকৃতিৰ ওপৰত আঘাট: মানুহে নিজৰ বিকশিত বিবেক আৰু বুদ্ধিৰ বলত নিজক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ জীৱ বুলি প্ৰমাণ কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত মানুহে বিভিন্ন আধুনিক সঁজুলি সাজি সভ্যতাৰ শিখৰত আৰোহণ কৰিছে। কিন্তু দুখৰ বিষয় যে, ইমান বিবেকবান হৈও বৰ্তমান মানুহে নিজৰ মূৰ্খতাৰ প্ৰমাণ দি আহিছে। মানুহে ভালদৰে জানে যে প্ৰকৃতি অবিহনে মানৱ জাতিৰ কোনো অস্তিত্ব নাই; তথাপিও মানুহে নিজৰ স্বাৰ্থৰ বাবে বিভিন্ন উপায়েৰে প্ৰকৃতিক প্ৰদূষিত কৰিছে আৰু ক্ষতি সাধন কৰি আহিছে।
প্ৰকৃতিৰ নিস্বাৰ্থ দান: প্ৰকৃতিৰ পৰা মানুহে শিকিব লগীয়া বহু কথা আছে। প্ৰকৃতিয়ে কোনো স্বাৰ্থ নোহোৱাকৈ আমাক ফল-মূল, খাদ্য আৰু জীয়াই থাকিবলৈ অক্সিজেন দিছে। কয়লা, তেল আদিকে ধৰি ভূগৰ্ভৰ সকলো খনিজ উপাদান প্ৰকৃতিয়ে আমাক উপহাৰ দিছে, কিন্তু ইয়াৰ বিনিময়ত কোনোদিনে আমাৰ পৰা হিচাপ বিচৰা নাই। আজিৰ স্বাৰ্থপৰ মানৱ সমাজে প্ৰকৃতিৰ দৰে নিস্বাৰ্থ আৰু পৰোপকাৰী হ’বলৈ শিকিলেহে সমাজখন সুন্দৰ হ’ব।
জীৱ-জন্তুৰ কৰ্মঠতা আৰু স্বাৱলম্বিতা: প্ৰকৃতিৰ কোলাত থকা জীৱ-জন্তুবোৰ কেতিয়াও এলেহুৱা নহয়। সিহঁতে নিজৰ কৰ্ম নিজে কৰে আৰু নিজৰ খাদ্য নিজে যোগাৰ কৰে। পৰুৱা আৰু মৌ-মাখিয়ে মুহূৰ্তৰ বাবেও সময় নষ্ট নকৰে। চৰাই-চিৰিকতি বা বন্য জন্তু—কাৰো বাবে কোনোবাই খাদ্য যোগাৰ কৰি থৈ নিদিয়ে। বৰ্তমান মানুহে এলেহুৱা হৈ আনৰ ওপৰত নিৰ্ভৰ কৰিব বিচাৰে, কিন্তু প্ৰকৃতিৰ জীৱসমূহে আমাক স্বাৱলম্বী আৰু পৰিশ্ৰমী হ’বলৈ শিকায়।
প্ৰকৃতিৰ নিয়ম আৰু স্বাস্থ্যসন্মত জীৱনশৈলী: চৰাই-চিৰিকতিৰ দৈনিক নিয়মবোৰ অনুসৰণ কৰিলে মানুহ নিৰোগী হৈ থাকিব পাৰে। চৰাইবোৰে সদায় সূৰ্য ডুবাৰ আগতেই নিজৰ শেষৰটো আহাৰ খায় আৰু সোনকালে শুই পৰে। আকৌ সূৰ্যোদয়ৰ আগতেই সাৰ পায়। আধুনিক বিজ্ঞানৰ মতেও ই এক অত্যন্ত স্বাস্থ্যসন্মত নিয়ম । সূৰ্য অস্ত যোৱাৰ আগতে ৰাতিৰ আহাৰ খালে শৰীৰে হজম কৰিবলৈ পৰ্যাপ্ত সময় পায়, যাৰ ফলত গেছ বা মেদবহুলতা নহয়। ৰাতিপুৱাৰ কোমল ৰ’দে শৰীৰত ভিটামিন ডি তৈয়াৰ কৰে আৰু মন প্ৰফুল্লিত ৰাখে।
উপসংহাৰ: প্ৰকৃতি কেৱল আমাৰ থকা ঠাই নহয়, ই আমাৰ সৰ্বশ্ৰেষ্ঠ শিক্ষক। কেতিয়াবা মন অশান্ত হ’লে প্ৰকৃতিৰ সান্নিধ্যলৈ গ’লে মানসিক প্ৰশান্তি লাভ কৰা যায়। গতিকে, আমি সদায় প্ৰকৃতিক অনুসৰণ কৰা উচিত। চৰাই-চিৰিকতিৰ জীব জন্তু দৰে পৰিশ্ৰমী হোৱা আৰু প্ৰকৃতিৰ দৰে নিস্বাৰ্থভাৱে কাম কৰাটোৱেই মানৱ জীৱনৰ প্ৰকৃত সার্থকতা।
