কাগজবিহীন হ’ব অসমৰ চৰকাৰী কাৰ্যালয়

Pc Hindustan Times

কাগজবিহীন হ’ব অসমৰ চৰকাৰী কাৰ্যালয়

ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰে ২০২৭ চনৰ পহিলা জানুৱাৰীৰ ভিতৰত ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয় কাগজবিহীন ‘ই-অফিচ’ (e-Office)ব্যৱস্থালৈ ৰূপান্তৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ জৰিয়তে প্ৰশাসনিক প্ৰক্ৰিয়াসমূহ ডিজিটেল কৰাৰ চলি থকা প্ৰচেষ্টাক আৰু অধিক সম্প্ৰসাৰণ কৰা হ’ব। এই কথা সদৰী কৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা সামাজিক মাধ্যমযোগে কোৱা হয় যে প্রশাসনিক সংস্কাৰক নতুন মাত্ৰা প্ৰদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অহা ২০২৭ চনৰ ১ জানুৱাৰীৰ ভিতৰত ৰাজ্যত সকলো চৰকাৰী কাৰ্যালয়ক ‘ই-অফিচ’লৈ ৰূপান্তৰ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। ডিজিটেল প্ৰযুক্তিৰ সফল প্ৰয়োগেৰে চৰকাৰী সেৱা অধিক স্বচ্ছ, ক্ষিপ্ৰ আৰু জনমুখী কৰি তুলিবলৈ অসম চৰকাৰ সংকল্পবদ্ধ। উল্লেখ্য যে ‘ই-অফিচ’ ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’লে চৰকাৰী নথি-পত্ৰৰ ডিজিটেল ব্যৱস্থাপনা, ফাইলৰ দ্রুত নিষ্পত্তি আৰু বিভিন্ন প্রশাসনিক কাম-কাজ অধিক সুচাৰুৰূপে সম্পন্ন হোৱাৰ পথ সুচল হৈ পৰিব। ৰাজ্য চৰকাৰৰ এই পদক্ষেপে পৰম্পৰাগত কাগজভিত্তিক প্রশাসনিক ব্যৱস্থাৰ পৰিৱৰ্তে অত্যাধুনিক আৰু প্ৰযুক্তিনিৰ্ভৰ পৰিকাঠামো গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। ডিজিটেল প্রযুক্তিৰ সফল প্ৰয়োগৰ জৰিয়তে চৰকাৰী সেৱা জনসাধাৰণৰ কাৰণে অধিক ক্ষিপ্ৰ আৰু স্বচ্ছ কৰি তোলাৰ এ নে অভিলাষী পদক্ষেপৰ দ্বাৰা অসম চৰকাৰে কার্যতঃ আগবাঢ়িছে আন এক প্রশাসনিক সংস্কাৰৰ দিশত।