এয়া কেৱল এক উদ্দেশ্যপ্রণোদিত অপপ্ৰচাৰঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- নির্বাচন আয়োগে সংবিধানৰ সুস্পষ্ট গণ্ডীৰ ভিতৰত থাকি সহমত অথবা সংখ্যাগৰিষ্ঠ মতৰ ভিত্তিত সিদ্ধান্ত গ্রহণ কৰে। সেয়ে মুখ্য নির্বাচন আয়ুক্তক লক্ষ্য কৰি চলোৱা আক্রমণ যুক্তিসংগত সমালোচনা নহয়, এয়া কেৱল এক উদ্দেশ্যপ্রণোদিত অপপ্রচাৰ। এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ। বৃহস্পতিবাৰে দিছপুৰস্থিত লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত সম্বোধন কৰা সংবাদমেলত দেশৰ নির্বাচন আয়োগৰ বিতৰ্ক সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। উল্লেখ্য যে দেশৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ‘দ্য ইণ্ডিয়ান এক্সপ্রেছে’ত প্রকাশ কৰা বাতৰিয়ে সমগ্র দেশতে জোকাৰণিৰ সৃষ্টি কৰিছে। ৰাজনৈতিক মহলতো এই বিষয়টোক লৈ ব্যাপক বিতর্ক দেখা গৈছে। দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু দুই নির্বাচন আযুক্ত ক্রমে সুখবীৰ সিং সন্ধু আৰু নির্বাচন আয়ুক্ত বিবেক যোশীৰ মাজত এছআইআৰ প্ৰক্ৰিয়া নিৰীক্ষণ সন্দর্ভত সহমত নোহোৱাকে কিছুমান কার্যকলাপ চলি আছে বুলি ইংৰাজী কাকতখনে এক বাতৰি প্ৰকাশ কৰিছিল। এছআইআৰ প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে গঠন কৰা ৩ জনীয়া সমিতিত আছিল মুখ্য নির্বাচন আযুক্ত জ্ঞানেশ কুমাৰ আৰু দুই নির্বাচন আয়ুক্ত ক্রমে সুখবীৰ সিং সন্ধু আৰু নিৰ্বাচন আয়ুক্ত বিবেক যোশী। ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ প্ৰতিবেদন অনুসৰি, ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ (এছআইআৰ) সময়ত দুই নির্বাচন আয়ুক্ত ক্রমে সুখবীৰ সিং সন্ধু আৰু বিবেক যোশীয়ে বিভিন্ন ৰাজ্যত ভোটাৰৰ নাম বাদ পৰাকে ধৰি একাধিক বিষয়ত আপত্তি কৰিছিল। প্রতিবেদনত দাবী কৰা হৈছে যে দুয়োগৰাকী নির্বাচন আয়ুক্তই ভোটাৰ ডাটা ছিষ্টেমত তদাৰকীৰ আসোঁৱাহ থকাৰো অভিযোগ কৰিছিল। ইংৰাজী দৈনিক বাতৰিকাকতখনে দাবী কৰা মতে, সামূহিকভাৱে তেওঁলোকে প্রায় ১০ মাহৰ ভিতৰত ১৪ বাৰ এই আপত্তিসমূহ প্রকাশ কৰিছিল। তেওঁলোকৰ অজ্ঞাতে লোৱা সিদ্ধান্ত আৰু জাৰি কৰা আদেশৰ ওপৰতো আপত্তি দর্শাইছিল। এই বাতৰি প্ৰকাশৰ পিছতেই দেশৰ বিৰোধী দলসমূহে মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। মুখ্যমন্ত্ৰী ড° শৰ্মাই বৃহস্পতিবাৰে মুখ্য নিৰ্বাচন আয়ুক্তই নিৰ্বাচন আয়ুক্তসকলৰ লগত আলোচনা নকৰাকৈ সিদ্ধান্ত ল’ব নোৱাৰে বুলি দৃঢ়তাৰে কয় ৷ মুখ্য নিৰ্বাচন আয়ুক্তক ‘ৰাজনৈতিক প্ৰচাৰ’ৰ অংশ হিচাপে লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰি ড৹ শৰ্মাই কয় যে এই কাৰ্যই বিৰোধী আৰু ‘ডিমাগী’ (বৌদ্ধিক) নক্সালসকলৰ ‘হতাশা’ প্ৰতিফলিত কৰিছে ৷ তেওঁ কয় যে নিৰ্বাচন আয়োগে সামূহিক সংস্থা হিচাপে কাম কৰে আৰু সকলো সিদ্ধান্ততে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্ত দুজনৰ স্বাক্ষৰ থাকে । নিৰ্বাচন আয়োগৰ নিয়ম জনাসকলে এনে অভিযোগ উত্থাপন নকৰে । মোৰ দৃষ্টিত মুখ্য নিৰ্বাচন আয়ুক্ত বা নিৰ্বাচন আয়ুক্ত সংখ্যালঘু হ’লে নিৰ্বাচন আয়োগে কোনো সিদ্ধান্ত ল’ব নোৱাৰে । নিৰ্বাচন আয়োগৰ সকলো সিদ্ধান্তই সামূহিক সংস্থা হিচাপে গৃহীত বা সংখ্যাগৰিষ্ঠতাৰে ল’ব লাগে ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় ৷ মুখ্যমন্ত্ৰীয়ে কয়-যিসকলে নির্বাচনী আয়োগৰ নীতি-নিয়ম সম্পৰ্কত অৱগত, তেওঁলোকে এই অভিযোগ নকৰে। নির্বাচনী আয়ুক্তই যদি কোনো সিদ্ধান্ত ল’ব লাগে, তেন্তে আয়োগৰ তিনিওগৰাকী আয়ুক্তৰ স্বাক্ষৰৰ প্ৰয়োজন হ’ব। যদি দুজন আয়ুক্তই নির্বাচন আয়োগৰ বিপক্ষে আছিল, তেন্তে চিই চিগৰাকী ২-১ ভোটত হাৰি যাব লাগিছিল। ফাইলত এটা সিদ্ধান্ত হোৱাৰ আগতে বিভিন্নজনে বিভিন্ন কথা লিখে। আমাৰ কেবিনেটতো যদি এটা প্রস্তাৱ আহে, উপ-সচিবে বেলেগকৈ লিখিব, যুটীয়া সচিবে বেলেগকৈ লিখিব, শেষত বৈঠকত বহি এটা উমৈহতীয়া সিদ্ধান্ত লোৱা হয়। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়ান এক্সপ্রেছত যি বাতৰি প্ৰকাশ হৈছে, সেয়া হ’ল প্রি-ডিছিচন মেকিং কনছালটেচন। অর্থাৎ সিদ্ধান্ত লোৱাৰ আগতে বিভিন্নজনে দিয়া মতামতসমূহ। যদি সিদ্ধান্তসমূহৰ ক্ষেত্রত তিনিওজন নির্বাচনী আয়ুক্তই স্বাক্ষৰ দিয়া নাই, তেন্তে সেয়া সিদ্ধান্ত নহ’লহেঁতেন। মই ভাবোঁ এই সমগ্ৰ বাতৰিটো উত্তেজনা বিয়পোৱাৰ বাবেহে প্রকাশ কৰা এটা বাতৰি। যদি সর্বসম্মত সিদ্ধান্ত নহ’লহেঁতেন, নির্বাচন আয়োগে কোনো নির্বাচনেই অনুষ্ঠিত কৰিব নোৱাৰিলেহেঁতেন।
