ডিব্ৰুগড়ত আগন্তুক দুৰ্গাপূজা উপলক্ষে জিলা প্ৰশাসনৰ সুৰক্ষিত আৰু শৃংখলাবদ্ধ প্ৰস্তুতিৰ পৰ্যালোচনা
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী, আই.এ.এছ.-ৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আগন্তুক দুৰ্গাপূজা উপলক্ষে সুৰক্ষিত, শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ উদযাপনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ বিভিন্ন স্থানৰ দুৰ্গাপূজা কমিটিৰ প্ৰতিনিধিসকলৰ লগতে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু আৰক্ষী বিষয়া, স্বাস্থ্য, অগ্নিনির্বাপক আৰু জৰুৰীকালীন সেৱা, লোকনিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড , প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, জলসম্পদ, অভ্যন্তৰীণ জল পৰিবহণ তথা অন্যান্য সংশ্লিষ্ট বিভাগসমূহৰ প্ৰতিনিধিসকল উপস্থিত থাকে।বৈঠকত উৎসৱৰ বিভিন্ন দিশ, যেনে- যান-বাহন ব্যৱস্থাপনা, ভিৰ নিয়ন্ত্ৰণ,ৰাজহুৱা সুৰক্ষা,জৰুৰী কালীন প্ৰস্তুতি, পৰিষ্কাৰ-পৰিচ্ছন্নতা, বিদ্যুৎ যোগান আৰু অন্যান্য অত্যাৱশ্যকীয় ব্যৱস্থাৱলী সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। পূজা কমিটিসমূহৰ প্ৰতিনিধি আৰু সদস্যসকলেও তেওঁলোকৰ সমস্যা তথা প্ৰয়োজনীয়তাসমূহ উত্থাপন কৰে, যিবোৰ বৈঠকত আলোচনা কৰা হয় আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই প্রয়োজনীয় নিৰ্দেশনা আৰু সমাধান আগবঢ়ায়।আলোচনাৰ অন্তত, প্ৰচলিত ধৰ্মীয় ৰীতি-নীতি আৰু নিয়মসমূহলৈ লক্ষ্য ৰাখি ২১ অক্টোবৰ ২০২৬ তাৰিখে দুৰ্গাপূজাৰ প্ৰতিমা বিসৰ্জন দিয়াৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়। লগতে বিহিত প্ৰক্ৰিয়া অনুসৰি পূজা উদযাপনৰ বাবে প্ৰয়োজনীয় অনুমতিসমূহ ১২ অক্টোবৰ ২০২৬-ৰ ভিতৰত প্ৰদান কৰা হ’ব বুলি সিদ্ধান্ত লোৱা হয়।জিলা প্ৰশাসনে সকলো পূজা কমিটিক প্ৰতিমা বিসৰ্জনৰ শোভাযাত্ৰাৰ বাবে নিৰ্ধাৰিত পথসমূহ সমূচিতভাৱে মানি চলিবলৈ আৰু জিলা প্ৰশাসন তথা আৰক্ষী কৰ্তৃপক্ষই জাৰি কৰা সময়সীমা আৰু অন্যান্য নিৰ্দেশনা পালন কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও, বিসৰ্জন শোভাযাত্ৰাত কেৱল প্ৰতিমা কঢ়িয়াবলৈ অনুমতি প্ৰাপ্ত নির্দিষ্ট সংখ্যক ব্যক্তিয়েহে অংশগ্ৰহণ কৰাটো নিশ্চিত কৰিবলৈ কমিটিসমূহক পৰামৰ্শ দিয়া হয়।ৰাজহুৱা সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী, আই.এ.এছ.-এ কয় যে দুৰ্গাপূজা আনন্দ আৰু ভক্তিৰ উৎসৱ যদিও সুৰক্ষাক সকলোৱে প্ৰাথমিকতা দিয়া উচিত; বিশেষকৈ বয়োজ্যেষ্ঠ, মহিলা আৰু শিশুসকলৰ নিৰাপত্তাৰ প্ৰতি বিশেষ ধ্যান দিয়াটো অতি আৱশ্যক। উৎসৱ যাতে শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে সম্পন্ন হয় আৰু উৎসৱৰ সময়ছোৱাত যাতে কোনো অপ্ৰীতিৰোগক পৰিস্থিতি বা অপ্ৰত্যক্ষিত দুৰ্ঘটনা সংঘটিত নহয়, তাৰ বাবে সকলো পক্ষকে একত্ৰিত হৈ কাম কৰি ডিব্ৰুগড়ক এক উজ্জ্বল দৃষ্টান্ত হিচাপে গঢ়ি তুলিবলৈ জিলা আয়ুক্ত গৰাকীয়ে আহ্বান জনায়। বৈঠকত শব্দযন্ত্ৰ আৰু লাউডস্পীকাৰ ব্যৱহাৰৰ ক্ষেত্ৰত অনুমোদিত শব্দৰ মাত্ৰা আৰু সময়সীমাকে ধৰি নিৰ্ধাৰিত নীতি-নিয়মসমূহ কটকটীয়াভাৱে পালন কৰাৰ উপৰিও অন্যান্য সকলো সুৰক্ষা তথা নিয়ন্ত্ৰণমূলক দিশ মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে পূজা কমিটিসমূহৰ প্ৰতিনিধি আৰু সকলো অংশগ্ৰহণকাৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু সমগ্ৰ ডিব্ৰুগড় জিলাতে দুৰ্গাপূজা সুৰক্ষিত, শান্তিপূৰ্ণ আৰু সমন্বয়মূলকভাৱে উদযাপন নিশ্চিত কৰিবলৈ জিলা প্ৰশাসন আৰু আৰক্ষীৰ সৈতে নিৰন্তৰ সহযোগিতা আৰু সমন্বয় ৰক্ষা কৰিবলৈ অনুৰোধ জনায়।
