জীৱনৰ অন্তিম ক্ষণত
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি
গাঁও এখনত এজন বৃদ্ধ মানুহৰ বৃদ্ধ অৱস্থাত পৰি জীৱনৰ অৱসান ঘটে। বৃদ্ধ জনাৰ মৃত্যুৰ লগে লগে তেওঁৰ গোটেই পৰিয়াল বৰ্গৰ লগতে গাঁৱৰ সকলোবোৰ আত্মীয়-সম্বন্ধীয় সকলৰ মাজত শোকৰ ছাঁ পৰে। ইয়াৰ লগে লগে গাঁৱৰ একেবাৰে হেলনীয়াৰ পাত্ৰ হিচাপে ধৰা কিছুমান মানুহে আহি বৃদ্ধা জনাৰ অন্তিম সৎকাৰৰ বাবে লাগতিয়াল যা-যোগান ধৰিবলৈ কোনো মানুহে একো উপদেশ নিদিয়াকৈয়ে নিজে নিজেই ওলাই অহা দেখিবলৈ পোৱা গল। কিন্তু ইয়াৰ বিপৰীতে সমাজৰ এচাম মানুহে মৃত্যুৰ খবৰ পায়ো নিজৰ ঘৰুৱা ব্যস্ততা মাত্ৰ কিছুপৰ সময়ৰ বাবেও পৰিত্যাগ কৰি বৃদ্ধা জনাৰ জীৱনৰ অন্তিম ক্ষণত সহভাগি হৈ ওলাই আহিবলৈ ইচ্ছা প্ৰকাশ নকৰিলে। আচলতে স্বাৰ্থপৰ সমাজে যিবোৰ মানুহক পৰাপক্ষত মানুহ হিচাপে গণ্য কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে তেনেকুৱা ধৰণৰ মানুহে,মানুহৰ বিপদৰ সময়ত প্ৰথমে আগুৱাই অহা দেখা যায়। বৰ্তমান সময়ত অৰ্থৰ ব্যয় কৰাৰ ফলতো শাৰীৰিক পৰিশ্ৰম কৰা মানুহৰ সংখ্যা দিনক দিনে কমি অহাৰ সময়তো সমাজৰ হেলনীয়া হিচাপে ধৰা এচাম মানুহে নিজা জীৱনৰ ব্যস্ততা পৰিত্যাগ কৰি যিকোনো মানুহৰ অন্তিম সৎকাৰৰ সময়ত উঠি-পৰি সহযোগ কৰি থকা সকলোবোৰ ঠাইতে পৰিলক্ষিত হয়। সংসাৰত জন্ম গ্ৰহণ কৰি এজন মানুহক মানুহ হিচাপে গণ্য কৰিবলৈ শিকক। কাৰণ আমি কোনো ইয়াত চিৰস্থায়ী নহয়। জীৱনৰ ব্যস্ততাৰ মাজতো অইন কিবা নহলেও মানুহৰ মৃত্যুৰ ক্ষণত সহভাগি হবলৈ অগ্ৰসৰ হওক। কাৰণ যিমানেই আত্ম-অহংকাৰ পতিত হলেও আমাৰ অন্তিম বিশ্ৰামৰ বিছনা মৰিশালি।
