ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সেৱা সংকল্প অভিযানৰ অধীনত বক্তৃতা প্ৰতিযোগিতা

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সেৱা সংকল্প অভিযানৰ অধীনত বক্তৃতা প্ৰতিযোগিতা: ৪১ গৰাকী শিক্ষাৰ্থীৰ অংশগ্ৰহণ-অঙ্গনা মহন্ত প্ৰথম স্থান 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘ৰংঘৰ প্ৰেক্ষাগৃহ’ত ‘সেৱা সংকল্প অভিযান’ৰ অধীনত এখনি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিশ্ববিদ্যালয় খনৰ বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাখন দুটা শাখাত স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত অনুষ্ঠিত হৈছিল। প্ৰতিযোগিতাখনত মুঠ ৪১ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে, যাৰ ভিতৰত ২০ গৰাকী স্নাতক শাখাৰ আৰু ২১ গৰাকী স্নাতকোত্তৰ শাখাৰ প্ৰতিযোগী আছিল।অনুষ্ঠানটি উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ শাখাৰ প্ৰফেচাৰ সুৰজিৎ বৰকটকীয়ে। তেওঁ অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লগতে যুৱ প্ৰজন্মক নিজৰ ধাৰণা আৰু দৃষ্টিভংগী প্ৰকাশ কৰাৰ বাবে মঞ্চ প্ৰদান কৰাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে।স্নাতক শাখাত প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল “উদ্ভাৱনৰ জৰিয়তে সবলীকৰণ: ভাৰতৰ অৱদান”। ‘চেণ্টাৰ ফৰ জুৰিডিকেল প্ৰগ্ৰেম’ৰ বি.এ. এল.এল.বি. (হ’নৰ্ছ)ৰ ছাত্ৰী অংগনা মহন্তই প্ৰথম স্থান অধিকাৰ কৰে। ইফালে ইংৰাজী বিভাগৰ ‘এফ.ৱাই.আই.পি.জি.পি.’ ৩য় ষাণ্মাসিকৰ গাৰ্গী বৰণীয়াই দ্বিতীয় স্থান আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ এফ.ৱাই.আই. পি.জি.পি.ৰ ষাণ্মাসিকৰ সুস্মৃতা শৰ্মাই তৃতীয় স্থান লাভ কৰে। স্নাতকোত্তৰ শাখাত বিষয়বস্তু আছিল “ভাৰতত কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিপ টেক স্টাৰ্টআপ: স্বাবলম্বী ডিজিটেল পৰিৱেশ তন্ত্ৰৰ নিৰ্মাণ”। ‘চেণ্টাৰ ফৰ মেনেজমেন্ট স্টাডিজ’ৰ এম.বি.এ. ৩য় ষাণ্মাসিকৰ ৰুবাইয়া খাতুনে প্ৰথম স্থান অধিকাৰ কৰে। ‘চেণ্টাৰ ফৰ স্টাডিজ ইন জাৰ্নেলিজম এণ্ড মাছ কম্যুনিকেচন’ৰ এম.এ. ১ম ষাণ্মাসিকৰ কমল নয়ন দত্তই দ্বিতীয় স্থান আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ এম.এ. ৩য় ষাণ্মাসিকৰ অস্মিতা লাহন-এ তৃতীয় স্থান অধিকাৰ কৰে। প্ৰতিযোগীসকলৰ বিচাৰক হিচাপে আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘চেণ্টাৰ ফৰ স্টাডিজ ইন জাৰ্নেলিজম এণ্ড মাছ কম্যুনিকেচন’ৰ সহকাৰী অধ্যাপক ড° কাণ্ডা কাবেৰী সোণোৱাল, শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা ড° মুনমী বৰা, আৰু ‘চেণ্টাৰ ফৰ ছ’চিয়েল ৱৰ্ক স্টাডিজ’ৰ সহকাৰী অধ্যাপক ড° আনছাই বাথৌ বসুমতাৰী। এই প্ৰতিযোগিতাখনে শিক্ষাৰ্থীসকলক উদ্ভাৱন, কৃত্ৰিম বুদ্ধিমত্তা আৰু ভাৰতৰ উন্নয়নমূলক লক্ষ্যসমূহৰ সৈতে জৰিত সাম্প্ৰতিক বিষয়সমূহৰ সন্দৰ্ভত নিজৰ জ্ঞান, বিশ্লেষণাত্মক দক্ষতা, মৌলিকতা আৰু ৰাজহুৱা বক্তৃতাৰ দক্ষতা প্ৰদৰ্শন কৰাৰ এক উত্তম সুযোগ প্ৰদান কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ‘সেৱা সংকল্প অভিযান’ৰ বক্তৃতা প্ৰতিযোগিতাখনৰ ন’ডেল বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাজনীতি বিজ্ঞান বিভাগৰ ড° বৰুণ দে আৰু শিক্ষা বিভাগৰ ড° প্ৰাঞ্জল বুঢ়াগোহাঁইয়ে অনুষ্ঠানটি পৰিচালনা কৰে। অনুষ্ঠানটিৰ আঁত ধৰে প্ৰীতিশা গগৈ আৰু ডিম্পল দাসে।

নিৰ্ধাৰিত নিৰ্দেশনা অনুসৰি, নিৰ্বাচিত প্ৰতিযোগীসকলে ‘সেৱা সংকল্প অভিযান’ বক্তৃতা প্ৰতিযোগিতাৰ পৰৱৰ্তী জিলা পৰ্যায়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিব।