প্ৰিয় নাৰী গৰাকী – মেৰী বৰদলৈ

Pc StockCake

প্ৰিয় নাৰী গৰাকী

মেৰী বৰদলৈ
নগাঁও ফুলগুৰি

আপুনিয়ে মোৰ
প্ৰিয় নাৰী
জানো ভালকৈ
স্পষ্টবাদীতা আপোনাৰ
অনন্য এক সুকীয়া
পৰিচয়,

হে প্ৰিয় নাৰী
আপোনালৈ
শতকৌটি প্ৰণাম
জনালোঁ
যুগে যুগে
যুগজিতাহৈ
জিলিকি থাকক
সেউজীয়াৰ সেউজ
কোমল পাতত,

মন ভৰে
আপোনাৰ সুৱদী কোমল
দৰদী কণ্ঠত

হে প্ৰিয় নাৰী
আপুনিয়েই জানো নহয়
সেই সৃষ্টিৰূপা
আপুনিয়েই জানো নহয়
অনন্যা বিশ্বৰূপা
কেনেকৈ কৰোঁ আজি
আপোনাৰ গুণৰ বৰ্ণনা
ৰৌদ্ৰোজ্বল আকাশত
জিলিকি উঠা
আপুনিয়েই নহয় জানো
মোৰ প্ৰিয়
সকলোৰে আদৰৰ
নাম যাৰ
পুস্পলতা,পুস্পলতা,পুস্পলতা!