ঝাৰখণ্ডৰ দেওঘৰত হাস্পতাল উদ্বোধন মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই ঝাৰখণ্ডৰ দেওঘৰত ৭৫০ বিছনাযুক্ত অত্যাধুনিক বাবা বৈদ্যনাথ মেডিকেল ট্রাষ্ট হাস্পতাল শুভ উদ্বোধন কৰে। ৭৫০ বিছনাযুক্ত এই অত্যাধুনিক হাস্পতালে অঞ্চলটোৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব। বাবা বৈদ্যনাথলৈ শ্রদ্ধা নিবেদন কৰি আৰম্ভ কৰা ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয় যে বাবা বৈদ্যনাথ মেডিকেল ট্রাষ্ট আৰু পিডি হিন্দুজা হাস্পতাল এণ্ড মেডিকেল ৰিছাৰ্চ চেণ্টাৰৰ যৌথ উদ্যোগত দেওঘৰত বাবা বৈদ্যনাথ মেডিকেল ট্রাষ্ট হাস্পতালখন আৰম্ভ কৰা হৈছে। ইয়াত পৰৱৰ্তী সময়ত মেডিকেল কলেজো নিৰ্মাণ কৰা হ’ব। হাস্পতালখনে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকক চিকিৎসা সেৱা প্রদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ঝাৰখণ্ডৰ দেওঘৰ আৰু গোড্ডাত হোৱা উন্নয়ন প্রসংগত মুখ্যমন্ত্রী ড° শর্মাই কয় যে অঞ্চলটোত বিমানবন্দৰ, এইমছ, ৰে’লপথ, ৰিং ৰোড সকলো হৈছে। সাংসদ নিশিকান্ত ডুবেৰ নেতৃত্বত গোড্ডা সমষ্টিত হোৱা উন্নয়নে সমগ্র দেশৰ বাবে নজিৰ সৃষ্টি কৰিছে। বিকাশৰ এই ধাৰা অব্যাহত ৰাখি আজি সমষ্টিটোত আন এখন ডাঙৰ চিকিৎসালয় আৰম্ভ হৈছে। ২০০৬ চনৰ পৰা প্ৰায় ১৫ বছৰকাল অসমৰ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব পালনৰ অভিজ্ঞতাৰ ভিত্তিত তেওঁ মন্তব্য কৰে যে এখন হাস্পতালৰ সফলতাৰ আঁৰত হাস্পতালখনৰ স্থাপত্যৰো গুৰুত্বপূৰ্ণ ভূমিকা থাকে। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰা হাস্পতালখনত আই চি ইউ, কৰিড’ৰ, জৰুৰীকালীন ইউনিট, সাধাৰণ ৱাৰ্ডৰ পৰা আৰম্ভ কৰি সকলো সুবিধা আছে। হাস্পতালখন সাধাৰণ মানুহৰ সুবিধাজনক হোৱাৰ কাৰণ হৈছে সাংসদ নিশিকান্ত ডুবে আৰু বাবা বৈদ্যনাথ মেডিকেল ট্রাষ্টৰ অধ্যক্ষা ড° অনামিকা গৌতমে যথেষ্ট চিন্তা-চৰ্চাৰে হাস্পতালখন নিৰ্মাণ কৰিছে। ট্রাষ্টৰ অধ্যক্ষা ড° গৌতমৰ উদ্ধৃতিৰে মুখ্যমন্ত্রী ড° শর্মাই কয় যে বাবা বৈদ্যনাথ মেডিকেল ট্রাষ্টে নিৰ্মাণ কৰা হাস্পতালৰ উদ্দেশ্য লাভ অৰ্জন কৰা নহয়, জনসেৱাৰ বাবেহে তেওঁলোকে হাস্পতাল নির্মাণ কৰে। সেয়ে তেওঁলোকে চিকিৎসা খণ্ডৰ পেছাদাৰী গোটৰ সৈতে অংশীদাৰিত্ব নকৰি দেশৰ বিভাজনৰ সময়ত পাকিস্তানৰ পৰা ভাৰতলৈ অহা শৰণাৰ্থীসকলক সহায় কৰাৰ বাবে মুম্বাইত প্রথমখন হাস্পতাল স্থাপন কৰা হিন্দুজা গ্ৰুপৰ দৰে সংস্থাৰ সহযোগিতাৰে হাস্পতালখন নিৰ্মাণ কৰিছে। সাংসদ নিশিকান্ত ডুবেৰ চিন্তা, ড° অনামিকা গৌতমৰ পৰিশ্ৰম আৰু হিন্দুজা গ্ৰুপৰ চিকিৎসা সক্ষমতাই হাস্পতালখনক জনসেৱাৰ এক বৃহৎ মন্দিৰত পৰিণত কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। দেওঘৰৰ এইমছ আৰু বৈদ্যনাথ মেডিকেল ট্রাষ্ট হাস্পতালখন পৰস্পৰৰ পৰিপূৰক হ’ব বুলি আশা প্রকাশ কৰি তেওঁ কয় যে এখনে আনখনক শক্তি দিব আৰু ঝাৰখণ্ডবাসী, বিহাৰবাসী ৰাইজ উপকৃত হ’ব। আগতে দেওঘৰ, গোড্ডাকে ধৰি ঝাৰখণ্ডৰ ৰাইজ ভাল চিকিৎসাৰ বাবে কলকাতালৈ যাবলগীয়া হৈছিল। কিন্তু লাহে লাহে অঞ্চলটোত সু-চিকিৎসাৰ এটা ভাল ভেটি নির্মাণ হৈছে। ৰাইজ এতিয়া চিকিৎসাৰ বাবে দেওঘৰলৈ আহিবলৈ আৰম্ভ কৰিব আৰু আধ্যাত্মিক পৰ্যটনৰ কেন্দ্ৰভূমি দেওঘৰ লাহে লাহে চিকিৎসা পর্যটনৰো কেন্দ্ৰবিন্দু হৈ পৰিব। দেশত স্বাস্থ্য আৰু চিকিৎসা শিক্ষাৰ পূৰ্বৰ আৰু বৰ্তমানৰ পৰিস্থিতিৰ তুলনা কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ২০১৪ চনত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত দেশত মেডিকেল কলেজৰ সংখ্যা আছিল ৩৮৭খন। সম্প্রতি দেশত মেডিকেল কলেজৰ সংখ্যা ৮৪৬খনলৈ বৃদ্ধি পালে। ২০১৪ চনলৈকে আমাৰ দেশত প্রতিবছৰে ৫১,৩৮৪ গৰাকী এমবিবিএছ চিকিৎসকৰ সৃষ্টি হৈছিল। বর্তমান দেশত প্ৰতি বছৰে ১,৩৯,৮৬৪ গৰাকী চিকিৎসক সৃষ্টি হয়। সম্প্রতি দেশত ২২খন এইমছ প্রতিষ্ঠা হৈছে। ফলত চিকিৎসকৰ চাহিদা আৰু যোগানৰ মাজত আজি এটা পৰিৱৰ্তন আহিছে। অসমৰ চিকিৎসা শিক্ষা প্রসংগত তেওঁ কয় যে অসমত বিংশ শতিকাৰ পঞ্চাশৰ দশকত প্রথমখন মেডিকেল কলেজ স্থাপন হৈছিল। তাৰ পিছত ষাঠিৰ দশকত দ্বিতীয়খন আৰু সত্তৰৰ দশকত তৃতীয়খন মেডিকেল কলেজ স্থাপন হয়। চাৰে তিনি কোটি জনসংখ্যাৰ অসমত কেৱল তিনিখন মেডিকেল কলেজহে আছিল। প্রতি বছৰে ৩০০গৰাকী চিকিৎসকৰ সৃষ্টি হৈছিল। চিকিৎসকৰ চাহিদা অনুপাতে যোগান পর্যাপ্ত নোহোৱাত অসমত ৰাইজে চিকিৎসা সেৱা পর্যাপ্তভাৱে লাভ কৰা নাছিল। বর্তমান অসমত মেডিকেল কলেজৰ সংখ্যা ১৬খন হ’ল। অহা মাহত বঙাইগাঁও জিলাত মেডিকেল কলেজৰ শুভাৰম্ভ কৰা হ’ব। বর্তমান অসমত প্ৰতি বছৰে ২,২০০ গৰাকী চিকিৎসক সৃষ্টি হয়। অসমত এইমছ আৰু ইএছআইচি মেডিকেল কলেজৰ উপৰি ৩২খন মেডিকেল কলেজ স্থাপনৰ সপোন থকা বুলি মন্তব্য কৰি তেওঁ কয় যে ২০৩১ চনৰ ভিতৰত অসমত ৩০খন মেডিকেল কলেজ হ’ব, ১৬খন ইতিমধ্যে হৈছে আৰু এমবিবিএছ আসনৰ সংখ্যা ৪,০০০খন হ’বগৈ। ইমান বৃহৎসংখ্যক চিকিৎসকক সংস্থাপিত কৰাৰ বাবে অসমৰ ৫ হাজাৰ উপ-স্বাস্থ্যকেন্দ্ৰত দুগৰাকীকৈ চিকিৎসক নিযুক্তি দিয়াৰ বাবে শেহতীয়া ৰাজ্যিক বাজেটত ঘোষণা কৰাৰ কথা তেওঁ উল্লেখ কৰে। অনুষ্ঠানত স্থানীয় সাংসদ নিশিকান্ত ডুবে, বাবা বৈদ্যনাথ মেডিকেল ট্রাষ্টৰ অধ্যক্ষা ড° অনামিকা গৌতম প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
