তই নথকা চহৰ – মুন শৰ্মা

Pc StockCake

চুটিগল্প

তই নথকা চহৰ

মুন শৰ্মা, লখিমপুৰ

পাহাৰৰ কোলাত শুই থকা এখন সেউজীয়া চহৰ – নোভা নগৰ। তিনি ফালে পাহাৰ, মাজেৰে বৈ যোৱা এৰিয়া নৈ। ইয়াৰ মানুহবোৰ আধুনিক, কিন্তু হৃদয়বোৰ এতিয়াও মাটিৰ গোন্ধত জীয়াই থাকে। ইয়াত প্ৰকৃতি দৃশ্য নহয়, আত্মীয়।

এই চহৰতে তিনি বছৰ ধৰি আছে অজয় দুৱৰা।

গেংষ্টাৰৰ পৰা সাধাৰণ মানুহ হোৱাৰ সাক্ষী এই চহৰ। নোভা নগৰে তাক সকলো দিলে – নতুন নাম, নতুন কাম, নতুন পৰিচয়। তথাপি অজয়ৰ চকুত এতিয়াও এটা পুৰণি শূন্যতা। সি হাঁহে, কথা পাতে, কাম কৰে, কিন্তু ভিতৰি ভিতৰি সি সদায় অসুস্থ। এবুকু বেদনা লৈ ফুৰা এজন নিঃসংগ মানুহ।

কাৰণ এৰিয়া নৈৰ সিপাৰে এতিয়াও তাৰ অতীত জীয়াই আছে। সিপাৰৰ চহৰখনৰ নাম এলভিয়ন।

এলভিয়নতে আছিল অজয়ৰ ৰাজত্ব। তাৰ নাম শুনিলে মানুহ কঁপিছিল। কিন্তু সি সেইবোৰ এৰি দিছিল। কাৰণ তাৰ জীৱনলৈ আহিছিল মায়া। পৰিয়াল বুলিব কোনো নথকা অজয়ৰ অন্ধকাৰ জীৱনত মায়া আছিল একমাত্ৰ পোহৰ।

সি ভাবিছিল, সকলো শেষ।

কিন্তু শেষটো ইমান সহজ নাছিল। তাৰ বছ্ এ তাক শেষবাৰৰ বাবে মাতিছিল। “এটা কাম কৰি দে। নহ’লে তোৰ মায়া নাথাকিব।”

মায়াই বহুত বুজাইছিল। ভৰিত ধৰিছিল। “নাযাবা অজয়, মোৰ বেয়া লাগিছে।”

সি শুনা নাছিল। সি ভাবিছিল, তাইৰ সুৰক্ষাৰ বাবেই যাব লাগে। সেই ৰাতি গভীৰ নিশা সি বন্দুক তুলি ল’লে। কোনোদিন লক্ষ্যভ্ৰষ্ট নোহোৱা হাতখন সেইদিনা কঁপিছিল। আৰু সঁচাকৈয়ে সি বিফল হ’ল।

তাৰ পাছত যি হ’ল, সেয়া নৰক আছিল। বছৰ মানুহে সিহঁতক খেদি আহিল। এৰিয়া নৈৰ পাৰত, সেই আন্ধাৰত, নিজৰ প্ৰাণ বচাবলৈ সি এসময়ত আপোন বুলি ভবা সতীৰ্থবোৰক নিজ হাতেৰে মাৰিবলগীয়া হ’ল। তাৰ হাত তেজেৰে ৰাঙলী হৈ পৰিল।

আৰু তেতিয়াই সেই ভুলটো হ’ল।

এটা গুলী। কাৰ বন্দুকৰ পৰা ওলাল কোনেও নাজানে। মাথোঁ সকলোৱে দেখিলে – মায়াৰ বুকুত এটা ৰঙা ফুল ফুলি উঠিল। তাই নিথৰ হৈ তাৰ কোলাতে ঢলি পৰিল।

সময় ৰৈ গ’ল। নৈৰ শব্দও নোহোৱা হ’ল যেন।

মৰিবৰ আগে তাই মাথোঁ এটা কথাই ক’লে – “তুমি পলোৱা। তুমি জীয়াই থাকা।”

অজয়ৰ গাতো গুলী লাগিছিল। তেজ বৈ আছিল। তাইৰ কথাষাৰ বুকুত বান্ধি সি দৌৰিলে। দুই চহৰৰ সংযোগী দলংখনৰ পৰা সি এৰিয়া নৈত জাঁপ দিলে।

তিনি দিনলৈ নৈখনে তাক মৃত্যু আৰু জীৱনৰ মাজত উটুৱাই ফুৰালে।

চতুৰ্থ দিনা চকু মেলি সি দেখিলে, সি এখন বাঁহৰ ঘৰত শুই আছে। গাতে গৰম কাপোৰ। সন্মুখত এজন বৌদ্ধ ভিক্ষু।

“মই ক’ত?” – সি সুধিলে।

ভিক্ষুজনে ক’লে – “তুমি নোভা নগৰত। নৈয়ে তোমাক আমাক দি গ’ল।”

সি সুস্থ হ’ল। গুচি যাব খুজিছিল। বহু দূৰলৈ গ’লো, কিন্তু মনটোৱে তাক উভতাই আনিলে। ক’লৈ যাব সি? য’লৈকে যায়, মায়াৰ স্মৃতি লগত যাব। তাতকৈ এই শান্ত চহৰতে তাইৰ স্মৃতিৰ লগত থকাই ভাল। ভিক্ষুৰ কথাতে সি থাকি গ’ল।

আজি অজয়ৰ সকলো আছে। চিনাকি মানুহ আছে, কাম আছে, সন্মান আছে। অতীতৰ বদনামবোৰ এৰিয়া নৈয়ে ধুই নিলে।

নাই মাথোঁ এটা বস্তু – মনৰ মায়া।, প্ৰতি পলৰ হৃদয়ৰ অনুভূতি প্ৰেমিকা মায়া।

সেয়ে প্ৰতি গধূলি যেতিয়া সি এৰিয়া নৈৰ পাৰত বহে, সিপাৰৰ এলভিয়নলৈ চাই তাৰ মনত এটাই নাম ভাহি আহে।

মানুহৰ বাবে এইখন নোভা নগৰ।

কিন্তু অজয় দুৱৰাৰ বাবে এইখন সদায় – তই নথকা চহৰ।