দুর্গাপূজাত ২০% বোনাছ পাব চাহ নিগমৰ বাগিচাৰ শ্রমিকে
ৰঙিলী বাৰ্ত্তাসেৱা- অসম চাহ নিগমৰ অধীনস্থ বাগিচাসমূহৰ শ্ৰমিক আৰু কৰ্মচাৰীসকলে এইবাৰ দুৰ্গাপূজাত ২০% বোনাছ লাভ কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসম চাহ নিগমৰ অধীনস্থ ২৫৯খন চাহ বাগিচাৰ শ্রমিকক দুর্গাপূজাত ২০ শতাংশ বোনাছ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। ৰাজ্যিক কেবিনেটে এইমর্মে আছাম টী কৰ্প’ৰেচন লিমিটেড (এটিচিএল) ৰ বাগিচাসমূহৰ যোগ্য শ্রমিক আৰু কৰ্মচাৰীসকলক ২০ শতাংশ বোনাছ প্রদানত অনুমোদন জনায়। এই সন্দর্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰে যে ৰাজ্যৰ ৮০৭খন চাহ বাগিচাৰ ৫৪৮খন বাগিচাই ইতিমধ্যে ২০ শতাংশ পূজাৰ বোনাছ ঘোষণা কৰিছে। এটিচিএলৰ অধীনস্থ বাগিচাসমূহৰ শ্ৰমিকৰ বাবেও ২০ শতাংশ পূজাৰ বোনাছ ৰাজ্য চৰকাৰে প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। বাকী ২৫৯খন চাহ বাগিচাৰ শ্রমিকক ২০ শতাংশ পূজাৰ বোনাছ দিয়াৰ বাবে আলোচনা চলি আছে। এই চাহ বাগিচাৰ মালিক অথবা কোম্পানীসমূহেও ২০ শতাংশ বোনাছ দিব।
