মুম্বাইত এছবিআইৰ বেংকিং-অর্থনৈতিক সন্মিলনত অংশগ্ৰহণ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

মুম্বাইত এছবিআইৰ বেংকিং-অর্থনৈতিক সন্মিলনত অংশগ্ৰহণ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

ৰঙিলী বাৰ্ত্তাসেৱা- মুম্বাইৰ তাজমহল পেলেচ হোটেলত অনুষ্ঠিত ১৩ সংখ্যক এছ বি আই বেংকিং আৰু অৰ্থনৈতিক সন্মিলনত অসম চৰকাৰৰ হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। উল্লেখ্য যে, অসমৰ বিত্তীয় আৰু ঔদ্যোগিক উন্নয়নৰ দিশসমূহ এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় মঞ্চত দাঙি ধৰাৰ বাবে তেওঁ ইয়াত অসম চৰকাৰক প্ৰতিনিধিত্ব কৰে। কনক্লেভত অংশ গ্ৰহণ কৰি বৰুৱাই কয় অসমে নিজৰ পৰম্পৰাগত অৰ্থনৈতিক শক্তি চাহ, পেট্ৰ’লিয়াম আৰু কৃষিৰ বাহিৰেও সম্প্ৰসাৰণ কৰি ছেমি কণ্ডাক্টৰ, ইলেক্ট্ৰনিকছ, খাদ্য প্ৰক্ৰিয়াকৰণ, পৰ্যটন, ল’জিষ্টিক, নবীকৰণযোগ্য শক্তি, স্বাস্থ্যসেৱা, মহাকাশ আৰু ডিফেন্সৰ মাজেৰে বিকাশৰ নতুন পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে । মন্ত্ৰী বৰুৱাই কয়,অসমৰ ঔদ্যোগীকৰণৰ সকলোতকৈ ডাঙৰ সম্পদ হৈছে মানৱ সম্পদ আৰু এইবাবেই অসম আজি বিনিয়োগৰ বাবে সকলোৰে আকৰ্ষণৰ স্থল হৈ পৰিছে । মন্ত্ৰীগৰাকীয়ে কয় যে অসমত গুণগত কৰ্মসংস্থাপনৰ আকাংক্ষা বৃদ্ধি পোৱাৰ ফলত যুৱক আৰু দক্ষ লোকৰ সংখ্যা বৃদ্ধি পাইছে । তেওঁ কয় যে ৰাজ্যৰ ঔদ্যোগীকৰণ কৌশল সেয়েহে অসমৰ ভিতৰত যুৱক-যুৱতীসকলৰ বাবে সুযোগ সৃষ্টিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত । মন্ত্ৰীগৰাকীয়ে কয়, আমাৰ ল’ৰা-ছোৱালীয়ে কৰ্মসংস্থাপনৰ বাবে বেংগালুৰুলৈ যোৱাৰ পৰিৱৰ্তে ঘৰতে থাকিব পাৰিব লাগে, ইয়াত কাম কৰিব পাৰিব লাগে আৰু ইয়াত উপাৰ্জন কৰিব পাৰিব লাগে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি জয়ন্ত মল্ল বৰুৱাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা পৰিৱৰ্তনৰ প্ৰসংগত মন্তব্য কৰে। মন্ত্ৰী বৰুৱাই কয়, ছেমিকণ্ডাক্টৰৰ পৰা ষ্টার্টআপ অর্থনীতিলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে নিত্যনতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। ব্যৱসায় অনুকূল সংস্কাৰ একক খিৰিকী অনুমোদন ব্যৱস্থা আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বই অসমত এই পৰিৱৰ্তনক ত্বৰান্বিত কৰিছে। অসমত উদ্যোগ আৰু বিনিয়োগৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত অসম নিৰ্মাণৰ সপোন বাস্তৱায়িত কৰাৰ দিশত এক দৃঢ় পদক্ষেপ। মানৱ সম্পদ অসমত উদ্যোগীকৰণৰ মুখ্য চালিকাশক্তি। সেয়েহে বর্তমান বিনিয়োগৰ বাবে অসম শ্রেষ্ঠ গন্তব্যস্থল।  মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ এমএছএমই, পৰিবহণকাৰী, সঁজুলি নির্মাতা আৰু সেৱা প্ৰদানকাৰীসকলক সাঙুৰি এক বৃহত্তৰ ঔদ্যোগিক পৰিৱেশতন্ত্ৰৰ বিত্তীয় সাহায্যৰ বাবে বেংকসমূহক অধিক সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। বিত্তমন্ত্রী বৰুৱাই কনক্লেভত প্রথম প্ৰজন্মৰ উদ্যমীসকলৰ বাবে নগদ ধনৰ প্ৰৱাহভিত্তিক ঋণ প্রদানৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে পৰম্পৰাগত বন্ধকী সম্পত্তিৰ ওচৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে বেংকসমূহে ব্যৱসায়িক মূল্যায়নৰ বাবে জিএছটি তথ্য, ডিজিটেল পৰিশোধ, উদ্যম পঞ্জীয়ন আৰু ইনভইচৰ দৰে প্ৰমাণিত ডিজিটেল ব্যৱস্থা ব্যৱহাৰ কৰিব পাৰে। নিজ ভাষণত মন্ত্ৰীগৰাকীয়ে ২০২৫-২৬ বৰ্ষত চলিত মূল্যত অসমৰ জিএছডিপি প্রায় ৭.৪২ লাখ কোটি টকা বুলি অনুমান কৰা হৈছিল, য’ত প্রকৃত বিকাশৰ হাৰ প্ৰায় ১০.১ শতাংশ। আনহাতে ২০২৬-২৭ বৰ্ষৰ বাবে নামমাত্র অর্থাৎ ন’মিনেল জিএছডিপি প্রায় ৮.৭১ লাখ কোটি টকা হ’ব বুলি ধাৰণা কৰা হৈছে। তেওঁ লগতে কয় যে ৰাজ্যখনৰ ঋণ-জমাৰ অনুপাত ২০১৬ চনৰ মাৰ্চ মাহৰ ৪১.১০ শতাংশৰ পৰা বৃদ্ধি পাই ২০২৬ চনৰ মাৰ্চ মাহত ৭৩.৫২ শতাংশ হৈছে। আনহাতে ২০২১-২২ বৰ্ষৰ পৰা সামুহিক অগ্ৰাধিকাৰপ্ৰাপ্ত খণ্ডৰ অগ্রিম ধনৰ পৰিমাণ ৩.৬৯ লাখ টকা অতিক্ৰম কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়- অসমত আজি অর্থনৈতিক গতিশীলতা আহিছে, বিনিয়োগৰ এক বর্ধিত সম্ভাৱনা গঢ়ি উঠিছে। আন্তঃগাঁথনি উন্নতি ঘটিছে আৰু এক শক্তিশালী প্রাতিষ্ঠানিক ঋণৰ পৰিৱেশ সৃষ্টি হৈছে। কিন্তু সকলোতকৈ ওপৰত আমাৰ হাতত আছে আমাৰ মানৱ সম্পদ, আমাৰ জনসাধাৰণ। যিসকল এই পৰিৱৰ্তনৰ সৰ্ববৃহৎ হিতাধিকাৰী আৰু চালিকাশক্তি হৈ পৰিব। তেওঁ লগতে কয় যে ৰাজ্যখনত ঔদ্যোগিক সম্প্ৰসাৰণে ইয়াৰ যুৱপ্ৰজন্মৰ বাবে নিয়োগ আৰু ব্যৱসায়িক সুযোগ সৃষ্টি কৰিব।