শালীনতাৰ দীক্ষা – টোলন তাছা

Pc Unsplash

শালীনতাৰ দীক্ষা

টোলন তাছা
চিকনি বৰহোলা,নগাঁও

প্ৰকৃতিৰ সুন্দৰ সৃষ্টি লাজ আৰু লাৱণ্য,
শালীনতাৰ আৱৰণে জীৱশ্ৰেষ্ঠ মানুহক কৰে ধন্য।
পিছে জন্ম-মৃত্যুৰ নগ্নতা জীৱনৰ চিৰসত্য নিয়ম
কিন্তু ডলাৰৰ আশাত সামাজিক মাধ্যম এতিয়া ,
বিবেকহীনসকলৰ বাবে নগ্নতাৰ নতুন প্লেটফৰ্ম ।

ডিজিটেল ধুমুহাত হেৰাইছে এচামৰ স্বাভিমান,
দেহাৰ প্ৰদৰ্শনেৰে সিহঁতে দিছে মাথো যৌনতাৰ জ্ঞান।
এনেদৰে যদিহে বিয়পি থাকে শালীনতাৰ দীক্ষা!
উঠি অহা প্ৰজন্মই লভিব কেনেনো শিক্ষা,
সিহঁঁতৰ মাজত কিয়নো নহ’ব চূড়ান্ত বিশৃংখলতা !

পৰিয়াল বা সমাজে কুম্ভকৰ্ণৰ দৰে শুই থাকিলে

অপৈণত প্ৰজন্মই কৰিব দেহাৰ মুকলি বেহা।
তল পৰিব বিদ্যালয় শিক্ষা হেৰাই যাব সংযমৰ সীমা
কোনে শিকাব ৰূপতকৈ গুণহে উৎকৃষ্ট অলংকাৰ,
কোনে পোহৰাব সমাজক আঁঁতৰাই অজ্ঞানতাৰ আন্ধকাৰ ?

চিৰদিনলৈ লুপ্ত হওঁক বিজতৰীয়া সংস্কৃতিৰ ছাঁ
পাৰম্পৰিক সাজেৰে জিলিকি উঠক জীৱনৰ বাটচ’ৰা
বল্কল পিন্ধা দিনবোৰ ইতিহাসৰ পৃষ্ঠাতে হওঁক সোৱঁৰণী
শালীনতাৰ জ্যোতিৰে উজলি উঠক হৃদয়ৰ সৌন্দৰ্য
সৰ্বত্ৰে প্ৰতিধ্বনিত হওঁক আপোন সংস্কৃতিৰ বাণী ।