কিতাপ পঢ়াৰ অভ্যাস, লিখাৰ মাদকতা আৰু শব্দৰ অমৰত্ব
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
কিতাপ পঢ়া কেনেকুৱা এটা অভ্যাস? এই প্ৰশ্নটোৰ উত্তৰ মানুহভেদে বেলেগ বেলেগ হ’ব পাৰে। আচলতে আমি যেতিয়া স্কুল বা কলেজত পঢ়ি আছিলোঁ, আমাৰ একমাত্ৰ লক্ষ্য আছিল পাঠ্যক্ৰমৰ কিতাপসমূহ সোনকালে পঢ়ি শেষ কৰা, পৰীক্ষা দিয়া আৰু এটা ভাল ফলাফল দেখুওৱা। সেই সময়ত আমাৰ বাবে ‘পঢ়া’ মানেই আছিল কেৱল পৰীক্ষাৰ বাবে সাজু হোৱা। আজৰি সময়ত কেতিয়াবা হয়তো মনোৰঞ্জন বা সময় পাৰ কৰিবলৈ বাতৰি কাকত বা আলোচনী একোখন পঢ়া হৈছিল, কিন্তু তাক কোনো গভীৰ জ্ঞান অৰ্জনৰ উদ্দেশ্যে কৰা হোৱা নাছিল।
অৱশ্যে সকলোৰে ক্ষেত্ৰত এই কথাটো নিমিলে। কিছুমানৰ আকৌ নিজৰ পাঠ্যক্ৰমৰ উপৰিও অন্য বহুতো বিষয়ৰ কিতাপ পঢ়া, কিতাপ কিনা বা বিভিন্ন লাইব্ৰেৰীলৈ গৈ পঢ়াৰ এক সুকীয়া নিচা থাকে। তেওঁলোকৰ বাবে পঢ়াটো কেৱল পৰীক্ষাৰ মাধ্যম নহয়, বৰঞ্চ এক আত্মিক খোৰাক।
মোৰ নিজৰ ধাৰণা এই যে, পঢ়িবলৈ বহুত ধৈৰ্য্যৰ প্ৰয়োজন হয়। আনকি মোৰ মতে, লিখিবলৈ যিমান সহজ, পঢ়িবলৈ তাতকৈ বহু বেছি টান। অন্য এজন মানুহে লিখা কথাবোৰ পঢ়ি, তাৰ পৰা বিভিন্ন জ্ঞান বুটলি, আকৌ তাৰ ওপৰত ভিত্তি কৰি নতুনকৈ কিবা এটা লিখাটো অতিশয় জটিল প্ৰক্ৰিয়া। তাৰ বিপৰীতে, নিজৰ বাস্তৱ অভিজ্ঞতা আৰু নিজৰ মনৰ ধাৰণাক ভিত্তি কৰি লিখাটো বৰ বেছি কঠিন নহয়। বৰঞ্চ নিজৰ অনুভৱক কলমৰূপ দিয়াৰ যি মাদকতা, সেয়া অত্যন্ত আনন্দদায়ক।
পৰিতাপৰ কথা যে, বহুতো মানুহৰ পঢ়া বা লিখাৰ এই নিচাটো কেৱল স্কুল-কলেজৰ দিনতেই সমাপ্ত হৈ পৰে। যিজনে স্কুলীয়া বা কলেজীয়া দিনবোৰত অতি সুন্দৰকৈ লিখা-মেলা কৰিছিল, সময়ৰ সোঁতত তেওঁলোকৰ সেই মানসিকতা ক’ৰবাত হেৰাই যায়। জীৱনৰ কৰ্মব্যস্ততা বা বিভিন্ন জটিল পৰিস্থিতিৰ বাবে তেওঁলোকৰ সৃষ্টিশীলতা থমকি ৰয়। কিন্তু ইয়াৰ মাজতো কিছুমান ব্যতিক্ৰমী মানুহ থাকে। হাজাৰ কৰ্মৰ তাগিদা বা প্ৰতিকূল পৰিস্থিতিয়েও তেওঁলোকৰ কলমৰ গতি কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে। লেখক হোৱাৰ যাত্ৰাটো যদিও বহু ক্ষেত্ৰত জটিল, তথাপিও নিয়মিত লিখাৰ অভ্যাস কৰিলে ই লাহে লাহে মানুহৰ স্বভাৱত পৰিণত হয়। কিন্তু কিতাপ পঢ়াৰ যি গভীৰ অভ্যাস, সেয়া ইমান সহজে গঢ়ি নুঠে।
ইয়াৰ লগতে নিজৰ লিখাবোৰ সযতনে সংৰক্ষণ কৰি ৰখাটোও এটা অতি ভাল অভ্যাস। নিজৰ সৃষ্টিসমূহ যদি কেতিয়াবা বাতৰি কাকত, আলোচনী বা বিভিন্ন স্মৃতিগ্ৰন্থত প্ৰকাশ পায়, তেন্তে সেইবোৰ জীৱনৰ বাবে একো একোটা মিঠা আৰু উৎসাহজনক স্মৃতি হৈ পৰে। ইয়াৰ জৰিয়তে লিখনীসমূহে সমাজত এখন ধুনীয়া আসন বা স্বীকৃতিও লাভ কৰে। লিখাবোৰ হয়তো খুব উচ্চ পৰ্যায়ৰ সাহিত্য বা বহুত উচ্চ মানদণ্ডৰ নহ’বও পাৰে, তথাপিও নিজৰ এই লিখা অভ্যাসটো সদায় ধৰি ৰাখিব লাগে। কাৰণ, যিকোনো লিখনিত আটাইতকৈ জৰুৰী কথাটো হৈছে— ‘আত্মসন্তুষ্টি’। কিবা এটা লিখাৰ পিছত প্ৰথমতে সেই লিখনীটোক নিজৰ অন্তৰ আত্মাই পছন্দ কৰিব লাগিব। যেতিয়া নিজৰ মনটোৱে সেই লিখনিৰ মাজত আনন্দ বিচাৰি পাব, তাৰ পিছতহে ই আন এজন পাঠকৰ ৰুছিবোধৰ বিষয় হৈ পৰিব পাৰে।
জীৱনৰ যিকোনো মুহূৰ্ততে অলপ হ’লেও আজৰি সময় পালে আমি সকলোৱে অলপ লিখাৰ অভ্যাস কৰা উচিত। কাৰণ নিজৰ লিখনী হৈছে নিজৰ আত্মাৰ একো একোখন লিখিত দলিল। আমাৰ এই শৰীৰটো এদিন নোহোৱা হৈ যাব, কিন্তু এই লিখিত হৈ থকা শব্দবোৰ, এই লিপিকাবোৰ সদায় জীয়াই থাকিব। মনৰ ভাল-বেয়া অভিজ্ঞতা বা বাস্তৱ জীৱনৰ হাঁহি-কান্দোনবোৰক হৃদয়ত অংকন কৰি যেতিয়া কবিতা, প্ৰবন্ধ, গল্প বা অন্য কিবা সাহিত্যৰ ৰূপত শব্দ-লিপি সজাই যোৱা হয়, তেতিয়াই সেই লিখনীবোৰে প্ৰকৃত প্ৰাণ পাই উঠে।
সেয়েহে, সময়, সুবিধা আৰু পৰিস্থিতি সাপেক্ষে মই সদায় লিখি যোৱাৰ এক দৃঢ় প্ৰতিজ্ঞা বুকুত বান্ধিছোঁ আৰু এই প্ৰয়াস মই সদায় কৰি যাম। মোৰ এই লিখনী সমাজত কিমান গ্ৰহণযোগ্য হ’ব— সেয়া মোৰ প্ৰথম বিচাৰ্য বা চিন্তাৰ বিষয় নহয়। বৰঞ্চ মোৰ লিখনী বা কবিতাটি যে মোৰ অন্তৰ আত্মাৰ গভীৰৰ পৰা নিগৰি ওলাইছে আৰু সি যে সম্পূৰ্ণ বাস্তৱসন্মত হৈছে, তাৰ মাজতেই মই মোৰ আচল আনন্দ আৰু সাৰ্থকতা বিচাৰি পাওঁ।
